peepl-small

কৃষি–পশুপালন বিভাগৰ খালী হৈ থকা ৫ হাজাৰৰো অধিক পদত শীঘ্রে নিযুক্তিঃ অতুল বৰা

PUBLISHED:

গুৱাহাটীঃ  অসমৰ কৃষি আৰু পশুপালন বিভাগত খালী হৈ থকা ৫ হাজাৰৰো অধিক পদত শীঘ্রে নিযুক্তি সম্পন্ন হ’ব৷ ইতিমধ্যে নিযুক্তি প্রক্রিয়াৰ সমস্ত দায়িত্ব গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম কৃষি বিশ্ববিদ্যালয়ক অর্পণ কৰা হৈছে৷  বিশ্ববিদ্যালয় দুখনে নিযুক্তি সম্পর্কীয় কাম–কাজ যথেষ্ট আগবঢ়াইছিল যদিও সেই সময়ত ৰাজ্যত নির্বাচনী আচৰণবিধি বলৱৎ হ’ল৷ যাৰ বাবে প্রক্রিয়াটো স্থবিৰ হৈ পৰে৷ কিন্তু শীঘ্রে বিভাগ দুটাত খালী হৈ থকা ৫ হাজাৰৰ অধিক পদত নিযুক্তি প্রদান কৰা হ’ব৷ এই ঘোষণা ৰাজ্যৰ কৃষিমন্ত্রী অতুল বৰাৰ৷

কেন্দ্রীয় কৃষিমন্ত্রী পুৰুষোত্তম ৰূপালাৰ উপস্থিতিত সোমবাৰে অনুষ্ঠিত পর্যালোচনা বৈঠকত ভাষণ প্রদান কৰি মন্ত্রী বৰাই কয় যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ইতিমধ্যে ৰাজ্যত ১ লাখ নিবনুৱা যুৱক–যুৱতীক শীঘ্রে নিযুক্তি দিয়া হ’ব বুলি ঘোষণা কৰিছে৷ তাৰ মাজত কৃষি, পশুপালন বিভাগৰ লগতে পশু চিকিৎসকৰ খালী পদসমূহো পূৰণ কৰা হ’ব৷ মন্ত্রীগৰাকীয়ে লগতে কয় যে ৰাজ্য চৰকাৰে চিনাক্ত কৰা কৃষকে পি এম কিষাণ আঁচনিকে ধৰি বিভিন্ন কেন্দ্রীয় আঁচনিৰ সুবিধা লাভ কৰিব৷ এয়া আমাৰ বাবে সুখৰ বিষয়৷

পি এম কিষাণ আঁচনিৰ প্রসংগত মন্ত্রী বৰাই পুনৰ কয় যে অসমৰ বহু প্রকৃত কৃষকৰ মাটি বছৰ বছৰ ধৰি তেওঁলোকৰ পিতৃৰ নামতেই আছে, নিজৰ নামলৈ সলনি হোৱা নাই৷ তেনে বহু কৃষকৰ নাম পি এম কিষাণ আঁচনিৰ তালিকাৰ পৰা বাদ পৰিছে৷ এই প্রেক্ষাপটত অসম চৰকাৰে চিনাক্ত কৰা আমাৰ কৃষকে কেন্দ্রীয় আঁচনিৰ সুবিধা লাভ কৰিলে আমাৰ বহুতো প্রকৃত কৃষক উপকৃত হ’ব– যিটো এটা শুভ সংবাদ৷ কালি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত কেন্দ্রীয় ৰাজ্যিক মন্ত্রী ৰূপালা আৰু কৃষিমন্ত্রী অতুল বৰাৰ মাজত অনুষ্ঠিত এখন বৈঠকত ৰাজ্যখনত বিভিন্ন কেন্দ্রীয় আঁচনিৰ ৰূপায়ণ সন্দর্ভত পুংখানুপুংখভাৱে হোৱা আলোচনাত কেন্দ্রীয় ৰাজ্যিক মন্ত্রীগৰাকীয়ে কিছুমান পৰামর্শ আগবঢ়ায় বুলিও মন্ত্রী বৰাই প্রকাশ কৰে৷

প্রধানমন্ত্রী ফচল বীমা যোজনাৰ অধীনত ২০১৬ চনৰ খাৰিফ বতৰৰ পৰা এতিয়ালৈকে মুঠ ২৯ লাখ ৮৩ হাজাৰ ৭৪৪জন কৃষকৰ নাম পঞ্জীয়ন কৰাৰ বিপৰীতে ৩৩ হাজাৰ ৫৯৮জন কৃষকে সাব্যস্ত কৰা দাবীৰ বিপৰীতে ৮ কোটি ৮২ লাখ টকা কৃষকসকলক আদায় দিয়া বুলি কৃষিমন্ত্রী বৰাই প্রকাশ কৰে৷ প্রধানমন্ত্রী ফচল বীমা যোজনাত কৃষকৰ সক্রিয় অংশগ্রহণৰ বাবে ৰাজ্যজুৰি বিশেষ সজাগতা অনুষ্ঠানৰ আয়োজন কৰা হোৱা বুলিও মন্ত্রী বৰাই উল্লেখ কৰে৷

