peepl-small

অভি-নীল হত্যাকাণ্ডৰ তিনি বছৰঃ ন্যায়ৰ অপেক্ষাত পৰিয়াল

PUBLISHED:

গুৱাহাটীঃ তিনিবছৰ সম্পূৰ্ণ হ’ল বিশ্ব কঁপাই যোৱা অভি-নীল হত্যাকাণ্ডৰ। ২০১৮ চনৰ আজিৰ দিনটোতে কাৰ্বি-আংলঙৰ ডকমকাৰ এজাক লোকৰ বৰ্বৰ আক্ৰমণত মৃত্যু হৈছিল গুৱাহাটীৰ অভিজিত নাথ আৰু নীলোৎপল দাসে। ৪৭টা অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। কিন্তু আজিও শাস্তি নাপালে অভিযুক্তই।

বিগত তিনিটা বছৰে আজিও ন্যায়ৰ বাবে অপেক্ষা কৰিছে অভি-নীলৰ পৰিয়ালে। অসহায় অনুভৱ কৰা পৰিয়াল দুটাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক এই ক্ষেত্ৰত পদক্ষেপ ল’বলৈ আহ্বান জনাইছে। ন্যায় ব্যৱস্থা ত্বৰান্বিত নহ’লে পুনৰ এনে ঘটনা ঘটি থাকিব বুলি মন্তব্য অভিজিত আৰু নীলোৎপলৰ পিতৃৰ।

RELATED ARTICLES