peepl-small

৫০ শতাংশ ভাৰা বৃদ্ধিৰে ১ ছেপ্টেম্বৰৰ পৰা বাছ সেৱা

PUBLISHED:

বৃহৎ লোকচানৰ সন্মুখীন হোৱা বাছৰ ভাৰা চৰকাৰে বৃদ্ধি নকৰিলে ৰাজ্যত ৫০ শতাংশ ভাৰা বৃদ্ধিৰে বাছ সেৱা আৰম্ভ কৰা হ’ব ৷ দেওবাৰে তেজপুৰত সদৌ অসম মটৰ পৰিবহণ সন্থাই এই সিদ্ধান্ত ঘোষণা কৰাৰ লগতে এলানি দাবীও উত্থাপন কৰে৷

উল্লেখ্য যে দেওবাৰে তেজপুৰত সদৌ অসম মটৰ পৰিবহণ সন্থাৰ এক বিশেষ জৰুৰী সভা অনুষ্ঠিত হয় ৷ তেজপুৰ মিছন চাৰিআলিস্থিত এঞ্জেল হোটেলত আয়োজিত এই সভাত ৰাজ্যৰ ২১খনৰ জিলাৰ পৰা শতাধিক প্রতিনিধিয়ে অংশগ্রহণ কৰে৷ সন্থাৰ সভাপতি ৰাতুল চন্দ্র শর্মাৰ সভাপতিত্বত সচিবপ্রধান প্রদীপ দাসে আঁত ধৰা সভাখনত লকডাউনত ব্যাহত হোৱা বাছ সেৱা আৰু ডিজেলকে ধৰি অন্যান্য সামগ্রীৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ পৰিপ্রেক্ষিতত ব্যাপক লোকচানৰ সন্মুখীন হোৱা সন্দর্ভত বিশদভাৱে আলোচনা কৰা হয়৷

সভাত বাছ মালিকসকলে আগবঢ়োৱা বক্তব্যত কয় যে ২০১৯ৰ ১৮ অক্টোবৰত ৰাজ্যখনৰ বাছসমূহৰ বাবে ধার্য কৰা ভাৰাৰে এতিয়া বাছ চলোৱা সম্ভৱ নহয় ৷ কিয়নো তেতিয়া ডিজেলৰ লিটাৰেপতি আছিল ৬৮ টকা আৰু এতিয়া প্রায় ৯০ টকা ৷ ইয়াৰ উপৰি টায়াৰকে ধৰি অন্যান্য বাহন সামগ্রীৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি হ’ল৷

ক’ভিড সৃষ্ট পৰিস্থিতিৰ বাবে বিগত বর্ষত ৬ মাহ আৰু চলিত বর্ষত মে’ মাহৰ পৰা বাছসেৱা বন্ধ হৈ থকাৰ বাবে অভাৱনীয় লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে৷ এনে পৰিপ্রেক্ষিতত ভাৰাবৃদ্ধি নকৰিলে বাছ সেৱা আৰম্ভ কৰাটো সম্ভৱপৰ নহ’ব৷

উল্লেখ্য যে অহা ১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যত বাছসেৱা আৰম্ভ হোৱাৰ সম্ভাৱনা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শেহতীয়াকৈ ব্যক্ত কৰিছিল৷ সেয়েহে আজিৰ এই সভাত অহা ১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যত বাছসেৱা আৰম্ভ হ’ব বুলি আশা প্রকাশ কৰাৰ লগতে আলোচনাৰ অন্তত তিনিটা গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয়৷ সিদ্ধান্ত অনুসৰি বেচৰকাৰী বাছসমূহৰ ভাৰা যদিহে চৰকাৰে ৭০ শতাংশ বৃদ্ধি নকৰে তেন্তে সন্থাই নিজাববীয়াকৈ ৫০ শতাংশ ভাৰা বৃদ্ধিৰে বাছ সেৱা আৰম্ভ কৰিব ৷

লকডাউনৰ সময়ছোৱাত বাছ সেৱা বন্ধ হৈ থকা হেতু চৰকাৰী ৰোড টেক্সৰ পৰা ৰেহাই দিয়াৰ দাবীৰ লগতে বীমা কোম্পানীসমূহে বীমাৰ ম্যাদ বৃদ্ধি কৰাৰ দাবী উত্থাপনৰ সিদ্ধান্ত গ্রহণ কৰা হয় ৷ সাংবাদিকৰ আগত সভাপতি ৰাতুল চন্দ্র শর্মাই আগবঢ়োৱা বক্তব্যত ক’ভিড সৃষ্ট পৰিস্থিতি আৰু লকডাউনৰ বাবে ৰাজ্যখনৰ বাছসেৱা ব্যৱসায় ক্ষেত্রখনে আটাইতকৈ বেছি ক্ষতিগ্রস্ত হৈছে বুলি ব্যক্ত কৰি সন্থাৰ উল্লিখিত সিদ্ধান্ত সদৰী কৰে৷ প্রসংগক্রমে সভাপতি শর্মাই চুবুৰীয়া পশ্চিমবংগ আৰু মেঘালয় চৰকাৰকে ধৰি আন একাংশ ৰাজ্যৰ চৰকাৰে যদি লকডাউনৰ পৰিপ্রেক্ষিতত বাছৰ ৰোড টেক্স আৰু কৰ–কাটল ৰেহাই দিব পাৰে, তেন্তে অসম চৰকাৰে কিয় নোৱাৰে বুলি প্রশ্ন উত্থাপন কৰে৷

RELATED ARTICLES