peepl-small

প্রাক্তন ৰাজ্যপালৰ কন্যা নন্দিতা কোঁৱৰক ৪ বছৰৰ কাৰাদণ্ড

PUBLISHED:

গুৱাহাটীঃ উৎকোচ লোৱাৰ অপৰাধত সশ্রম কাৰাদণ্ডৰে দণ্ডিত কৰা হ’ল প্রাক্তন ৰাজ্যপাল প্রয়াত দেৱানন্দ কোঁৱৰৰ কন্যা নন্দিতা কোঁৱৰক৷ পথ উন্নয়নৰ নামত ধন আবণ্টন কৰাৰ সময়ত কমিছন বিচৰা নন্দিতাক বৃহস্পতিবাৰে বিশেষ ন্যায়াধীশৰ আদালতে ৪ বছৰৰ সশ্রম কাৰাদণ্ডৰে দণ্ডিত কৰিছে৷ সশ্রম কাৰাদণ্ডৰ লগতে ২০ হাজাৰ টকাৰ জৰিমনাও বিহিছে আদালতে৷ এই জৰিমনা প্রদান কৰিব নোৱাৰিলে অতিৰিক্তভাৱে তেওঁ থাকিব লাগিব কাৰাগাৰত৷

উল্লেখ্য যে ২০১৭ চনত অৰুণোদয় পথ নামৰ এটা পথ নির্মাণৰ বাবে এম পি এল এ ডি পুঁজিৰ অধীনত ধন আবণ্টন কৰা হৈছিল৷ সেই সময়ত গ্রামোন্নয়ন অভিকৰণৰ প্রকল্প সঞ্চালক হিচাপে কর্মৰত আছিল এ চি এছ বিষয়া নন্দিতা কোঁৱৰ৷ এই পুঁজি আবণ্টনৰ নামত এ চি এছ বিষয়াগৰাকীয়ে দুর্গা সৰোবৰ উন্নয়ন সমিতিৰ পৰা ১০ শতাংশ কমিছন বিচাৰিছিল৷ সমিতিয়ে তেওঁক এই ধন প্রদান কৰিবলৈ অস্বীকাৰ কৰাৰ লগতে দুর্নীতি নিবাৰকত এটা গোচৰ ৰুজু কৰে৷

এই গোচৰৰ ভিত্তিত তেওঁক উৎকোচ লোৱাৰ সময়ত হাতে–লোটে গ্রেপ্তাৰ কৰে দুর্নীতি নিবাৰকে৷ পৰৱর্তী সময়ত তদন্তকাৰী সংস্থাটোৱে কোঁৱৰৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে৷ বিশেষ ন্যায়াধীশৰ আদালতত ৰুজু হোৱা ২২/২০১৭নং গোচৰৰ বিচাৰ প্রক্রিয়াৰ অন্তত আজি আদালতে দুর্নীতি প্রতিৰোধ আইনৰ ৭ আৰু ১৩ (২)নং ধাৰাৰ অধীনত নন্দিতা কোঁৱৰক দোষী সাব্যস্ত কৰে৷ সেই অনুসৰি আইনখনৰ ৭নং ধাৰাৰ অধীনত তিনি বছৰৰ সশ্রম কাৰাদণ্ড আৰু ১২ হাজাৰ টকাৰ জৰিমনাৰ উপৰি ১৩ (২) ধাৰাৰ অধীনত ৪ বছৰৰ সশ্রম কাৰাদণ্ডৰ লগতে ২০ হাজাৰ টকাৰ জৰিমনা বিহে৷ অৱশ্যে আদালতে এই দুয়োটা শাস্তি সমকালীনভাৱে প্রযোজ্য হ’ব বুলি নির্দেশ দিছে৷ যাৰ বাবে অপৰাধী নন্দিতা কোঁৱৰে চাৰি বছৰ সশ্রম কাৰাদণ্ড খাটিব লাগিব।

RELATED ARTICLES