peepl-small

ৰাজ্যত একেদিনাই ক’ভিডত মৃত্যু ২৬ জনৰ

PUBLISHED:

গুৱাহাটীঃ ক’ৰোনাৰ সংক্রমণ অধিক জটিল কৰি যোৱা ২৪ ঘণ্টাত ২৬গৰাকী আক্রান্তৰ মৃত্যু ঘটিছে৷ ৰাষ্ট্রীয় স্বাস্থ্য মিছনে প্রকাশ কৰা তথ্য অনুসৰি বৃহস্পতিবাৰে ৰাজ্যত ৬৭,২৭৮গৰাকী লোকৰ ক’ভিড টেষ্ট সম্পন্ন কৰা হৈছিল৷ এইসকলৰ মাজৰ ৩,০৭৯গৰাকী লোক ক’ৰোনা আক্রান্ত ৰূপে চিহ্ণিত হৈছে৷ আক্রান্তৰ হাৰ হ’ল ৪.৫৮ শতাংশ৷

ইফালে,  ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হোৱাসকলৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰ ১৫গৰাকী, যোৰহাট জিলাৰ তিনিগৰাকী, কাছাৰ জিলাৰ দুগৰাকী, বঙাইগাঁও, দৰং, ধেমাজি, কোকৰাঝাৰ আৰু তিনিচুকীয়া জিলাৰ এগৰাকীকৈ লোক আছে৷ ক’ৰোনাৰ সংক্রমণ ৰাজ্যত বৃদ্ধি পাইছে যদিও বিগত ৪৮ ঘণ্টাত কামৰূপ মহানগৰ জিলাত এই সংক্রমণ কিছু হ্রাস পাইছে৷ বুধবাৰে কামৰূপ জিলাত আক্রান্তৰ সংখ্যা আছিল ১,২০৬গৰাকী৷  এই সংখ্যা হ্রাস পায় ১,০২৯গৰাকীলৈ৷ আনহাতে, ডিব্রুগড় জিলাত ২৩৮গৰাকী, কামৰূপ জিলাত ২৩৪গৰাকী আৰু নগাঁও জিলাত ১৫৬গৰাকী লোক ক’ৰোনাত আক্রান্ত হৈছে৷ আজিৰ দিনটোত ক’ৰোনামুক্ত হৈছে ১,৭৯৭গৰাকী লোক৷ এতিয়াও ক’ৰোনাত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে ২৩,১০৪গৰাকী লোক৷

RELATED ARTICLES