peepl-small

বঙাইগাঁৱত ৭ টন চোৰাং বার্মিজ চুপাৰি জব্দ

PUBLISHED:

গুৱাহাটীঃ  বঙাইগাঁও জিলাৰ পশ্চিম গেৰুকাবাৰীত আৰক্ষীয়ে শুকুৰবাৰে অভিযান চলাই ১০৪ বস্তা বার্মিজ চুপাৰি জব্দ কৰে৷ স্থানীয় চাহাদত আলী নামৰ লোক এজনৰ ঘৰত লুকুৱাই থোৱা বার্মিজ চুপাৰিখিনিৰ বজাৰ মূল্য ২৫ লাখৰ অধিক হ’ব বুলি অনুমান কৰা হৈছে৷

ইতিমধ্যে আৰক্ষীয়ে চাহাদত আলীক আটক কৰি সোধা–পোছা অব্যাহত ৰাখিছে৷ জব্দকৃত চুপাৰিৰ পৰিমাণ প্রায় ৬,৮৮৪ কিলোগ্রাম৷ অবৈধ ব্যৱসায়ৰ সৈতে জড়িত একাংশ লোক পলাতক বুলি জানিব পৰা গৈছে৷

বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই জনোৱা মতে জিলাখনত বার্মিজ চুপাৰিৰ বিৰুদ্ধে অভিযান অব্যাহত আছে আৰু বিগত প্রায় বিশটা দিনৰ ভিতৰত চাৰিটাকৈ গোচৰ ৰুজু কৰাৰ লগতে বৃহৎ পৰিমাণৰ বার্মিজ চুপাৰি আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে৷

RELATED ARTICLES