peepl-small

১৭৩খন গাঁও পঞ্চায়ত ক’ভিড–১৯ মুক্ত ঘোষণা

PUBLISHED:

গুৱাহাটীঃ  চহৰাঞ্চলৰ সমান্তৰালভাৱে গ্রামাঞ্চলত শেহতীয়াকৈ ভয়াৱহ হৈ পৰা ক’ভিড সংক্রমণক লৈ স্বাস্থ্য বিভাগ তথা ৰাজ্য চৰকাৰ উদ্বিগ্ন হৈ থকাৰ সময়তে ৰাজ্যৰ ৩০৪খন পঞ্চায়ত আৰু ভি চি ডি চি এতিয়াও ক’ভিডমুক্ত হৈ আছে৷

ক’ৰোনাৰ দ্বিতীয় ঢ়ৌৱে এইবাৰ  গ্রামাঞ্চলৰ পৰিৱেশ জটিল কৰি তোলাই নহয়, ক্রমাৎ গ্রামাঞ্চলত আক্রান্তৰ মৃত্যুৰ সংখ্যাও বৃদ্ধিও পাইছে৷ এনে অৱস্থাত ৩০৪খন গাঁও পঞ্চায়ত আৰু ভি চি ডি চি ক’ৰোনামুক্ত কৰি ৰখাত সফল হৈছে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগ৷ সোমবাৰে এই তথ্য প্রকাশ কৰিলে পঞ্চায়ত আৰু গ্রামোন্নয়ন মন্ত্রী ৰঞ্জিত কুমাৰ দাসে৷

সোমবাৰে এখন সংবাদ মেলত মন্ত্রী দাসে প্রকাশ কৰা অনুসৰি ১৭৩খন গাঁও পঞ্চায়ত আৰু ১৩১খন ভি চি ডি চি–ভি ডি চি এতিয়াও ক’ৰোনামুক্ত হৈ আছে৷ এয়া ৰাজ্যবাসীৰ বাবেই আশাৰ বতৰা৷ যি সময়ত ক’ৰোনাৰ দ্বিতীয় ঢৌয়ে প্রতিখন গাঁও পঞ্চায়তক জোকাৰি গৈছে, তেনে সময়ত ৩০৪খন গাঁও পঞ্চায়ত তথা ভি চি ডি চি ক’ৰোনামুক্ত কৰি ৰখাৰ ক্ষেত্রত পঞ্চায়ত–গ্রামোন্নয় বিভাগে গ্রহণ কৰিছে এলানি বিশেষ পদক্ষেপ৷ সেই অনুসৰি প্রতিখন গাঁও পঞ্চায়ত আৰু ভি চি ডি চিত একোটাকৈ ৱাৰ ৰুম স্থাপন কৰা হৈছে৷

তদুপৰি প্রতিখন পঞ্চায়তত গঠন কৰা হৈছে একোটাকৈ টাস্ক ফ’চ৷ ইয়াৰ জৰিয়তে গাঁও এলেকাসমূহত জবকার্ড হল্ডাৰ, অর্থনৈতিকভাৱে অতি পিছপৰা শ্রেণীৰ লোকৰ মাজত বিনামূলীয়া মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰা হৈছে৷ মন কৰিবলগীয়া যে ৰাজ্যত মুঠ ২,১৯৭ গাঁও পঞ্চায়ত, ষষ্ঠ অনুসূচীৰ অন্তর্গত জিলাসমূহত ৪৭৯খন ভি চি ডি চি আৰু ভি ডি চি আছে৷ ইয়াৰে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদত ৪০খন ভি ডি চি, ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদত ২৮খন ভি ডি চি আৰু বি টি এ ডিত ৪১১খন ভি চি ডি চি আছে৷ লক্ষণীয়ভাৱে ক’ভিড প্রতিৰোধী এই যুঁজখনত বিভাগক এইক্ষেত্রত সহযোগিতা আগবঢ়াইছে মন্ত্রী–সাংসদ, বিধায়ক আৰু পৰিষদীয় সমষ্টিৰ সদস্যসকলে৷

