গুৱাহাটী: অসমত অহা ২১ জুনৰ পৰা আৰম্ভ হ’বলগীয়া বিস্তাৰিত টিকাকৰণ অভিযানৰ প্রস্তুতিৰ শুকুৰবাৰে পর্যালোচনা কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ পর্যালোচনা কালত ২১ জুনৰ পৰা ৩০ জুনলৈকে দৈনিক ৩ লাখ প্রতিষেধক প্রদানৰ লক্ষ্যত উপনীত হোৱাৰ বাবে অভিযান আকাৰে কাম কৰিবলৈ মুখ্যমন্ত্রী ড০ শর্মাই স্বাস্থ্য বিভাগক নির্দেশ দিছে৷
লগতে বর্ধিত টিকাকৰণ সুনিশ্চিত কৰাৰ বাবে প্রতিখন জিলাৰ অভিভাৱক মন্ত্রী–সচিবসকলক সংশ্লিষ্ট জিলাসমূহ ভ্রমণ কৰিবলৈ নির্দেশ দিছে মুখ্যমন্ত্রী ড০ শর্মাই৷ এই অভিযানৰ অধীনত চাহ বাগিচা অঞ্চলসমূহৰ দৰে স্পর্শকাতৰ এলেকাসমূহক সামৰি ল’বলৈ তেওঁ স্বাস্থ্য বিভাগক নির্দেশ দিয়ে৷
উল্লেখ্য যে অহা ২১ জুনৰ পৰা কেন্দ্রীয় চৰকাৰে প্রতিগৰাকী প্রাপ্তবয়স্ক লোককে বিনামূলীয়াকৈ টিকাকৰণৰ সুবিধা আগবঢ়াব৷ কেন্দ্রীয় চৰকাৰে এতিয়া ভেকচিন উৎপাদকসকলৰ পৰা মুঠ উৎপাদনৰ ৭৫ শতাংশ ক্রয় কৰি ৰাজ্যসমূহক বিনামূলীয়াকৈ যোগান ধৰিব৷ এই পদক্ষেপৰ অধীনত অহা কিছুদিনৰ বাবে অসমে ১১ লাখ ভেকচিন লাভ কৰিব৷ দৈনিক টিকাকৰণৰ লক্ষ্যত উপনীত হোৱাৰ বাবে অসমে এই বৃহৎ অভিযানত উৎকৃষ্ট প্রদর্শন আগবঢ়াবই লাগিব বুলি উল্লেখ কৰি এইক্ষেত্রত দেখা দিব পৰা অসুবিধাসমূহ চিনাক্ত কৰি তাক দূৰ কৰাৰ বাবে পৰৱর্তী দিন দুটাত উপায়ুক্তসকলৰ সৈতে নিয়মীয়াভাৱে ভিডিঅ’ কনফাৰেঞ্চত মিলিত হ’বলৈও স্বাস্থ্য বিভাগক মুখ্যমন্ত্রী ড০ শর্মাই নির্দেশ দিয়ে৷
এই বৈঠকত স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত, মুখ্যমন্ত্রীৰ প্রধান সচিব সমীৰ কুমাৰ সিনহা, স্বাস্থ্য বিভাগৰ প্রধান সচিব অনুৰাগ গোৱেল, ৰাষ্ট্রীয় স্বাস্থ্য মিছন, অসমৰ অভিযান সঞ্চালক লক্ষ্মণন এছৰ লগতে অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে৷