peepl-small

ডাঃ বর্মনৰ বিয়োগত ৰাজ্য চৰকাৰৰ তিনিদিনীয়া শোকঃ কাইলৈ ৰাজ্যিক মর্যাদাৰে শেষকৃত্য

PUBLISHED:

গুৱাহাটী: প্রাক্তন মুখ্যমন্ত্রী ডাঃ ভূমিধৰ বর্মনৰ বিয়োগত তিনিদিনীয়া ৰাজ্যিক শোক ঘোষণা কৰিছে ৰাজ্য চৰকাৰে৷ ৰাজ্য চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই জানিবলৈ দিয়া মতে, প্রাক্তন মুখ্যমন্ত্রীগৰাকীৰ প্রতি শ্রদ্ধা জনাই এই সময়ছোৱাত সকলো কার্যালয়তে ৰাষ্ট্রীয় পতাকা অর্ধনমিত কৰি ৰখা হ’ব৷ এই সময়ছোৱাত অনুষ্ঠিত নহয় কোনো ধৰণৰ মনোৰঞ্জনমূলক অনুষ্ঠান৷ তদুপৰি অহা মঙলবাৰে ডাঃ বর্মনৰ শেষকৃত্য সম্পূর্ণ ৰাজ্যিক মর্যাদাৰে সম্পন্ন কৰা হ’ব৷ ইফালে প্রাক্তন মুখ্যমন্ত্রী ডাঃ বর্মনৰ বিয়োগত ৰাজ্যপাল অধ্যাপক জগদীশ মুখী, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাকে ধৰি ব্যক্তিবিশেষ আৰু বিভিন্ন দল–সংগঠনে শোক প্রকাশ কৰাৰ লগতে শেষ শ্রদ্ধা জ্ঞাপন কৰিছে৷ এক শোকবার্তাত ৰাজ্যপাল অধ্যাপক মুখীয়ে কয় যে প্রয়াত ডাঃ বর্মনে তেওঁৰ ৰাজনৈতিক জীৱনত সমাজৰ সকলো শ্রেণীৰ মংগলৰ হকে কাম কৰাৰ লগতে তেওঁৰ ৰাজনৈতিক জ্ঞান আৰু প্রশাসনিক দক্ষতা অসমৰ উন্নয়নত ব্যৱহাৰ কৰিছিল৷ তেওঁৰ বিয়োগ অসমৰ সামাজিক আৰু ৰাজনৈতিক জীৱনৰ কাৰণে অপূৰণীয় ক্ষতি৷

মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এক শোকবার্তাত কয় যে ডাঃ বর্মনৰ বিয়োগত অসমে এগৰাকী বিশিষ্ট ৰাজনীতিকক হেৰুৱালে৷ জীৱনকালত একান্ত নিষ্ঠা, ঐকান্তিকতাৰে প্রয়াত ডাঃ বর্মনে আমাৰ সমাজ জীৱনলৈ যি বিশিষ্ট সেৱা আগবঢ়াই গ’ল, সেয়া অসমৰ জনসাধাৰণে শ্রদ্ধাৰে স্মৰণ কৰিব৷ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রাক্তন মুখ্যমন্ত্রী তথা সাতবাৰৰ বিধায়ক ডাঃ বর্মনৰ বিয়োগত শোক প্রকাশ কৰে৷ বিত্তমন্ত্রী শর্মাই কয় যে জ্যেষ্ঠ নেতা, প্রাক্তন মুখ্যমন্ত্রী সাতবাৰৰ বিধায়ক হোৱাৰ অনন্য কৃতিত্বৰ অধিকাৰী ডাঃ বর্মনৰ বিয়োগত মর্মাহত হৈছো৷ তেওঁৰ প্রয়াণত অসমে আজি এগৰাকী দক্ষ ৰাজনীতিবিদক হেৰুৱালে৷ মোৰ ৰাজনৈতিক জীৱনৰ আদিকালত তেওঁৰ পৰা পোৱা দিহা–পৰামর্শ তথা স্নেহ কাহানিও পাহৰিব নোৱাৰিম৷ ৰাজনীতিৰ ক্ষেত্রখনত তেওঁ দেখুৱাই যোৱা আদর্শ তথা কর্মৰাজি সদায়েই স্মৰণ হৈ ৰ’ব৷ তেওঁৰ স্মৃতি আমাৰ মাজত চিৰদিন সজীৱ হৈ থাকিব৷

