peepl-small

ৰাজ্যৰ ৪,১২,৫৮২ পৰিয়ালৰে নাই নিজা ভূমি

PUBLISHED:

অসমত থকা ভূমিহীন পৰিয়ালৰ সংখ্যা হ’ল ৪,১২,৫৮২জন৷ অসম বিধানসভাত শুকুৰবাৰে এই তথ্য দাঙি ধৰিলে ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্রী যোগেন মহনে৷ এআইইউডিএফৰ বিধায়ক হাফিজ বছিৰ আহমেদৰ এক লিখিত প্রশ্ণৰ উত্তৰত ৰাজহমন্ত্রীগৰাকীয়ে বিধানসভাত তথ্য দাঙি ধৰি জানিবলৈ দিয়া মতে ৪,১২,৫৮২গৰাকী ভূমিহীন লোক থকাৰ বিপৰীতে ভূমিহীন নাগৰিকক ভূমিপট্টা আৰু ভূমি আবণ্টন পত্র বিগত চৰকাৰৰ দিনত মুঠ ৩,৩০,৮১২টা পৰিয়ালক দিয়া হৈছে৷

ইফালে বিধায়ক অখিল গগৈৰ এটা প্রশ্ণৰ উত্তৰত মন্ত্রী যোগেন মহনে জানিবলৈ দিয়ে যে ৰাজ্য চৰকাৰে ২০১৬ চনৰ মে’ মাহৰ পৰা বিভিন্ন জিলাত ভূমিহীন বা গৰাখহনীয়া পৰিয়ালক ম্যাদীপট্টা প্রদান কৰিছে৷ সেই অনুসৰি বৰপেটা জিলাত ১,৩২৪টা পৰিয়ালক, বিশ্বনাথত ৯৪৭টা পৰিয়ালক, বঙাইগাঁও জিলাত ১,০২১টা পৰিয়ালক, চৰাইদেউ জিলাত ৭৪৮টা পৰিয়ালক, দৰং জিলাত ২০২২টা পৰিয়ালক, গোৱালপাৰা জিলাত ১,৯৩৭টা পৰিয়ালক, গোলাঘাট জিলাত ৭,১৬৮টা পৰিয়ালক, যোৰহাট জিলাত ৮,০১৯টা পৰিয়ালক, লখিমপুৰ জিলাত ৮,১৫৬টা পৰিয়ালক, মৰিগাঁও জিলাত ১,২৬৩টা পৰিয়ালক, নগাঁও জিলাত ১,৬৭১টা পৰিয়ালক, নলবাৰী জিলাত ১,২৩৫টা পৰিয়ালক, শোণিতপুৰ জিলাত ৬৪১টা পৰিয়ালক, তিনিচুকীয়া জিলাত ১২,৯৬৯টা পৰিয়ালক, বাক্সা জিলাত ৬২৫টা পৰিয়ালক, কামৰূপ (মহানগৰ) জিলাত ১৪১টা পৰিয়ালক, শিৱসাগৰ জিলাত ৩,৪০৬টা পৰিয়ালক, ধুবুৰী জিলাত ৩৮১টা পৰিয়ালক, ডিব্রুগড় জিলাত ১,৪৬০টা পৰিয়ালক, কৰিমগঞ্জ জিলাত ২৮৭টা পৰিয়ালক আৰু চিৰাং জিলাত ৩৭৫টা পৰিয়ালক ভূমিৰ পট্টা দিয়া হৈছে৷

আনহাতে গৰাখহনীয়াপীড়িত বহু পৰিয়ালকো বিভিন্ন জিলাত ভূমি আবণ্টন দিয়া হৈছে৷ সেই অনুসৰি ৭,৩৬১টা পৰিয়ালক বিশ্বনাথ জিলাত, ১৮৫৯টা পৰিয়ালক বঙাইগাঁও জিলাত, ৭,৮১৪টা পৰিয়ালক কাছাৰত, ৩,৬৭৯টা পৰিয়ালক চৰাইদেউত, ১,৫১৩টা পৰিয়ালক দৰঙত, ৩,৪৭৫টা পৰিয়ালক গোৱালপাৰা জিলাত, ২১,৩৩৮টা পৰিয়ালক তিনিচুকীয়া জিলাত, ১০,৫৭৮টা পৰিয়ালক ডিব্রুগড় জিলাত, ৮,৬১২টা পৰিয়ালক লখিমপুৰ জিলাত, ৫,২৩৯টা পৰিয়ালক মৰিগাঁও জিলাত, ৫,৮৪২টা পৰিয়ালক নগাঁও জিলাত, ২,৭৪৩টা পৰিয়ালক নলবাৰী জিলাত আৰু ৯,২৬১টা পৰিয়ালক শোণিতপুৰ জিলাত ভূমি আবণ্টন দিয়া হৈছে৷

RELATED ARTICLES