peepl-small

এদিনতে ১৮টা গোচৰ ৰুজু গ্রেপ্তাৰ ৩৩জন ড্রাগ্ছ সৰবৰাহকাৰীক

PUBLISHED:

গুৱাহাটী:  ড্রাগ্ছৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশৰ পিছতে অসম আৰক্ষীয়ে ড্রাগ্ছ ব্যৱসায়ী চক্রক উৎখাতৰ বাবে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে৷ মঙলবাৰৰ দিনটোত অসম আৰক্ষীয়ে অভিযান চলাই ৰাজ্যৰ বিভিন্ন থানাত ১৮টা গোচৰ ৰুজু কৰাৰ বিপৰীতে ৩৩জন লোকক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

আৰক্ষীৰ অভিযানত ১৮০.৯৫ গ্রাম হেৰ’ইন, ২৮.১৪ কেজি গাঞ্জা, ১০০০ নিচাজাতীয় টেবলেট, ৫০ বটল কফ ছিৰাপ আৰু ১,৩,৬২০ টকা নগদ ধন জব্দ কৰিবলৈ সক্ষম হয়৷ গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানতো মহানগৰ আৰক্ষী আৰু অপৰাধ শাখাই যুটীয়াভাৱে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্রাগ্ছ–গাঞ্জাসহ কেইবাজনো ড্রাগ্ছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিছে৷ হাতীগাঁও আৰক্ষীয়েও ড্রাগ্ছবিৰোধী অভিযান চলাই বৃহৎ পৰিমাণৰ ড্রাগ্ছসহ মহম্মদ ইতচাটিক আনছাৰি, আচিফুদ্দিন আহমেদক হাতীগাঁও আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷

ম্যানমাৰৰ পৰা মণিপুৰ–নাগালেণ্ড হৈ গুৱাহাটীলৈ ড্রাগ্ছ সৰবৰাহ কৰা আন্তঃৰাষ্ট্রীয় ড্রাগ্ছ সৰবৰাহকাৰী চক্রটোৰ সদস্যই গুৱাহাটীত বাহৰ পাতি ড্রাগ্ছৰ বেহা চলাই থকাৰ তথ্য পোহৰলৈ আহিছে৷ কেইদিনমান পূর্বে দিছপুৰ থানাৰ আৰক্ষীয়ে ছয়মাইলত অভিযান চলাই ড্রাগ্ছসহ ৪জন মণিপুৰৰ লোকক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল৷

গুৱাহাটীত মহানগৰ আৰক্ষীয়ে ড্রাগ্ছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰখাৰ লগতে ড্রাগ্ছৰ সাম্রাজ্যখনত মোক্ষম আঘাত হানিছে৷ মহানগৰ আৰক্ষীৰ এক শীর্ষসূত্রই সদৰী কৰা তথ্য অনুসৰি, এতিয়াও মহানগৰীৰ হাতীগাঁৱকে ধৰি কেইবাটাও স্থানৰ গোপন ঘাটিত কোটি কোটি টকাৰ ড্রাগ্ছজাতীয় সামগ্রী মজুত কৰি ৰাখিছে ড্রাগ্ছ ব্যৱসায়ী চক্রটোৱে৷

আৰক্ষী সূত্রটোৱে সদৰী কৰা তথ্য অনুসৰি, হাতীগাঁৱৰ সিজুবাৰীত ৰাহুল, নটবমাত লাবলু, মাছকাটাত ছানী আৰু খানকাত ৰাজুৱে দীর্ঘদিন ধৰি ড্রাগ্ছজাতীয় সামগ্রীৰ ৰমৰমীয়া বেহা চলাই আহিছে৷ হাতীগাঁৱৰ এই ড্রাগ্ছ ব্যৱসায়ীকেইজনৰ ছত্রছায়াতে সিজুবাৰী আৰু খানকাৰ গোপন ঘাটিত এতিয়াও কোটি কোটি টকাৰ ড্রাগ্ছজাতীয় সামগ্রী মজুত কৰি ৰাখিছে৷

অৱশ্যে আৰক্ষীয়ে হাতীগাঁৱত ড্রাগ্ছৰ বেহা চলোৱা চক্রটোৰ বহু তথ্য লাভ কৰিছে৷ শীঘ্রে হাতীগাঁৱৰ ড্রাগ্ছৰ গোপন ঘাটিত মহানগৰ আৰক্ষীয়ে অভিযান চলোৱাৰ সম্ভাৱনা আছে৷ ইফালে, আজি মহানগৰ আৰক্ষী অপৰাধ শাখাই পল্টন বজাৰ ২নং ৰে’লগেটত অভিযান চলাই ড্রাগ্ছসহ মজিৰুণ বেগম নামৰ এগৰাকী মহিলাক গ্রেপ্তাৰ কৰে৷ ধৃত মহিলাগৰাকীৰ পৰা বৃহৎ পৰিমাণৰ ড্রাগ্ছৰ লগতে ৩ শতাধিক খালী কণ্টেইনাৰ জব্দ কৰে৷ আনহাতে চানমাৰি আৰক্ষীয়ে ভাস্কৰ নগৰত অভিযান চলাই ৯.৩৩ গ্রাম হেৰ’ইনসহ ছাদ্দাম হুছেইন নামৰ ড্রাগ্ছ ব্যৱসায়ীজনক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

RELATED ARTICLES