peepl-small

পলায়ন কৰা বহিঃৰাজ্য ফেৰৎ ১৪০ ৰে’লযাত্রীক আটক

PUBLISHED:

গুৱাহাটী: ৰাজ্যত ক’ভিড আতংক অব্যাহত থকাৰ সময়তে কালি বহিঃৰাজ্যৰ পৰা অহা একাংশ যাত্রীয়ে জাগীৰোড ৰে’ল ষ্টেচনৰ পৰা পলায়ন কৰা ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে৷

সোমবাৰে আৰক্ষীয়ে মুঠ ১৪০জন যাত্রীক আটক কৰি ক’ভিড পৰীক্ষাৰ ব্যৱস্থা কৰিছে৷ প্রাপ্ত তথ্য অনুসৰি আটক কৰা লোকসকলক মৰিগাঁও তৰুণৰাম ফুকন খেলপথাৰত ক’ভিড পৰীক্ষাৰ ব্যৱস্থা কৰিছে প্রশাসনে৷ বর্তমানলৈ এই লোকসকলৰ ভিতৰত ৯জনৰ শৰীৰত ক’ভিডৰ অৱস্থিতি ধৰা পৰিছে৷ আজি আটক কৰা লোকসকলৰ ভিতৰত মৰিগাঁৱৰ ১৩০জন আৰু নগাঁও জিলাৰ ১০জন বুলি জানিব পৰা গৈছে৷

ইতিমধ্যে ক’ভিড টেষ্ট নকৰোৱাকৈয়ে জাগীৰোড ৰে’ল ষ্টেচনৰ পৰা পলায়ন কৰা যাত্রীসকলৰ বিৰুদ্ধে জাগীৰোড আৰক্ষী থানাত ৩১৫/২০২১ নম্বৰত এটা গোচৰ ৰুজু কৰা হৈছে৷ আনহাতে, পলায়ন কৰা আন যাত্রীসকলৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে মৰিগাঁও আৰক্ষীয়ে৷ আজি এখন সংবাদ মেল সম্বোধন কৰি মৰিগাঁৱৰ আৰক্ষী অধীক্ষক অর্পণা নটৰাজনে কয় যে বিবেক এক্সপ্রেছৰ পৰা কালি যাত্রীসকল জাগীৰোড, হোজাই আৰু লামডিং ষ্টেচনত নামিছিল৷ এই তিনিওটা ষ্টেচনতে মুঠ ৩৪২জন যাত্রী নামিছিল৷

তেওঁ প্রকাশ কৰা অনুসৰি কালি এই ভয়াৱহ ঘটনা সংঘটিত হোৱাৰ পাছতে অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ–আৰক্ষী অধীক্ষকৰ নেতৃত্বত নিশাৰ ভাগত অভিযান চলাই পলায়ন কৰা লোকসকলক আটক কৰা হৈছে৷ এইক্ষেত্রত গাঁওৰক্ষী বাহিনীসমূহেও তেওঁলোকক সহায়–সহযোগিতা কৰিছে৷ মুখ্যমন্ত্রী আৰু অসম আৰক্ষীৰ সঞ্চালকপ্রধানে কঠোৰ নির্দেশ দিয়াৰ পাছতে মৰিগাঁও আৰক্ষীয়ে ক’ভিড বিধি উলংঘা কৰাসকলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে৷ কালি সংঘটিত হোৱা ঘটনা অত্যন্ত গর্হিত বুলি অভিহিত কৰি আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে প্রট’কল ভংগকাৰীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব৷ যাত্রীসকলৰ সংস্পর্শলৈ অহা পৰিয়াল আৰু অন্যান্য লোকসকলৰো ক’ভিড পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে৷ গোচৰত অভিযুক্তসকলক আদালতত হাজিৰ কৰোৱা হ’ব৷

উল্লেখ্য যে শনিবাৰে কেৰালাৰ পৰা আহি জাগীৰোড ষ্টেচনত উপস্থিত হৈছিল বিবেক এক্সপ্রেছ নামৰ ৰে’লখন৷ কেৰালাত বিভিন্ন প্রতিষ্ঠানত কর্মৰত পাঁচ শতাধিক লোক এই ৰে’লেৰে উভতি আহিছিল৷ জাগীৰোড ষ্টেচনত ৰে’লযাত্রীক ক’ভিড পৰীক্ষা কৰাৰ যাৱতীয় ব্যৱস্থা প্রশাসনে গ্রহণ কৰিছিল৷ কিন্তু কালি ৰে’লখনেৰে অহা যাত্রীসকলে ষ্টেচনটোত এক হুলস্থূলীয়া পৰিৱেশ সৃষ্টি কৰি পলায়ন কৰে৷ এই ঘটনাৰ পাছতে সমগ্র মৰিগাঁও, নগাঁও জিলাত হাহাকাৰ পৰিস্থিতি সৃষ্টি হয়৷ বহিঃৰাজ্যৰ পৰা অহা লোকসকলৰ পৰা ক’ভিডৰ গণ সংক্রমণে ভয়াৱহ ৰূপ ল’ব বুলিও স্থানীয় লোকসকলে আশংকা প্রকাশ কৰিছে৷

অৱশ্যে ইয়াৰ মাজতে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্রহণ কৰি তেওঁলোকক আটক কৰা কার্যই কিছু পৰিমাণে আশ্বস্ত কৰিছে স্থানীয় লোকসকলক৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে পলাতক ৰে’লযাত্রীৰ বিৰুদ্ধে নগাঁও জিলাত অভিযান আৰম্ভ কৰিছে আৰক্ষী অধীক্ষক আনন্দ মিশ্রই৷ তেওঁৰ নির্দেশত ৰূপহী, জুৰীয়া, বটদ্রৱা, ধিং, ৰহা আৰু চামগুৰি অঞ্চলত অভিযান চলোৱা হৈছে৷ ইতিমধ্যে জুৰীয়া আৰক্ষীয়ে ২১জন ৰে’লযাত্রীক আটক কৰিছে৷ জিলাখনত প্রতিখন আৰক্ষী থানাই সংশ্লিষ্ট অঞ্চলসমূহত অভিযান অব্যাহত ৰাখিছে৷ সেইদৰে মৈৰাবাৰী আৰু মায়ং অঞ্চলৰ পৰাও মুঠ ৩২জন শ্রমিকক মৈৰাবাৰী আৰক্ষীয়ে আটক কৰি ক’ভিড টেষ্টৰ ব্যৱস্থা কৰিছে৷ ইয়াৰে দুজনৰ শৰীৰত ক’ভিডৰ উপস্থিতি ধৰা পৰিছে বুলি জানিব পৰা গৈছে৷

RELATED ARTICLES