peepl-small

৫ ফেব্ৰুৱাৰীত ৩৫ হাজাৰ শিক্ষক পদত প্ৰদান কৰা হ’ব নিযুক্তিঃ ড০ হিমন্ত বিশ্ব শৰ্মা

PUBLISHED:

গুৱাহাটী: আজি বিটিআৰত দিনজোৰা কাৰ্যসূচীৰে উপস্থিত হোৱা বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ শিক্ষক সমাজৰ বাবে ঘোষণা কৰে এক সুখবৰ।

মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত উল্লেখ কৰে- ‘১৮ হাজাৰ প্ৰাদেশীকৃত শিক্ষকৰ হাতত নিযুক্তি পত্ৰ তুলি দিয়া হ’ব। আৰু নতুনকৈ ১৫ হাজাৰ টেট শিক্ষকক নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব। অৰ্থাৎ অহা ৫ তাৰিখে ৩৫ হাজাৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে নতুন জীৱন পাব।’

আনহাতে, বিটিআৰ অঞ্চলত অপ্ৰাদেশীকৃ স্কুল-কলেজ সম্পৰ্কেও মন্ত্ৰীগৰাকীয়ে গুৰুত্বপূৰ্ণ ঘোষণা কৰে। তেওঁ কয়- ‘প্ৰাদেশিকীৰণৰ নিয়মৰ অধীনত বিটিচি অঞ্চলৰ যিবোৰ স্কুল-কলেজ সোমোৱা নাই, খুব সোনকালে সেইবোৰ অঞ্চলৰ স্কুল-কলেজ প্ৰাদেশিকীকৰণৰ অধীনলৈ অনা হ’ব।’

RELATED ARTICLES