ৰাজ্যৰ আন্তঃগাঁথনি অধিক সুদৃঢ় কৰি তোলাৰ সমান্তৰালকৈ যাতায়াতৰ ক্ষেত্রত চমু পথ সৃষ্টি কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গ্রহণ কৰিছে এক বিশেষ পদক্ষেপ৷ আজি বিধানসভাত চৰকাৰৰ এলানি অভিলাষী আঁচনিৰ কথা ঘোষণা কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে প্রতিটো সমষ্টিতে চমু পথ নির্মাণৰ ক্ষেত্রত এই চৰকাৰে সর্বাধিক গুৰুত্ব দিছে৷ যাতায়াত তথা যোগাযোগৰ ক্ষেত্রত চৰকাৰে গ্রহণ কৰা এই পদক্ষেপৰ জৰিয়তে মুখ্যতঃ চাৰিটা অভিলাষী আঁচনিৰ কার্যকৰী কৰাৰ দিশত পদক্ষেপ লৈছে ৰাজ্য চৰকাৰে৷ বিধানসভাত বুধবাৰে লোকনির্মাণ বিভাগৰ দাবী মঞ্জুৰী কর্তন প্রস্তাৱৰ উত্তৰ প্রদান কৰি মুখ্যমন্ত্রীগৰাকীয়ে এই অভিলাষী আঁচনি চাৰিটাৰ বিস্তৃত ব্যাখ্যা দাঙি ধৰি কয়– বর্তমান সকলো ক্ষেত্রতে যোগাযোগ চমু কৰি অনাৰ এক প্রস্তুতি আৰম্ভ হৈছে৷
Also Read: CM Sarma gets emotional after visiting his school in Jorhat
এই লক্ষ্যৰে চাৰি হাজাৰ কোটি টকা ব্যয় সাপেক্ষে পলাশবাৰীৰ পৰা ব্রহ্মপুত্রৰ ওপৰেৰে শুৱালকুছিলৈ দলং নির্মাণৰ প্রাক্কলন আৰম্ভ হৈছে৷ গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰৰ পৰা এজন লোকে যদি নামনি অসমৰ নলবাৰী–বৰপেটালৈ যাব বিচাৰে, তেন্তে তেওঁ আমিনগাঁও হৈ নামনি অসমলৈ গতি কৰিব লাগে৷ যদি পলাশবাৰী–শুৱালকুছ্ দলংখন নির্মাণ হয়, তেন্তে আমিনগাঁৱলৈ নাহি অতি চমু কৰি তেওঁ নামনি অসমলৈ যাব পাৰিব৷ এয়া এক প্রস্তুতি৷ একেদৰে আন এক আঁচনি আমি কার্যকৰী কৰাৰ প্রস্তুতি চলাইছোঁ৷ সেয়া হ’ল কাজিৰঙাৰ ৩৫ কিলোমিটাৰ পথত এলিভেটেড্ কৰিড’ৰ নির্মাণ কৰা৷ প্রতিটো বাৰিষাতে কাজিৰঙাত বহু জীৱ–জন্তু গাড়ীৰ খুন্দাত মৃত্যু হয়৷ ব্যস্ততাপূর্ণ এই পথটোত যদি এলিভেটেড্ ফ্লাই’ভাৰ এখন নির্মাণ কৰা হয়, তেন্তে জীৱ–জন্তুৰ গাড়ীৰ খুন্দাত মৃত্যু নহয় আৰু ওপৰেৰে কোনো সমস্যা নোহোৱাকৈ যাতায়াত চলি থাকিব৷ এই বিষয়টোক লৈ ইতিমধ্যে কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী নীতিক গাডকাৰিৰ সৈতে কালি নতুন দিল্লীত যথেষ্ট আলোচনা হৈছে৷
Also Read: Night View of Taj Mahal to Reopen from August 21
অসমৰ সাংসদসকলৰ সৈতে কালি কেন্দ্রীয় মন্ত্রীগৰাকীক সাক্ষাৎ কৰা সময়ত এই বিষয়টো উল্লেখ কৰা হৈছে৷ সেয়াই নহয়, ইষ্ট–ৱেষ্ট কৰিড’ৰৰ জৰিয়তে লামডিঙৰ পৰা শিলচৰক সংযোগ কৰাৰ বাবে ইতিমধ্যে প্রাৰম্ভিক কাম–কাজ আৰম্ভ কৰা হৈছে৷ বৰাক উপত্যকাৰ সাধাৰণ ৰাইজক এই পথটোৱে যথেষ্ট উপকৃত কৰিব৷ বর্তমান মেঘালয়েৰে অসমলৈ অহা বৰাকবাসীয়ে যাতায়াতৰ ক্ষেত্রত যথেষ্ট আহুকালৰ সন্মুখীন হয়৷ ৪৫.৫ কিলোমিটাৰ দৈর্ঘ্যৰ এই কৰিড’ৰ নির্মাণৰ বাবে আৱশ্যক হোৱা ১,৮২৩ কোটি টকা আবণ্টন দিয়াৰ বাবে আশ্বাস দিছে কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰিয়ে৷ কার্যতঃ এই ব্যৱস্থাই অসমৰ যোগাযোগৰ ক্ষেত্রত ব্যাপক পৰিৱর্তন অনাৰ লগতে অন্যান্য দিশতো বিকাশ সম্ভৱ হ’ব৷
মুখ্যমন্ত্রীয়ে এই প্রসংগতে কয় যে মিছাৰ পৰা তেজপুৰলৈ অটল সুৰংগৰ আর্হিত এটা সুৰংগ নির্মাণৰ বাবে ভাৰতীয় সেনাবাহিনীয়ে প্রতিৰক্ষা মন্ত্রালয়ৰ ওচৰত এক প্রস্তাৱ দিছে৷ তেওঁ কয়– চীনে ভাৰতৰ সীমান্তলৈ আহিবলৈ ৫টা পথ আছে৷ ইয়াৰ বিপৰীতে অসমে তেজপুৰ হৈ ব’মডিলালৈ যোৱা একমাত্র পথটোহে আছে৷ যদি চীনে আক্রমণ কৰি কলিয়াভোমোৰা দলং ধ্বংস কৰে, তেন্তে যোগাযোগৰ ক্ষেত্রত উদ্ভৱ হ’ব পৰা জটিলতাৰ বাবে সেনাবাহিনীয়ে মিছাৰ পৰা ব্রহ্মপুত্রৰ তলেৰে তেজপুৰলৈ এক সুৰংগ নির্মাণৰ কথা প্রতিৰক্ষা মন্ত্রালয়ৰ ওচৰত দাঙি ধৰিছে৷ অসম চৰকাৰকো এই সুৰংগ নির্মাণৰ বাবে কেন্দ্রীয় চৰকাৰক হেঁচা দিবলৈ ভাৰতীয় সেনাই অনুৰোধ কৰিছে৷ বিষয়টো জটিল যদিও জম্মুত অটল সুৰংগ নির্মাণ হৈ যোৱাৰ পাছত আমাৰ বাবে এয়া এতিয়া সাধাৰণ কথা৷ ভাৰতীয় সেনাই এই সুৰংগ নির্মাণ কৰিলে পৰৱর্তী সময়ত এই আর্হিৰে আন দুটা সুৰংগও বনাব পৰা যাব৷
Also Read: KMB organizes cleanliness drive as part of Independence Day celebration