প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই প্রাক্তন মুখ্যমন্ত্রী ডাঃ বর্মনৰ বিয়োগত শোক প্রকাশ কৰি কয় যে প্রাক্তন মুখ্যমন্ত্রী ডাঃ বর্মন আছিল অসম কংগ্রেছৰ পিতামহস্বৰূপ৷ তেওঁৰ বিয়োগত কংগ্রেছ দলে এগৰাকী অভিভাৱকক হেৰুৱালে৷ কংগ্রেছ বিধায়িনী দলৰ দলপতি দেৱব্রত শইকীয়া, এ আই চি চিৰ সাধাৰণ সম্পাদক তথা অসম প্রদেশ কংগ্রেছ কমিটীৰ পর্যবেক্ষক জিতেন্দ্র সিঙেও ডাঃ বর্মনৰ বিয়োগত শোক প্রকাশ কৰিছে৷

অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ডাঃ বর্মনৰ বিয়োগত শোক প্রকাশ কৰি কয় যে তেওঁৰ মৃত্যু অসমৰ সামাজিক ক্ষেত্রখনৰ বাবে অপূৰণীয় ক্ষতি৷ অসম গণ পৰিষদৰ সভাপতি অতুল বৰা আৰু কার্যকৰী সভাপতি কেশৱ মহন্তই এক শোকবার্তাত কয় যে প্রাক্তন মুখ্যমন্ত্রী ডাঃ বর্মনৰ বিয়োগ অসমৰ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি৷

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসেও প্রাক্তন মুখ্যমন্ত্রীগৰাকীৰ বিয়োগত শোক প্রকাশ কৰিছে৷ সেইদৰে অসম প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই প্রাক্তন মুখ্যমন্ত্রী তথা অসম প্রকাশন পৰিষদৰ প্রাক্তন অধ্যক্ষ ডাঃ বর্মনৰ মৃত্যুত শোক প্রকাশ কৰি কয় যে ডাঃ বর্মনৰ মৃত্যু অসমৰ ৰাজনৈতিক তথা সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি৷ গুৱাহাটী মাটি পট্টাকৰণ সংগ্রাম সমিতিৰ সম্পাদক প্রবীণজ্যোতি কলিতাই এক শোকবার্তাত কয় যে থলুৱা ভূমিহীনৰ পক্ষত থাকি গুৱাহাটীৰ পৰিয়ালসমূহক ভূমিপট্টা দিয়াৰ স্বার্থত ডাঃ বর্মনৰ উদ্যোগক শ্রদ্ধাৰে স্মৰণ কৰিছোঁ৷

