peepl-small

শ্রীৰামপুৰৰ পৰিৱর্তে গন্তব্য স্থানৰ পার্কিঙতহে হ’ব ট্রাকচালক ক’ভিড টেষ্ট; ঔষধ–খাদ্যৰ নাটনি হোৱাৰ আশংকাতে চৰকাৰৰ এই পদক্ষেপ

PUBLISHED:

গুৱাহাটীঃ স্থলপথেৰে বহিঃৰাজ্যৰ পৰা অহা লোকসকলক অসম–পশ্চিমবংগ সীমান্তৰ শ্রীৰামপুৰতে কালিৰে পৰা ক’ভিড টেষ্টৰ ব্যৱস্থা কৰিছে যদিও ট্রাকচালকসকলক উক্ত স্থানত ক’ভিড টেষ্ট কৰা হোৱা নাই৷ ফলত দেশৰ বিভিন্ন প্রান্তৰ পৰা অসম তথা উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন ৰাজ্যলৈ অহা ট্রাকসমূহ বিনাবাধাই শ্রীৰামপুৰ সীমান্ত অতিক্রম কৰিবলৈ সক্ষম হৈছে৷

এই সর্ম্পকত  গুৱাহাটীত সংবাদ মাধ্যমৰ আগত স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে বহিঃৰাজ্যৰ পৰা অহা ট্রাকচালকসকলৰ ক’ভিড টেষ্ট শ্রীৰামপুৰৰ পৰিৱর্তে গন্তব্য স্থানৰ পার্কিঙত কৰাৰ ব্যৱস্থা কৰিছে৷ মূলতঃ শ্রীৰামপুৰত ট্রাকচালকসকলৰ ক’ভিড টেষ্ট কৰিলে যদিহে কাৰোবাৰ পজিটিভ ওলায়, তেতিয়াহ’লে ঔষধকে ধৰি খাদ্য সামগ্রী কঢ়িয়াই অনা ট্রাকসমূহ সেই স্থানতে আবদ্ধ হৈ পৰিব৷ ফলত ৰাজ্যখনত ঔষধ, খাদ্য–সামগ্রীৰ গভীৰ সংকটে দেখা দিব৷

সেয়ে চৰকাৰে শ্রীৰামপুৰৰ পৰিৱর্তে গন্তব্য স্থানৰ পার্কিঙত ট্রাকসমূহ উপস্থিত হোৱাৰ লগে লগে সেই স্থানতেই ট্রাকচালকসকলৰ ক’ভিড টেষ্টৰ ব্যৱস্থা গ্রহণ কৰিছে৷ ঔষধকে ধৰি খাদ্য–সামগ্রীৰ সংকটে যাতে দেখা নিদিয়ে তাৰ বাবে চৰকাৰে এই পদক্ষেপ গ্রহণ কৰিছে৷

RELATED ARTICLES