peepl-small

ৰাজ্য চৰকাৰৰ বৃহৎ সফলতাঃ লক্ষ্য অতিক্রমি এদিনতে ৩.৩৯ লাখক ভেকচিন

PUBLISHED:

গুৱাহাটীঃ  ক’ভিড মহামাৰীৰ বিৰুদ্ধে যুঁজখন অধিক শক্তিশালী কৰি ব্যাপক হাৰত ভেকচিন প্রদান কার্যসূচী গ্রহণ কৰিছে ৰাজ্য চৰকাৰে৷ সমগ্র দেশৰ লগতে বর্ধিত টিকাকৰণ অভিযানৰ অধীনত ৰাজ্যত সোমবাৰে প্রদান কৰা হ’ল অভিলেখসংখ্যক লোকক ক’ভিড ভেকচিন৷ পূর্বনির্ধাৰিত লক্ষ্য অতিক্রম কৰি বর্ধিত টিকাকৰণ অভিযানৰ প্রথমটো দিনতে ৰাজ্যত মুঠ ৩,৩৯,৫৩৬জন লোকক প্রদান কৰা হ’ল ভেকচিন৷ কো–উইন এপত উপলব্ধ তথ্য অনুসৰি নিশা ৮ বজালৈকে ৰাজ্যত এই বৃহৎসংখ্যক ভেকচিন প্রদান কৰা হৈছে৷

ইয়াৰ ভিতৰত সর্বাধিক কামৰূপ (মহানগৰ) জিলাত সন্ধিয়া ৭ বজালৈ ২৪,০৫৩জন লোকক প্রদান কৰা হৈছে ক’ভিড ভেকচিন৷ উল্লেখ্য যে ক’ভিডৰ সংক্রমণ সমগ্র দেশতে ক্রমাগতভাৱে হ্রাস পোৱাৰ সময়তে আজিৰে পৰা ৩০ জুন পর্যন্ত বর্ধিত টিকাকৰণ অভিযান গ্রহণ কৰাৰ কথা ঘোষণা কৰিছিল প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ দেশৰ সকলো ৰাজ্যত ১৮ বছৰ ঊর্ধ্বৰ ব্যক্তিক বিনামূলীয়াকৈ ব্যাপক হাৰত ভেকচিন প্রদানৰ লক্ষ্য বান্ধি হৈছিল এই অভিযানৰ অধীনত৷ ইয়াৰ অংশ হিচাপে অসমত সোমবাৰৰে পৰা প্রতিদিনে তিনি লাখ লোকক ভেকচিন প্রদান কৰাৰ লক্ষ্য বান্ধি লোৱাৰ কথা সদৰী কৰিছিল মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

বর্ধিত টিকাকৰণ অভিযানৰ অধীনত যাতে এই লক্ষ্য পূৰণ কৰিব পৰা যায়, তাৰ বাবে তৎপৰ হৈ পৰাও পৰিলক্ষিত হৈছিল মুখ্যমন্ত্রী ড০ শর্মাক৷ ইয়াৰ অংশ হিচাপে তেওঁ প্রতিখন জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে ভিডি’ কনফাৰেঞ্চিংযোগে বৈঠকত মিলিত হৈ সুপৰিকল্পিত ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিছিল৷ তদুপৰি প্রতিগৰাকী মন্ত্রী, বিধায়ক আৰু সাংসদক এই টিকাকৰণ অভিযান পর্যবেক্ষণ কৰিবলৈও তেওঁ আহ্বান জনাইছিল৷ মুখ্যমন্ত্রীগৰাকীৰ নির্দেশৰ পাছতে তিনি লাখ লোকক ভেকচিন প্রদান কৰিব পৰাকৈ ব্যৱস্থা গ্রহণ কৰিছিল স্বাস্থ্য বিভাগে৷

