peepl-small

বক্র পথেৰে চাকৰি তিনি মহিলা কর্মচাৰীক চাকৰিৰ পৰা বর্খাস্ত

PUBLISHED:

গুৱাহাটীঃ    অসমৰ অগ্রণী কাৰিকৰী শিক্ষা প্রতিষ্ঠান টীয়কৰ চটাইস্থিত যোৰহাট বিজ্ঞান আৰু প্রযুক্তিবিদ্যা প্রতিষ্ঠান, চমুকৈ জিষ্টত বক্র পথেৰে নিযুক্তি লাভ কৰা তিনিগৰাকীকৈ কর্মচাৰীক চাকৰিৰ পৰা বর্খাস্ত কৰিছে ৰাজ্য চৰকাৰৰ কাৰিকৰী শিক্ষা সঞ্চালকে৷ চাকৰিৰ পৰা বর্খাস্ত হোৱা তিনি কর্মচাৰী হ’ল– প্রতিষ্ঠানখনৰ সহযোগী অধ্যাপক ড০ চন্দ্র চুতীয়াৰ পত্নী অজন্তা দত্ত, প্রতিষ্ঠানখনত নিবিদাবিহীনভাৱে দীর্ঘদিন ধৰি ঠিকাকর্মত নিয়োজিত হৈ থকা অমল চন্দ্র বৰাৰ কন্যা বিদ্যার্থী বৰা আৰু নৱনীতা বৰঠাকুৰ৷ বক্র পথেৰে চাকৰি লোৱা উক্ত তিনি কর্মচাৰীক বর্খাস্ত কৰাৰ বাবে কাকজান আঞ্চলিক ছাত্র সন্থাই কাৰিকৰী শিক্ষা সঞ্চালকালয়ক ধন্যবাদ জ্ঞাপন কৰিছে৷

উল্লেখ্য যে বিশ্ববিদ্যালয় অনুদান আয়োগে প্রদান কৰা পুঁজি, ৰাষ্ট্রীয় শিক্ষা অভিযান মিছনৰ পৰা লাভ কৰা পুঁজি, অসম চৰকাৰৰ অনুদান আৰু ফ’ৰলেন পথ সম্প্রসাৰণৰ বাবদ লাভ কৰা পুঁজিক লৈ প্রতিষ্ঠানখনৰ কর্তৃপক্ষৰ বিৰুদ্ধে দুর্নীতিৰ অভিযোগ দীর্ঘদিনীয়া৷

স্থানীয় সচেতন ৰাইজ আৰু কাকজান আঞ্চলিক ছাত্র সন্থাই বিগত ২০১৬ চনৰ ১৫ আগষ্ট আৰু ২০১৭ চনৰ ৩ জুনত পৃথকে পৃথকে দুখনকৈ স্মাৰক–পত্র প্রতিষ্ঠানখনত সংঘটিত অবৈধ নিযুক্তি আৰু দুর্নীতিৰ উচিত তদন্তৰ দাবীৰে সেই সময়ৰ যোৰহাট জিলা উপায়ুক্তৰ লগতে অসমৰ মুখ্যমন্ত্রী আৰু শিক্ষামন্ত্রীলৈ প্রেৰণ কৰিছিল৷ উক্ত অভিযোগৰ ভিত্তিত তদানীন্তন যোৰহাটৰ উপযুক্তই ২০১৭ চনৰ ২৮ জুনত কাকজান আঞ্চলিক ছাত্র সন্থাৰ লগত এক বৈঠকত মিলিত হৈ কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰাৰ লগতে উক্ত তিনিওগৰাকী কর্মচাৰীকে সেই সময়তেই তৎকালে নিলম্বন কৰিবলৈ নির্দেশ দিছিল প্রতিষ্ঠানখনৰ অধ্যক্ষক৷

আনহাতে, উক্ত নির্দেশৰ পাছতেই প্রতিষ্ঠানখনৰ অধ্যক্ষগৰাকীয়ে জিলা উপায়ুক্তক ২০১৭ চনৰ আগষ্ট মাহত প্রতিষ্ঠানখনৰ পৰীক্ষাৰ পাছতেই তিনিগৰাকী কর্মচাৰীকেই নিলম্বন কৰিব বুলি প্রতিশ্রুতি দিছিল৷ কিন্তু পৰৱর্তী সময়ত প্রতিষ্ঠানখনৰ অধ্যক্ষই জিলা উপায়ুক্তৰ নির্দেশক অংগুষ্ঠ প্রদর্শন কৰি তিনিওগৰাকী কর্মচাৰীক বর্তমানলৈকে চাকৰিত নিয়োজিত কৰি ৰাখিছিল যদিও শেহতীয়াকৈ অসম কাৰিকৰী শিক্ষা সঞ্চালকালয়ে উক্ত অভিযোগৰ ভিত্তিতেই চলিত সপ্তাহত বক্র পথৰে নিযুক্তি লাভ কৰা উল্লিখিত তিনিওগৰাকী কর্মচাৰীক চাকৰিৰ পৰা বর্খাস্ত কৰাৰ নির্দেশ দিয়ে৷

RELATED ARTICLES