peepl-small

বায়ু সেনাৰ বিমানঃ বৰঝাৰলৈ আহিল ৫০০টা অক্সিজেন চিলিণ্ডাৰ

PUBLISHED:

গুৱাহাটী: অক্সিজেনৰ নাটনিৰ জোৰা মাৰিবৰ বাবে দেশৰ আন ৰাজ্যৰ দৰে অসমলৈও কেন্দ্রীয় চৰকাৰে ৰে’ল আৰু বিমানেৰে অক্সিজেন যোগান ধৰাৰ ব্যৱস্থা গ্রহণ কৰিছে৷ শনিবাৰে    বিয়লি ভাৰতীয় বায়ুসেনাৰ এখন বিশেষ বিমান ৫০০টা অক্সিজেন চিলিণ্ডাৰ লৈ প্রথমবাৰৰ বাবে বৰঝাৰ বিমানবন্দৰত উপস্থিত হয়৷ বিমানখন বৰঝাৰৰ ভাৰতীয় বায়ুসেনাৰ ঘাটিত সুকলমে অৱতৰণ কৰে৷

অৱশ্যে বিমানত অহা চিলিণ্ডাৰসমূহ মেঘালয় চৰকাৰৰ অনুৰোধ মর্মে ড্রাকেৰে শ্বিলঙলৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে৷ ইতিপূর্বে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই চুবুৰীয়া ৰাজ্যসমূহক তেওঁলোকৰ তাত সকলোতে সুকলমে ৰে’ল আৰু বিমান চলাচলৰ সুবিধা নথকা বাবে অসমৰ পৰা অক্সিজেন চিলিণ্ডাৰ সৰবৰাহত সকলো ধৰণৰ সহায় কৰিব বুলি ঘোষণা কৰিছিল৷

RELATED ARTICLES