ইয়াৰ বাবে ৰাজ্যত মুঠ ২,১৮৪টা ভেকচিন কেন্দ্রত ৰাজ্যবাসীক ভেকচিন প্রদানৰ বাবে সাজু কৰি তোলা হৈছিল৷ এই ভেকচিন কেন্দ্রসমূহৰ ২,১৬২টা চৰকাৰী কেন্দ্র৷ বাকী ২২টা কেন্দ্র আছিল ব্যক্তিগত৷ এই ভেকচিন কেন্দ্রসমূহত যাতে ভেকচিন প্রদান প্রক্রিয়া সুকলমে সম্পন্ন হয়, তাৰ বাবে প্রতিটো কেন্দ্রত নিয়োগ কৰা হৈছিল এটা বিশেষ দল৷ এই দলটোত আছিল দুগৰাকী নার্ছ, জনসমাগম নিয়ন্ত্রণৰ বাবে দুজন ব্যক্তি, দুজন কম্পিউটাৰ অপাৰেটৰ, এজন নথি–পত্র পৰীক্ষা কৰিব পৰা ব্যক্তি আৰু দুজন আৰক্ষী কর্মী৷ প্রতিটো ভেকচিন প্রদান কেন্দ্রত হিতাধিকাৰীসকলৰ বাবে বহাৰ ব্যৱস্থা, খোৱাপানীৰ ব্যৱস্থা আদি গ্রহণ কৰা হৈছিল৷ চহৰ অঞ্চলসমূহত পুৱা ৮ বজাৰ পৰা নিশা ৮ বজালৈ ভেকচিন প্রদানৰ ব্যৱস্থা কৰা হৈছিল৷

আনহাতে, গ্রামাঞ্চলসমূহত পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ প্রদান কৰা হয় ভেকচিন৷ সুপৰিকল্পিত ব্যৱস্থাৰে আৰম্ভ কৰা এই বর্ধিত টিকাকৰণ অভিযানৰ প্রথম দিনটোতে ৰাজ্য চৰকাৰে নির্ধাৰিত লক্ষ্য অতিক্রম কৰিবলৈ সক্ষম৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমৰ তথ্য অনুসৰি সন্ধিয়া ৭ বজালৈ বাক্সাত ৭,৪৭২জন, বৰপেটাত ১২,০৪১জন, বিশ্বনাথত ৯,০১৭জন, বঙাইগাঁৱত ৭,৯৬৭জন, কাছাৰত ২০,৯১০জন, চৰাইদেউত ৩,৩৫৯জন, চিৰাঙত ৩,২৭২জন, দৰঙত ৯,৪০৯জন, ধেমাজিত ৭,৭০২জন, ধুবুৰীত ১২,২৬৪জন, ডিব্রুগড়ত ২২,২৮৭জন, ডিমা হাছাওত ২,৭৪৫জন, গোৱালপাৰাত ৮,৩৯১জন, গোলাঘাটত ১১,৩৩০জন, হাইলাকান্দিত ৭,৩০৬জন, হোজাইত ৯,২৪৬জন, যোৰহাটত ১০,৩৯০জন, কামৰূপত ১৩,১২৬জন, কার্বি আংলঙত ২,৬৮১জন, কৰিমগঞ্জত ৬,৩৩৯জন, কোকৰঝাৰত ৫,৭৬৩জন, লখিমপুৰত ১০,৯৪৪জন, মাজুলীত ২,৬৪৯জন, মৰিগাঁৱত ৮,৩৭৪জন, নগাঁৱত ১৬,১৩২জন, নলবাৰীত ৮,৭০৭জন, শিৱসাগৰত ৮,১৬৫জন, শোণিতপুৰত ১৮,১৯৭জন, দক্ষিণ শালমাৰা মানকাছাৰত ৩,০১৯জন, তিনিচুকীয়াত ১৭,৩৭২জন, ওদালগুৰিত ৫,৬২৬জন আৰু পশ্চিম কার্বি আংলঙত ১,০৫৯জনক প্রদান কৰা হৈছে ক’ভিড ভেকচিন৷ গুৱাহাটীত মুঠ ২৪০টা কেন্দ্রত প্রতিষেধক প্রদান কৰা হৈছিল৷

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল, মহেন্দ্র মোহন চৌধুৰী হাস্পতাল, খানপাৰা ৰাজ্যিক চিকিৎসালয়, পাণ্ডু এফ আৰ ইউ আৰু পূব গুৱাহাটী ৰাজ্যিক চিকিৎসালয়ত নিশা ৮ বজালৈ ভেকচিন প্রদান কৰা হয়৷ সোমবাৰে ৰাজ্যত অনলাইনযোগে পঞ্জীয়ন কৰা লোকসকলৰ উপৰি ভেকচিন কেন্দ্রসমূহত উপস্থিত হোৱাৰ পাছত পঞ্জীয়ন কৰিও ভেকচিন প্রদান কৰা হৈছে৷