পি এম কিষাণ সন্দর্ভত সাংবাদিকৰ প্রশ্ণৰ উত্তৰত মন্ত্রীগৰাকীয়ে কয় যে এতিয়ালৈকে পি এম কিষাণ আঁচনিৰ অধীনত ১৯.৪৭ লাখ কৃষক পৰিয়ালক যোগ্য বুলি চিনাক্ত কৰাৰ বিপৰীতে ১১.৭২ লাখ কৃষকক অযোগ্য হিতাধিকাৰী হিচাপে চিনাক্ত কৰা হৈছে৷ ইয়াৰ উপৰি পি এম কিষাণ প’র্টেলৰ আসোঁৱাহপূর্ণ ভিলেজ মেপিঙৰ বাবে প্রায় ৫ লাখ হিতাধিকাৰীৰ সম্ভেদ লাভ কৰিব পৰা হোৱা নাই৷ এইসকল হিতাধিকাৰীক অযোগ্য হিচাপে চিহ্ণিত কৰি তেওঁলোকৰ সন্দর্ভত পুনৰ তথ্য বিচৰা হৈছে৷ আনহাতে, পি এম কিষাণ আঁচনিত যাতে এজনো অযোগ্য হিতাধিকাৰীৰ নাম থাকিব নোৱাৰে, তাৰ বাবে লাট মণ্ডল বা পঞ্চায়ত পর্যায়ত সূক্ষ্মভাৱে পৰীক্ষা কৰিবলৈ জিলা উপায়ুক্তসকলক নির্দেশ দিয়া হৈছে৷ অযোগ্য হিতাধিকাৰীসকলে লাভ কৰা আঁচনিৰ ধন ঘূৰাই দিবই লাগিব, অন্যথা তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণ কৰা হ’ব৷ ৰাজ্যখনৰ কৃষিখণ্ডৰ বিকাশৰ বাবে কেন্দ্রীয় চৰকাৰৰ ধ্বজাবাহী আঁচনিসমূহৰ লগতে ৰাজ্য চৰকাৰেও ৰূপায়ণ কৰা কিছুমান বিশেষ আঁচনিৰ ফলত ২০২২ চনৰ ভিতৰত কৃষকৰ আয় দুগুণ বৃদ্ধি কৰাৰ লক্ষ্যত উপনীত হোৱাৰ বাবে বিভাগে কাম কৰি থকাৰ বিষয়েও মন্ত্রী বৰাই উল্লেখ কৰে৷

মন্ত্রীগৰাকীয়ে কয় যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আগবঢ়োৱা পৰামর্শৰ ভিত্তিত কৃষি বিভাগ আৰু পশুপালন বিভাগৰ অধীনত ৰাজ্যখনৰ নিবনুৱা যুৱক–যুৱতীসকলৰ্ স্বনিয়োজনৰ বাবে আঁচনি যুগুত কৰা হৈছে৷ আনহাতে, কৃষি আৰু পশুপালন বিভাগৰ খালী হৈ থকা পদসমূহত নিযুক্তিৰ বাবেও আগবঢ়োৱা হৈছে৷

ইফালে, ফচল বীমা যোজনাৰ ক্ষেত্রত উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্য চৰকাৰসমূহলৈ বিশেষ সকাহ আগবঢ়াইছে কেন্দ্রীয় চৰকাৰে৷ এই যোজনাৰ অধীনত অসমকে ধৰি উত্তৰ–পূবৰ ৰাজ্য চৰকাৰসমূহে বহন কৰিবলগীয়া প্রিমিয়ামৰ ধনৰ ৯০ শতাংশ বহন কৰিব কেন্দ্রীয় চৰকাৰে৷ ইয়াৰ পূর্বে সমগ্র দেশৰ লগতে উত্তৰ–পূবৰ ৰাজ্যসমূহেও ফচল বীমা যোজনাৰ প্রিমিয়ামৰ ধনৰ ৫০ শতাংশ গ্রহণ কৰাৰ লগতে বাকী থকা ৫০ শতাংশ ধন কেন্দ্রীয় চৰকাৰে বহন কৰিছিল৷ প্রধানমন্ত্রী ফচল বীমা যোজনাৰ অধীনত উত্তৰ–পূবৰ ৰাজ্যসমূহলৈ আগবঢ়োৱা এই সকাহৰ ফলত এই ৰাজ্যকেইখনে অধিকসংখ্যক কৃষকক এই যোজনাৰ অধীনত সামৰি ল’ব পাৰিব বুলি কেন্দ্রীয় মন্ত্রী পুৰুষোত্তম ৰূপালাই  আশা প্রকাশ কৰে৷  

গুৱাহাটীৰ খানাপাৰাৰ অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত কৃষি বিভাগৰ এখন পর্যালোচনা সভাত অংশগ্রহণ কৰি কেন্দ্রীয় কৃষি ৰাজ্য মন্ত্রী পুৰুষোত্তম ৰূপালাই এইদৰে মত প্রকাশ কৰে৷ কেন্দ্রীয় মন্ত্রী ৰূপালাই কয় যে পূর্বে কৃষি ঋণ লোৱা সকলো কৃষকৰ প্রধানমন্ত্রী ফচল বীমা যোজনাত অন্তর্ভুক্তি বাধ্যতামূলক আছিল যদিও এতিয়া সেই নিয়মৰ সংশোধন কৰি এই অন্তর্ভুক্তি কৃষকৰ নিজৰ ইচ্ছাৰ ওপৰত এৰি দিয়া হৈছে৷ আনহাতে, পূর্বে শস্য বীমা আঁচনিৰ অধীনত শস্য অনুযায়ী প্রিমিয়ামৰ হাৰ দেশজুৰি ভিন ভিন আছিল যদিও সম্প্রতি দেশৰ সকলো ৰাজ্যতে ফচল বীমা যোজনাৰ অধীনত খাৰিফ আৰু ৰবি বতৰৰ শস্যৰ ক্ষেত্রত ক্রমে প্রিমিয়ামৰ হাৰ ২ শতাংশ আৰু ১.৫ শতাংশ স্থিৰ কৰি ইয়াক সন্তুলিত অৱস্থাত ৰখা হৈছে৷

RELATED ARTICLES