peepl-small

মাইক্র’ ফাইনেঞ্চৰ ঋণ ৰেহাইৰে ২২ লাখ মহিলাৰ জীৱন স্পর্শ কৰিব চৰকাৰে

PUBLISHED:

গুৱাহাটী:  মাইক্র’ ফাইনেঞ্চৰ ঋণ ৰেহাইক লৈ সৃষ্টি হোৱা প্রক্রিয়াৰ মাজতে আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ স্পষ্ট ঘোষণা– ঋণ ৰেহাইৰে চৰকাৰে ৰাজ্যৰ ২২ লাখ মহিলাৰ জীৱন স্পর্শ কৰিব৷ যোৱা সময়ছোৱাত মাইক্র’ ফাইনেঞ্চৰ ঋণ ৰেহাইক লৈ ৰাজ্য চৰকাৰে বান্ধি দিয়া নীতি–নিয়মক লৈ ৰাজ্যৰ ভিন্ন প্রান্তত একাংশ মহিলাৰ মাজত সৃষ্টি হৈছিল অসন্তুষ্টি৷ এনে অসন্তুষ্টিৰ পৰিপ্রেক্ষিততে  শুকুৰবাৰে মুখ্যমন্ত্রী ড০ শর্মাই ঘোষণা কৰিলে যে দুখীয়া মহিলাৰ ঋণ ৰেহাইৰ বাবে যি প্রতিশ্রুতি দিয়া হৈছিল, সেয়া ৰূপায়ণ কৰা হ’ব৷

খানাপাৰাৰ প্রশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত  এখন সংবাদ মেল আয়োজন কৰি মুখ্যমন্ত্রীয়ে কয়– নির্বাচনৰ সময়ত প্রতিখন সভাতে মই দুখীয়া মহিলাক মাইক্র’ ফাইনেঞ্চৰ ঋণ ৰেহাই দিয়া হ’ব বুলি কৈছিলোঁ৷ আমি যি কৰিব লাগে দুখীয়া আৰু আর্তজনৰ বাবে কৰিব লাগিব৷ প্রথম কথা আমাৰ লক্ষ্য দুখীয়া আৰু আর্তজন৷ আমি কোনো ধনী মানুহৰ লোন ৰেহাইৰ কথা কোৱা নাছিলোঁ আৰু এয়া উচিতো নহয়৷

উল্লেখ্য যে ৰাজ্যৰ ২২ লাখ মহিলাই মাইক্র’ ফাইনেঞ্চৰ পৰা ১২,৫০০ কোটি টকাৰ লোন লৈছে৷ এনে অৱস্থাত এই বৃহৎ পৰিমাণৰ ধন ৰেহাই দিয়াৰ ক্ষেত্রত চৰকাৰে কি পদক্ষেপ গ্রহণ কৰিব, তাক লৈ বিগত সময়ছোৱাত বিভিন্ন চর্চা হোৱাৰ লগতে বিতর্কৰো সৃষ্টি হৈছিল৷

