peepl-small

মাইক্ৰছফটৰ কৰ্মচাৰীৰে বিল গেটছৰ আছিল বিবাহ বহিৰ্ভূত সম্পৰ্ক

PUBLISHED:

গুৱাহাটীঃ মাইক্ৰছফটৰ এগৰাকী কৰ্মচাৰীৰ সৈতে বিল গেটছৰ আছিল বিবাহ বহিৰ্ভূত সম্পৰ্ক। এই সম্পৰ্কক লৈ মাইক্ৰছফটৰ ব’ৰ্ডৰ ফালৰ পৰা অনুসন্ধান আৰম্ভ কৰিবলগীয়া পৰিস্থিতিৰো উদ্ভৱ হৈছিল বুলি বাতৰি প্ৰকাশ কৰিছে ৱাশ্বিংটন পোষ্ট বাতৰিকাকতে।

অৱশ্যে দুটা দশক পূৰ্বৰ বিল গেটছ আৰু প্ৰতিষ্ঠানটোৰ মহিলা কৰ্মচাৰীগৰাকীৰ মধুৰ সম্পৰ্কই বিল আৰু মেলিণ্ডাৰ শেহতীয়া বিবাহ বিচ্ছেদত কি প্ৰভাৱ পেলাইছে সেয়া এতিয়াও অজ্ঞাত।
উল্লেখ্য যে বিগত মাহত গেটছ দম্পতীয়ে তেওঁলোকৰ ২৭ বছৰীয়া সংসাৰৰ অৱসান ঘটাইছিল।

মাইক্ৰছফটৰ এগৰাকী মুখপাত্ৰ ফ্ৰেংক শ্ব’ৰ মতে ২০০০ চনত কোম্পানীটোৰ এগৰাকী কৰ্মচাৰীৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক স্থাৰপন কৰিবলৈ চেষ্টা কৰা বুলি বিল গেটছৰ বিৰুদ্ধে ব’ৰ্ডে ২০১৯ চনত অভিযোগ লাভ কৰিছিল।

“এই বিষয়ে ব’ৰ্ডৰ এখন সমিতিয়ে বাহিৰৰ এক আইনী প্ৰতিষ্ঠানৰ সহায়ত বিষয়টো অনুসন্ধান কৰিবলৈ লয়। অনুসন্ধানৰ সমগ্ৰ প্ৰক্ৰিয়াত মাইক্ৰছফটে কৰ্মচাৰীগৰাকীক সহায় কৰে।”

RELATED ARTICLES