peepl-small

১০জন অখিল গগৈ, ১০জন গৌৰৱ গগৈ, ১০জন ৰিপুন বৰায়ো মোক হৰুৱাব নোৱাৰেঃ ৰূপজ্যোতি কুৰ্মী

PUBLISHED:

গুৱাহাটীঃ “দহজন অখিল গগৈ, দহজন গৌৰৱ গগৈ, দহজন ৰকিবুল হুছেইন বা দহজন ৰিপুণ বৰায়ো মোক হৰুৱাব নোৱাৰে।”
এই দাবী মৰিয়নীৰ সদ্যপদত্যাগী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ।
কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা ৰূপজ্যোতি কুৰ্মীক উপ নিৰ্বাচনত জিকিবলৈ দিয়া নহ’ব বুলি অখিল গগৈৰ হুংকাৰৰ বিপৰীতে নিজৰ বিজয় নিশ্চিত বুলি দাবী কৰে কুৰ্মীয়ে।
“সমষ্টিৰ ৰাইজৰ গৰিষ্ঠসংখ্যকে মোক ভোট দি আহিছে, এইবাৰো দিব। সেইবাবে মই ভাবিছোঁ মই জয়ী হ’ম।” — এনেদৰে প্ৰকাশ কৰে সততে চৰ্চাত থকা প্ৰাক্তন বিধায়কগৰাকীয়ে।
আনহাতে তেওঁক একাংশই দুষ্ট বুলি ভাবে যদিও তেওঁ প্ৰকৃততে মৰমিয়াল বুলি দাবী কৰে কুৰ্মীয়ে।
ভেদাভেদ নকৰাকৈ সদায় ৰাইজক সহায় কৰি আহিছে বুলি প্ৰকাশ কৰে ৰূপজ্যোতি কুৰ্মীয়ে।

RELATED ARTICLES