peepl-small

মেট্ৰিক, উচ্চতৰ মাধ্যমিকৰ মূল্যায়নক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া

PUBLISHED:

গুৱাহাটীঃ হাইস্কুল শিক্ষান্ত পৰীক্ষা, হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ মূল্যায়ন সন্দৰ্ভত প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

তেওঁ কয় যে কেৱল টেটৰ বাবে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ নম্বৰ গণনা কৰা হয়। ইয়াৰ ফলত এই বৰ্ষৰ শিক্ষাৰ্থীৰ লগত আন বৰ্ষৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱাত সমস্যাৰ সৃষ্টি হ’ব। কিয়নো এইবাৰৰ শিক্ষাৰ্থীসকলে ৯০-৯৫ বা এশ পৰ্যন্ত নম্বৰ পাব পাৰে।

“আমি এইবাৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ কথাও চাব লাগিব। পাছ কৰি নিবনুৱা হৈ থকা আৰু অহাবাৰ যিসকলে পৰীক্ষা দিব তেওঁলোকৰ কথাও চাব লাগিব।”- এনেদৰে কয় মুখ্যমন্ত্ৰীয়ে।

ড০ শৰ্মাই কয় যে এই মাৰ্কশ্বিটৰ জৰিয়তে সকলো চাকৰিয়েই পাব। মাত্ৰ টেটৰ ক্ষেত্ৰতহে মেট্ৰিকৰ নম্বৰ গণ্য কৰা হয়।

RELATED ARTICLES