ৰাজহমন্ত্রী হিচাপে ভূমিহীনৰ স্বার্থত ভূমি নীতি প্রস্তুত কৰি অসম বিধানসভাৰ মজিয়াত অনুমোদন কৰা ৰাজহমন্ত্রীগৰাকী হ’ল ডাঃ বর্মন৷ তেওঁৰ বিয়োগত আমি গভীৰ শোক প্রকাশ কৰিছোঁ৷ আমছুৰ উপদেষ্টা আইনুদ্দিন আহমেদ, সভাপতি ৰেজাউল কৰিম সৰকাৰ, সাধাৰণ সম্পাদক মিন্নাতুল ইছলাম আৰু ইমতিয়াজ হুছেইনেও প্রাক্তন মুখ্যমন্ত্রী ডাঃ বর্মনৰ বিয়োগত শোক প্রকাশ কৰিছে৷
ডাঃ ভূমিধৰ বর্মনৰ মৃত্যুত নামতিতো শোকৰ ছাঁ
প্রাক্তন মুখ্যমন্ত্রী, জ্যেষ্ঠ কংগ্রেছী নেতা ডাঃ ভূমিধৰ বর্মনৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্র ৰাজ্যৰ লগতে শিৱসাগৰ জিলাৰ বৃহত্তৰ নামতি অঞ্চলতো গভীৰ শোকৰ ছাঁ পৰে৷ অঞ্চলটোৰ নামতি প্রেছ গীল্ডে ডাঃ ভূমিধৰ বর্মনৰ মৃত্যুত শোক প্রকাশ কৰি শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰিছে৷ তদুপৰি নামতি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়, সদৌ অসম গ্রাম্য ঔষধ ব্যৱসায়ী সংস্থা, নামতি চাৰিআলি জাতীয় বিদ্যা নিকেতন, নামতি আঞ্চলিক ছাত্র সন্থা, আটাছুৰ নামতি আৰু বৰুৱা পুখুৰী আঞ্চলিক সমিতি, ঐক্য সেনাৰ নামতি আঞ্চলিক সমিতি, নামতি আঞ্চলিক তাই আহোম যুৱ পৰিষদকে আদি কৰি বহু দল–সংগঠন তথা অনুষ্ঠান–প্রতিষ্ঠানে গভীৰ শোক প্রকাশ কৰিছে৷
ডাঃ ভূমিধৰ বর্মনৰ মৃত্যুত চিমেন চাপৰিৰ বিভিন্ন সংগঠনৰ শোক প্রকাশ
প্রাক্তন মুখ্যমন্ত্রী তথা জ্যেষ্ঠ কংগ্রেছ নেতা ডাঃ ভূমিধৰ বর্মনৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে গণতান্ত্রিক গণতান্ত্রিক সুৰক্ষা মঞ্চৰ সভাপতি জাৰিমিন নার্জাৰী, সাধাৰণ সম্পাদক তোলন সোণোৱাল, সংযুক্ত বডো গণ মঞ্চৰ সভাপতি মনোৰঞ্জন বসুমতাৰী আৰু সাধাৰণ সম্পাদক পীতাম্বৰ ব্রহ্ম, বডো সাহিত্য সভাৰ ধেমাজি জিলা সমিতিৰ সভাপতি জুলেন চন্দ্র বডো, সাধাৰণ সম্পাদক সুশীল বসুমতাৰী, জোনাই জিলা সমিতিৰ সভাপতি দানসৌৰাং ব্রহ্ম, সাধাৰণ সম্পাদক মাণিক বডো, সম্পাদক ৰামচিয়াৰী, কেন্দ্রীয় কার্যনির্বাহক ভূমিধৰ বডো, বডো সাহিত্য সভাৰ কেন্দ্রীয় প্রাক্তন কার্যনির্বাহক সুৰেন্দ্র বডো, উপদেষ্টা ললিত চন্দ্র বডো, ধেমাজি জিলা আবৌফৰ সভানেত্রী ফুলেশ্বৰী দৈমাৰী, অবিভক্ত লখিমপুৰ জিলা বাথৌ মহাসভাৰ সভাপতি শুক্রধৰ বসুমতাৰী, সাধাৰণ সম্পাদক হেমন্ত বসুমতাৰীয়ে গভীৰ শোক প্রকাশ কৰিছে৷ সদৌ অসম পথাৰ পৰিচালনা সমিতিৰ উপ–সভাপতি সাহেদ আহমেদ চৌধুৰীয়েও ডাঃ বর্মনৰ মৃত্যুত গভীৰ শোকপ্রকাশ কৰে৷

RELATED ARTICLES