এই সকলো বিতর্ক তথা চর্চাৰ উত্তৰ দি মুখ্যমন্ত্রীয়ে কয়– অসমৰ মহিলাই ১২,৫০০ কোটি টকাৰ ঋণ লৈছে৷ গতিকে এই ঋণসমূহ আদায় দিয়াৰ ক্ষেত্রত বহু পৰিমাণে উলংঘা হৈছে ভাৰতীয় ৰিজার্ভ বেংক (আৰ বি আই)ৰ নীতি–নিয়ম৷ এনে সমগ্র বিষয়টো মাইক্র’ ফাইনেঞ্চ প্রতিষ্ঠানসমূহৰ সৈতে আলোচনাৰ অন্তত চৰকাৰে এলানি সিদ্ধান্ত গ্রহণ কৰিছে৷ ইতিমধ্যে ঋণ প্রদান কৰা বন্ধন বেংক, নর্থ–ইষ্ট স্মল ফাইনেঞ্চ ব’ড, আৰোহণ ফাইনেঞ্চ ছার্ভিচ আৰু মাইক্র’ ফাইনেঞ্চসমূহৰ উমৈহতীয়া সংস্থা এম এফ আই এনৰ সৈতে দীঘলীয়া আলোচনা অনুষ্ঠিত হয়৷ এই আলোচনা কালত মাইক্র’ ফাইনেঞ্চ প্রতিষ্ঠানসমূহে আৰ বি আইৰ নীতি–নিয়ম উলংঘা কৰি যিসমূহ ঋণ প্রদান কৰিছে, তেনে ঋণ ৰেহাই দিয়াৰ কথা চৰকাৰক জানিবলৈ দিছে৷ কিয়নো মাইক্র’ ফাইনেঞ্চ প্রতিষ্ঠানসমূহে ১.২৫ লাখ টকাৰ ওপৰত ঋণ দিব নোৱাৰে৷ ক’ৰবাত ক’ৰবাত প্রতিষ্ঠানসমূহে ২ লাখ টকালৈও ঋণ দিছে৷ নীতি–নিয়ম উলংঘাৰে প্রদান কৰা ঋণসমূহ বাদ দিলে আদায় দিব লগা ঋণৰ পৰিমাণ হ’ব ৮,২৫০ কোটি টকা৷ এনে ক্ষেত্রত চৰকাৰে মাইক্র’ ফাইনেঞ্চৰ ৮,২৫০ কোটি টকাৰ ঋণৰ ওপৰত ৰেহাইৰ ব্যৱস্থা গ্রহণ কৰিছে৷

মুখ্যমন্ত্রীগৰাকীয়ে সংবাদ মেলত প্রকাশ কৰা অনুসৰি চৰকাৰে মুখ্যতঃ তিনিটা শিতানত ঋণ ৰেহাইৰ প্রক্রিয়া আৰম্ভ কৰিব৷ সেই অনুসৰি যিসকল মহিলাই মাইক্র’ ফাইনেঞ্চৰ ঋণ লৈছে, নিয়ম অনুসৰি ঋণ ওভতাই দি আছে, তেনে ঋণ গ্রহণ কৰাসকলক চৰকাৰে ৰেহাই নিদি ২৫ হাজাৰ টকা উদগনিমূলক ধন হিচাপে ওভতাই দিব৷ অর্থাৎ এইসকল মহিলাই চৰকাৰৰ ঋণ ৰেহাই বিচৰা নাই৷ তেওঁলোকে নিজৰ সামর্থ্য অনুযায়ী ঋণ বেংকক আদায় দি আছে৷ দ্বিতীয় শিতানত যিসকলে ঋণ ঘূৰাই দি আছিল, কিন্তু নতুন চৰকাৰ অহাৰ লগে লগে ঋণৰ কিস্তি দিয়া নাই, তেওঁলোকে যদি লোন ঘূৰাই দিব বিচাৰে, তেতিয়া তেওঁলোকক উদগনি ধন দিয়াৰ লগতে অভাৰ ডিউ হৈ থকা ধনো চৰকাৰে ঘূৰাই দিব৷ তৃতীয় শিতানত চৰকাৰে সেইসকল মহিলাৰ ঋণ ওভতাই দিব, যিসকলে ভৱিষ্যতে কোনো ধৰণৰ ঋণ নলয়৷