ইপিনে, আজি নগাঁও আৰু মৰিগাঁৱত উপস্থিত হৈ ভেকচিন প্রদান প্রক্রিয়াৰ বুজ লয় স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই৷ প্রথমটো দিনতে নির্ধাৰিত লক্ষ্য অতিক্রম কৰিবলৈ সক্ষম হোৱা সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি স্বাস্থ্যমন্ত্রী মহন্তই কয়– ‘১৮ বছৰ ঊর্ধ্বৰ সকলোকে বিনামূলীয়াকৈ ক’ভিড প্রতিষেধক প্রদানৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে লোৱা সিদ্ধান্ত কার্যকৰী কৰি ৰাজ্যত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নিৰীক্ষণত আৰু তদাৰকত ব্যাপক ভেকচিন প্রদান অভিযান আৰম্ভ কৰিছে৷ প্রত্যেক জিলা প্রশাসনৰ সহযোগত সোমবাৰে প্রথম দিনাই নির্ধাৰিত লক্ষ্য সফলতাৰে অতিক্রম কৰিবলৈ সক্ষম হৈছোঁ৷ ব্যাপক হাৰত প্রতিষেধক গ্রহণৰ বাবে ৰাইজ আগবাঢ়ি অহা কার্যই অসমক ক’ভিডমুক্ত কৰাৰ দিশত ৰাজ্যবাসীৰ সংকল্পবদ্ধতাকে প্রতীয়মাণ কৰিছে৷ অনাগত দিনত ৰাইজৰ সহযোগত শীঘ্রে নির্ধাৰিত লক্ষ্যত উপনীত হোৱাত সহায় কৰিব৷’ এই অভিযান সফল কৰি তোলাত সহযোগিতা আগবঢ়োৱা বিষয়া–কর্মচাৰী, চিকিৎসক, স্বাস্থ্যকর্মী, আশাকর্মী, আৰক্ষী, স্বেচ্ছাসেৱক, শিক্ষককে ধৰি সকলোকে তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰে৷ একে সময়তে এই অভিযানৰ অধীনত বৃহৎসংখ্যক লোকক ভেকচিন প্রদানৰ বাবে প্রয়োজন হোৱা ক’ভিড ভেকচিন পর্যাপ্ত পৰিমাণে আগবঢ়োৱাৰ বাবে প্রধানমন্ত্রী মোদীকো তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰে৷

ৰাজ্যত এই অভিযান সফল কৰাৰ ক্ষেত্রত সমুখৰ পৰা নেতৃত্ব দিয়া মুখ্যমন্ত্রী ড০ শর্মাকো তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰে৷ এনেদৰে সফলভাৱে এই ভেকচিন প্রদান প্রক্রিয়া অব্যাহত থাকিলে অহা ১৫ আগষ্টৰ ভিতৰত ৰাজ্যখনক এটা পর্যায়লৈ লৈ যাব পাৰিব বুলিও তেওঁ উল্লেখ কৰে৷

লক্ষণীয় যে স্বাস্থ্যমন্ত্রীগৰাকীয়্ ৰাষ্ট্রীয় স্বাস্থ্য অভিযানৰ মিছন সঞ্চালক ডাঃ এছ লক্ষ্মণন আৰু বিভাগীয় উচ্চ পর্যায়ৰ বিষয়াৰ দলসহ কামৰূপ মহানগৰ জিলাৰ তিনিটা, মৰিগাঁৱৰ দুটা আৰু নগাঁৱৰ তিনিটা ভেকচিন প্রদান কেন্দ্র পৰিদর্শন কৰে৷ নগাঁও জিলাৰ মিছাৰ কেলিডেন চাহ বাগিচা আৰু জখলাবন্ধা মিলন সংঘ ক’ভিড প্রতিষেধক কেন্দ্র ভ্রমণৰ সময়ত জিলাখনৰ অভিভাৱক পীয়ূষ হাজৰিকা আৰু জিলাখনৰ উপায়ুক্ত উপস্থিত থাকে৷

RELATED ARTICLES