বুধবাৰে এই অনুষ্ঠানতে মন্ত্রী ড০ শর্মাই ২০১৮ আৰু ২০১৯ বর্ষত সুখ্যাতিৰে উত্তীর্ণ ছাত্রীসকলক সেই সময়ত তেতিয়াৰ শিক্ষামন্ত্রী সিদ্ধার্থ ভট্টাচার্যই স্কুটী নিদিয়াৰ সিদ্ধান্ত গ্রহণ কৰা বাবেই দিয়া হোৱা নাছিল৷ ভট্টাচার্যই স্কুটীৰ পৰিৱর্তে চাইকেল দিয়াৰ কথা কৈছিল৷ কিন্তু পৰৱর্তী পর্যায়ত তেওঁ পুনৰ শিক্ষামন্ত্রীৰ দায়িত্ব লাভ কৰাত সেইসকল ছাত্রীকো স্কুটী দিয়াৰ ব্যৱস্থা কৰে৷ তেওঁ আৰু কয় যে আজি দ্বিতীয় পর্যায়ৰ স্কুটী বিতৰণৰ শুভাৰম্ভ কৰা হৈছে৷ এটা সপ্তাহ পাছতেই বিধানসভা নির্বাচনৰ অধিসূচনা জাৰি হ’ব যদিও জিলা ভিত্তিত যি স্কুটী প্রদানৰ দিন–তাৰিখ প্রকাশ কৰা হৈছে, সেই মতে তালিকাত নাম থকা প্রতিগৰাকী ছাত্রীয়ে স্কুটী লাভ কৰিব৷
উল্লেখ্য যে এই স্কুটী প্রদান অনুষ্ঠানৰ সময়ত জি এম চি এইচ প্রেক্ষাগৃহৰ বাহিৰত একাংশ বঞ্চিত ছাত্রীয়ে হাতত ‘আমাক ন্যায় লাগে’ শীর্ষক ফেষ্টুন লৈ প্রতিবাদ সাব্যস্ত কৰে৷ সেইসকল ছাত্রীৰ অভিযোগ– মেধাৰ ভিত্তিত তালিকা প্রস্তুত কৰা হোৱা নাই৷ তেওঁলোকতকৈ কম নম্বৰ পোৱা বহু ছাত্রীৰ নাম স্কুটী পাবলগীয়া তালিকাত সন্নিৱিষ্ট হৈছে যদিও তেওঁলোকে অধিক নম্বৰ লাভ কৰিও বঞ্চিত হৈছে৷ এই সম্পর্কত ভাষণত মন্ত্রী ড০ শর্মাই কয় যে মেধাৰ তালিকা বিজ্ঞান, কলা আৰু বাণিজ্য শাখাৰ পৰা আনুপাতিক হিচাপত যুগুতোৱা হৈছে৷ অকল মেধাৰ ভিত্তিত কৰিলে সকলো স্কুটী বিজ্ঞান শাখাৰ ছাত্রীয়ে লাভ কৰিলেহেঁতেন৷ কাৰণ বিজ্ঞান শাখাত অধিক নম্বৰ লাভ কৰে৷ সেয়ে কলা–বিজ্ঞান–বাণিজ্য শাখাৰ পৰা আনুপাতিক হাৰত স্কুটী লাভ কৰিবলগীয়া ছাত্রীৰ তালিকা প্রস্তুত কৰা হৈছে৷
ইফালে ছাত্রীসকলক প্রদান কৰা স্কুটী ৰাজনৈতিক দলৰ শোভাযাত্রাত ব্যৱহাৰ হোৱা তেওঁ প্রত্যক্ষ কৰাৰ কথা উল্লেখ কৰি মন্ত্রী ড০ শর্মাই কয় যে এই স্কুটী বিনামূলীয়া উপহাৰ নহয়৷ তেওঁলোকৰ শৈক্ষিক সফলতাৰ বাবে উৎসাহ যোগাবলৈ দিয়া স্বীকৃতিহে৷ সেয়ে তেওঁ ছাত্রীসকলক স্কুটীখন ৰাজনীতিৰ ঊর্ধ্বত ৰাখি অপব্যৱহাৰ নকৰিবলৈ আহ্বান জনায়৷ তেওঁ লগতে ছাত্রীসকলক হেলমেট পৰিধান কৰাটো বাধ্যতামূলক বুলি মন্তব্য কৰি কয় যে ৰাজনৈতিক নেতা হিচাপে বাইক–স্কুটী ৰেল আদিত অংশগ্রহণ কৰিলে তেওঁ হেলমেট পৰিধান নকৰে৷
তাৰ কাৰণ হৈছে হেলমেট পৰিধান কৰিলে মুখখন নেদেখি৷ তেওঁলোকে ফটোৰ বাবেহে ৰেলী কৰে৷ তদুপৰি সেই সময়ত তেওঁলোকে দুশ মিটাৰ, তিনিশ মিটাৰ বা পাঁচশ মিটাৰহে অতি কম স্পীডত ৰেলী উলিয়ায়৷ সেয়ে তেওঁলোকক অনুকৰণ নকৰিবলৈ তেওঁ আহ্বান জনায়৷ আজিৰ এই অনুষ্ঠানত ৰাজ্যিক স্বাস্থ্যমন্ত্রী ভবেশ কলিতা, অসম মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ দয়ানন্দ বৰগোহাঁই, ছেবাৰ অধ্যক্ষ আৰ চি জৈন, শিক্ষা বিভাগৰ প্রধান সচিব বি কল্যাণ চক্রৱর্তী, আয়ুক্ত সচিব প্রীতম শইকীয়া আদিও উপস্থিত থাকে৷