peepl-small

দুধনৈত ৫০ হাজাৰ য়াবা টেবলেটসহ ধৃত ৪

PUBLISHED:

 গোৱালপাৰা জিলাৰ দুধনৈত আজি আৰক্ষীয়ে ড্রাগ্ছৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সাফল্য লাভ কৰে৷ শুকুৰবাৰে পুৱা দহ বজাত গোৱালপাৰা জিলাৰ আৰক্ষী অধীক্ষক ভিভি ৰাকেশ ৰেড্ডীৰ নেতৃত্বত গোপন সূত্রৰ পম খেদি দুধনৈৰ বনবাসীৰ ১৭ নং ৰাষ্ট্রীয় ঘাইপথত আৰক্ষীয়ে অর্ধসামৰিক বাহিনীৰ সহযোগত নিচাজাতীয় টেবলেট আৰু নগদ ২১.৫ লাখ টকা উদ্ধাৰ কৰে৷ লগতে ড্রাগ্ছ সৰবৰাহকাৰী দলটোক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ গোৱালপাৰা অভিমুখে আহি থকা মণিপুৰৰ পঞ্জীকৃত এখন বলেৰ’ ( এম এন–০৩ পি–৪৮২০) আৰু গুৱাহাটী অভিমুখী আন এখন বলেৰ’ক (এ এছ–০১ ডি পি–৪৮৬৭) দুধনৈৰ বনবাসীত জব্দ কৰে৷ এখন বাহনৰ ইনুৰ টেংকীৰ তলত অতিৰিক্তভাৱে বনাই লোৱা এক গোপন স্থানত লুকুৱাই লৈ অহা ৫০ হাজাৰ নিচাজাতীয় টেবলেট আৰু আন এখন বাহনৰ বেকলাইটৰ ভিতৰৰ পৰা ২১.৫ লাখ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী৷

মণিপুৰৰ পঞ্জীকৃত বলেৰ’ বাহনখনত থকা ড্রাগ্ছখিনি ক্রয় কৰিবলৈ মেঘালয় ফুলবাৰীৰ পৰা অহা আন এটা দলে সেই স্থানত বাহন সলনি কৰাৰ সময়তে জিলা আৰক্ষী অধীক্ষকগৰাকীৰ নেতৃত্বত বাহৰ পাতি থকা জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকা, দুধনৈ আৰক্ষী চকীৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া দুলাল মহন্ত আৰু আৰক্ষীৰ এটা বৃহৎ দলে দুয়োটা দলক আটক কৰিবলৈ সক্ষম হয়৷ মণিপুৰত পঞ্জীকৃত গাড়ীখনৰ পৰা এগৰাকী মহিলাসহ তিনিজনক আটক কৰে যদিও ঘটনাস্থলীৰ পৰা আন দুজন লোকে পলায়ন কৰে৷ তাৰে এজনক খেদি খেদি আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয় আৰু আন এজনক কৰায়ত্ত কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে৷ জব্দকৃত গাডীৰ পৰা কেইবাটাও ম’বাইল আৰু আই ডি কার্ড উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ড্রাগ্ছ সৰবৰাহত জডিত ধৃত লোকসকল হ’ল দক্ষিণ শালমৰাৰ আব্দুল লতিফ চৌধুৰী (৪২), মণিপুৰৰ লংজাম জোনি সিং (২৬), টিনিলহিং বাইটে (মহিলা) (২৬) আৰু জেংইলাম (৩৩)৷ ধৃত চাৰিও ড্রাগ্ছ সৰবৰাহকাৰীক দুধনৈ আৰক্ষী থানাত অধিক জেৰা চলাই আছে আৰক্ষীয়ে৷

RELATED ARTICLES