peepl-small

ক’ভিড আক্রান্তৰ সেৱার্থে গুৱাহাটীত ২১টা বিশেষ দবা

PUBLISHED:

গুৱাহাটী: ক’ভিড–১৯ৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি উত্তৰ–পূব সীমান্ত ৰে’লৱেই ইয়াৰ অধীক্ষেত্রৰ অধীনৰ ৰাজ্য চৰকাৰসমূহৰ আবেদনৰ ওপৰত ভিত্তি কৰি ক’ৰোনা ৰোগীক চিকিৎসালয়ত ভর্তি কৰাৰ বাবে ক্রমাৎ বাঢ়ি অহা আৱশ্যকতাৰ সৈতে মোকাবিলা কৰাৰ অর্থে সংশ্লিষ্ট ৰাজ্যসমূহক সাহায্য প্রদান কৰাৰ বাবে সাজু হৈ আছে৷

শুকুৰবাৰে উত্তৰ–পূব সীমান্ত ৰে’লৱেই ক’ভিড আইছ’লেচন কোচৰূপে ব্যৱহাৰ কৰাৰ বাবে ২১টা ক’ভিড চিকিৎসা দবা অসম চৰকাৰৰ কর্তৃপক্ষৰ হাতত অর্পণ কৰে৷ এই দবাসমূহ ক’ভিড ৰোগীৰ বাবে অক্সিজেন চিলিণ্ডাৰৰ দৰে অত্যাৱশ্যকীয় চিকিৎসকীয় সা–সুবিধাৰে সজ্জিত কৰি তোলাৰ লগতে সাধাৰণ লক্ষণ থকা ৰাজ্যখনৰ ক’ভিড–১৯ ৰোগীসকলকো ইয়াত চিকিৎসা কৰিব পৰা যাব৷

ইয়াতে উল্লেখ কৰিব পাৰি যে অসম চৰকাৰে ৰাজ্যখনৰ বিভিন্ন স্থানত ১৫০টা ক’ভিড চিকিৎসা দবা সাজু কৰি ৰাখিবলৈ অনুৰোধ জনাইছে, যিসমূহ ৰাজ্য প্রশাসনৰ দ্বাৰা প্রয়োজন অনুসাৰে চিনাক্তকৃত ষ্টেচনসমূহত সংস্থাপিত কৰিব পৰা যাব৷

RELATED ARTICLES