মুখ্যমন্ত্রীগৰাকীয়ে ইয়াকো উল্লেখ কৰি কয়– যেতিয়া কোনো মহিলাক ঋণ মাফ কৰি দিম, তেওঁৰ নামটো বেংকত এন পি এ হিচাপে গুচি যাব৷ ফলত সেই মহিলাগৰাকী বা তেওঁৰ পৰিয়ালে ভৱিষ্যতে আৰু কোনো লোন ল’ব নোৱাৰে৷ এনে অৱস্থাত এইসকল মহিলাই এই বিষয়টো নিজে চিন্তা কৰি চাব লাগিব৷ তেওঁলোকৰ সকলো ঋণ চৰকাৰে ৰেহাই দিব কিন্তু বেংকত তেওঁলোক এন পি এ বুলি স্বীকৃত হ’ব৷ এনে অৱস্থাত এই মহিলাসকলে চৰকাৰে আগবঢ়োৱা বিভিন্ন আঁচনিৰ ঋণ লোৱাৰ ক্ষেত্রত বাধা আহি যাব৷ প্রথম দুটা শিতানৰ ক্ষেত্রত চৰকাৰৰ কোনো ধৰণৰ চর্ত নাথাকিব৷ কিন্তু সমুদায় ঋণ ৰেহাই দিয়াৰ ক্ষেত্রত চৰকাৰে নিশ্চিতভাৱে এলানি নীতি–নিয়মৰ মাজেৰে যাব বিচাৰিছে৷ যদি কোনোবা চৰকাৰী কর্মচাৰীৰ পত্নীয়ে ঋণ লৈছে, তেন্তে এই ঋণ ওভতাই দিয়াৰ প্রশ্ণই নুঠে৷

একেদৰে কাৰবাৰ ঘৰত যদি এখন বিলাসী গাড়ী আছে, তেন্তে তেওঁক কিয় লোন ঘূৰাই দিম? কোনবোৰ দুখীয়া লোক, তাৰ সূত্রৰ ক্ষেত্রত কিছু এৰা–ধৰা হ’ব পাৰে৷ কিন্তু সামর্থ্যৱান লোকৰ ঋণ ৰেহাই দিয়া যে নহয় সেয়া স্পষ্ট৷ উল্লেখ্য যে মাইক্র’ ফাইনেঞ্চৰ ঋণ আদায়ৰ ক্ষেত্রত বিত্তীয় প্রতিষ্ঠানসমূহে ঋণদাতাৰ ওপৰত চলাই অহা আতিশয্য ৰোধৰ বাবে চৰকাৰে ইতিমধ্যে এখন আইন প্রণয়ন কৰিছে৷ মুখ্যমন্ত্রী ড০ শর্মাই   উক্ত আইনৰ প্রসংগ উত্থাপন কৰি কয় যে ইতিমধ্যে ৰাজ্যপালে এই আইনত অনুমোদন জনাইছে আৰু ইয়াক অতি সোনকালে বলৱৎ কৰা হ’ব৷ আইনখন কার্যকৰী হ’লে কোনো মাইক্র’ ফাইনেঞ্চ প্রতিষ্ঠানে এগৰাকী মহিলাক তিনিটাতকৈ অধিক ঋণ দিব নোৱাৰে৷ এই ঋণৰ পৰিমাণ ১.২৫ লাখতকৈ অধিক হ’ব নোৱাৰে৷ তদুপৰি বিত্তীয় প্রতিষ্ঠানৰ কোনো এজেণ্টে ঘৰলৈ গৈ মহিলাগৰাকীক ঋণ আদায়ৰ ক্ষেত্রত আতিশয্য চলাব নোৱাৰে৷

মুখ্যমন্ত্রীয়ে কয়– গড় হিচাপত একোগৰাকী মহিলাৰ বিপৰীতে প্রায় ৫২ হাজাৰ টকাৰ ঋণ আছে৷ চৰকাৰে ২২ লাখ মহিলাক ঋণ ৰেহাই দিব বিচাৰিলে এই মহিলাসকল এন পি এত গুচি যাব আৰু ভৱিষ্যতে কোনো ধৰণৰ ঋণ নাপাব৷ ঋণ মাফ কৰাটো এটা পলিটিকেল ষ্টেটমেণ্ট আছিল৷ চৰকাৰ হিচাপে এই ঘোষণা আমি কৰা নাছিলোঁ৷ মোৰ কথা হ’ল যিসকলে ভাবে যে মই আৰু ভৱিষ্যতে ঋণ নলওঁ, তেওঁলোকক আমি ঋণ ৰেহাই দিম৷ কিন্তু তেওঁলোকক ভৱিষ্যতে হয়তো বেংকে আন ঋণ নিদিব৷

RELATED ARTICLES