peepl-small

গুৱাহাটী: দেওবাৰে ৫৮টা কেন্দ্রত ১৬,৫৭০জনক টিকাকৰণ

PUBLISHED:

গুৱাহাটী:  ৰাজ্য চৰকাৰৰ নির্দেশমর্মে কামৰূপ মহানগৰ জিলা প্রশাসন আৰু স্বাস্থ্য বিভাগে শনিবাৰৰ পৰা পুনৰ আৰম্ভ কৰিছে ভেকচিন প্রদান অভিযান৷ কালি মহানগৰ জিলাৰ ২৩,২৭৮গৰাকী লোকক ভেকচিন প্রদান কৰিছিল৷

দেওবাৰে মহানগৰীৰ ৫৮টা কেন্দ্রত মুঠ ১৬,৫৭০গৰাকী লোকক ক’ভিড ভেকচিন প্রদান কৰা হয়৷ মহানগৰ জিলা প্রশাসনে এসপ্তাহৰ ভিতৰত বাকী থকা প্রায় ১.৬০ লাখ লোকক ভেকচিন প্রদানৰ লক্ষ্য স্থিৰ কৰিছে৷ ইফালে, দেওবাৰে গুৱাহাটী মহানগৰীত ২১,৪৩৫গৰাকী লোকৰ ক’ভিড টেষ্ট কৰা হয়৷ ইয়াৰ ভিতৰত ২২৬গৰাকী লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে৷

RELATED ARTICLES