ইতিমধ্যে তিনিগৰাকী মন্ত্রী, দুগৰাকী সাংসদ আৰু ৪০গৰাকী বিধায়কৰ লগতে চাৰিগৰাকী পৰিষদীয় সদস্যই পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগে গ্রহণ কৰা কার্যসূচীত ভাগ লৈ ইয়াক সফল কৰি তুলিছে৷ উল্লেখ্য যে বিভাগটোৰ এনে ক’ভিড প্রতিৰোধী পদক্ষেপৰ বাবে গোলাঘাট জিলাত সর্বাধিক ৫৭খন গাঁও পঞ্চায়ত ক’ভিডমুক্ত হৈ আছে৷

মন্ত্রী ৰঞ্জিত দাসে সোমবাৰে ইয়াকো উল্লেখ কৰে যে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ অধীনত চলি থকা পেন্সন আঁচনিসমূহৰ জৰিয়তে হিতাধিকাৰীক নিয়মীয়াকৈ আর্থিক সাহায্য আগবঢ়োৱাৰ ক্ষেত্রত বিভাগে বিশেষ পদক্ষেপ গ্রহণ কৰিছে৷ শ্বহীদ কুশল কোঁৱৰ সার্বজননী বৃদ্ধ পেন্সন আঁচনিৰ অধীনত ২৫০ টকাকৈ আৰু ইন্দিৰা  মিৰি সার্বজনীন বিধৱা পেন্সনত ৩০০ টকাকৈ পেন্সনৰ ধন যাতে প্রতিমাহৰ ১০ তাৰিখে হিতাধিকাৰীয়ে লাভ কৰিব পাৰে, তাৰ ব্যৱস্থা লোৱা হৈছে৷

ইফালে, সোমবাৰে পঞ্চায়ত আৰু গ্রামোন্নয়ন মন্ত্রীজনে আর্থিকভাৱে সচ্ছল লোকসকলক তেওঁলোকৰ লগত থকা ৰেচন কার্ডসমূহ পৰিহাৰ কৰিবলৈ আহ্বান জনায়৷ মন্ত্রীগৰাকীয়ে এই সন্দর্ভত কয়– যিসকল লোক আর্থিকভাৱে সচ্ছল, যাৰ বছৰেকীয়া আয় ১ লাখতকৈ অধিক বা চৰকাৰী চাকৰি আছে, পেন্সন লাভ কৰে, তেনে পৰিয়াল বা লোকসকলে ৰেচন কার্ডৰ সুবিধা লৈ থকাটো যুক্তিসংগত নহয়৷ আর্থিকভাৱে সচ্ছল এনে লোকসকলে অতি সোনকালে ৰেচন কার্ডসমূহ পৰিহাৰ কৰি দুখীয়া লোকসকলে যাতে নিয়মিতভাৱে খাদ্য–সামগ্রী লাভ কৰে, তাৰ বাবে আগবাঢ়ি অহাটো প্রয়োজন৷

মন্ত্রীগৰাকীয়ে সোমবাৰে প্রকাশ কৰা অনুসৰি আর্থিকভাৱে সচ্ছল হোৱাৰ পাছতো ৰেচন কার্ড লৈ থকা এক লাখ পৰিয়ালৰ পৰা ৰেচন কার্ড উদ্ধাৰ কৰা হৈছে৷ আন চাৰি লাখ ৰেচন কার্ড এনে ধৰণে আর্থিকভাৱে সচ্ছল লোকৰ হাতত থকাটো বিভাগে চিনাক্ত কৰিছে৷ এই পৰিয়ালসমূহে স্ব–ইচ্ছাই ৰেচন কার্ড পৰিহাৰ কৰিলে পাঁচ লাখ দুখীয়া পৰিয়ালে ৰেচন কার্ড লাভ কৰিব৷

RELATED ARTICLES