গুৱাহাটী: ক’ভিড পৰিস্থিতি নিয়ন্ত্রণলৈ অনাৰ বাবে সোমবাৰৰে পৰা উজনি অসম আৰু উত্তৰ অসমৰ জিলাসমূহলৈ গৈ ক্ষেত্রভিত্তিক পর্যালোচনা কৰিছে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই৷ কালি তিনিচুকীয়া–ডিব্রুগড় জিলালৈ গৈ জিলাকেইখনৰ ক’ভিড পৰিস্থিতি অধ্যয়নৰ পিছত আজি তেওঁ লখিমপুৰ–গহপুৰ– ক’ভিড পৰিস্থিতি পর্যালোচনা কৰে৷
মঙলবাৰে তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে ক’ভিড নিয়ন্ত্রণৰ দায়িত্বত থকা কোনোবাই দায়িত্ব পালন নকৰিলে তেওঁলোকৰ বিৰুদ্ধে বিভাগে ব্যৱস্থা গ্রহণ কৰিব৷ ক’ভিড নিয়ন্ত্রণৰ ক্ষেত্রত প্রত্যাহ্বান অহাৰ বাবেই তেওঁ প্রত্যেকখন জিলালৈ গৈ পর্যালোচনা কৰিবলগীয়া হোৱাৰ কথা উল্লেখ কৰি কয় যে য’তেই যি অসুবিধা আহিছে, সেই অসুবিধা দূৰ কৰাৰ ব্যৱস্থা কৰা হৈছে৷ কোনো লোকৰ ক’ভিড পজিটিভ হ’লেই চৰকাৰৰ তত্ত্বাৱধানত, চৰকাৰৰ নিয়ন্ত্রণত সকলো ধৰণৰ চিকিৎসা বিনামূলীয়াকৈ প্রদান কৰা হ’ব৷ এইক্ষেত্রত জনসাধাৰণ নিশ্চিত থাকিব পাৰে৷ ক’ভিডৰ সংক্রমণ ৰোধৰ বাবে চৰকাৰে ক’ভিডৰ শৃংখল ভাঙিব বিচাৰিছে৷ তাৰ বাবেই ব্যাপক হাৰত ক’ভিডৰ পৰীক্ষা কৰোৱাৰ লগতে আন্তঃজিলা যাতায়াত বন্ধ, সান্ধ্য আইন বলৱৎ, সামাজিক দূৰত্ব মানি চলাকে ধৰি বহু পদক্ষেপ গ্রহণ কৰিবলগীয়া হৈছে৷ এনেধৰণৰ কঠোৰ পদক্ষেপ গ্রহণ কৰাৰ বাবেই সংক্রমণৰ হাৰ কমি আহিছে৷
ভেকচিনৰ প্রসংগত তেওঁ কয় যে ভেকচিনৰ বিষয়টো কেন্দ্রই নিয়ন্ত্রণ কৰে৷ ৰাজ্য চৰকাৰে টকা–পইচা থাকিলেই ভেকচিন দিব নোৱাৰে৷ ভেকচিনৰ বাবে অসম চৰকাৰে ইতিমধ্যে উৎপাদনকাৰী কোম্পানীক আগধন জমা দিছে৷ ৰাজ্যখনত এতিয়াও ভেকচিন দিয়া বন্ধ হোৱা নাই৷ ভেকচিন দিয়াৰ পৰিমাণহে কমিছে৷ জুন মাহৰ প্রথম সপ্তাহৰ পৰা ভেকচিনৰ সৰবৰাহ বৃদ্ধি পাব৷ মন্ত্রী মহন্তৰ মতে, জুনৰ দ্বিতীয় সপ্তাহৰ পৰা ভেকচিনৰ অভাৱ আঁতৰিব৷
ইপিনে স্বাস্থ্যমন্ত্রী মহন্তই কালি লখিমপুৰ মেডিকেল কলেজ হাস্পতালখন পৰিদর্শন কৰে৷ এই পৰিদর্শনকালতেই মন্ত্রী মহন্তই মেডিকেল কলেজখনত ভাইৰ’ল’জী লেবৰেটৰীটোৰ শুভাৰম্ভ কৰে৷ তদুপৰি তেওঁ ক’ভিড ৱার্ডো পৰিদর্শন কৰি চিকিৎসা সেৱাৰ বুজ লয়৷ ইয়াৰ পিছতেই জিলা উপায়ুক্তৰ কার্যালয়ৰ সভাকক্ষত জিলাখনৰ ক’ভিড পৰিস্থিতি সম্পর্কত এখন পর্যালোচনা বৈঠকত মিলিত হয়৷ পর্যালোচনা বৈঠকখনত লখিমপুৰৰ সাংসদ প্রদান বৰুৱা, লখিমপুৰৰ বিধায়ক মানৱ ডেকা আদিও উপস্থিত থাকে৷ সেই বৈঠকতে মেডিকেল কলেজখনৰ অধীক্ষকে তেওঁলোকৰ তাত মাত্র ৬টাহে আইচিইউ থকাৰ বিষয়ে উল্লেখ কৰে৷ স্বাস্থ্যমন্ত্রী মহন্তই ১৫ দিনৰ ভিতৰত আৰু ২০খন আইচিইউ বিছনা নির্মাণৰ লগতে ৪০খন অক্সিজেনযুক্ত বিছনা সংস্থাপনৰ নির্দেশ দিয়ে৷