peepl-small

ক’ভিড প্রট’কলৰ মাজেৰে ১১,৫৩৭টা কেন্দ্রত ভোট গ্রহণ, ষ্ট্রং ৰুমত ইভিএম

PUBLISHED:

গুৱাহাটীঃ  দুই–এটা বিক্ষিপ্ত ঘটনা আৰু ঠায়ে ঠায়ে ই ভি এমৰ বিজুতিক বাদ দি ৰাজ্যৰ ৪৭ বিধানসভা সমষ্টিত সামগ্রিকভাৱে শান্তিপূর্ণকৈ সম্পন্ন হ’ল প্রথম পর্যায়ৰ নির্বাচন৷ প্রতিটো সমষ্টিতে গণতন্ত্রৰ উৎসৱত গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰাৰ বাবে কালিৰ দিনটোত ভোটাৰ ৰাইজৰ ব্যাপক উৎসাহ–উদ্দীপনা পৰিলক্ষিত হয়৷ অসমত বিকাশ–উন্নয়ন–স্থায়ী শান্তিৰ প্রত্যাশাৰে ভোটগ্রহণৰ নির্দিষ্ট সময় পুৱা ৭ বজাৰ পূর্বৰে পৰাই হিলদল ভাঙি ভোটগ্রহণ কেন্দ্রলৈ ওলাই আহে আবাল–বৃদ্ধ–বণিতা, যুৱক–যুৱতী আৰু নতুন প্রজন্মৰ ভোটাৰসকল৷

সকলোৰে মুখত এটাই কথা– অহা পাঁচ বছৰৰ কাৰণে দিছপুৰত অসমৰ সামগ্রিক বিকাশ–উন্নয়ন আৰু স্থায়ী শান্তিৰ হকে কাম কৰা এখন চৰকাৰ গঠন হ’ব লাগে৷ অসমৰ মুখ্য নির্বাচনী বিষয়াৰ কার্যালয়ৰ তৰফৰ পৰা নিশা ১০.৫৫ বজাত প্রকাশ কৰা তথ্য অনুসৰি সামগ্রিক ভোটদানৰ হাৰ হৈছে ৭৭.০১ শতাংশ৷

একাংশ ভোটগ্রহণ কেন্দ্র তথা সমষ্টিৰ তথ্য বর্তমান পর্যন্ত লাভ নকৰাৰ পৰিপ্রেক্ষিতত চূড়ান্ত হিচাপত এই হাৰ আৰু বৃদ্ধি হ’ব পাৰে৷ মুখ্য নির্বাচনী বিষয়াৰ কার্যালয়ে দিয়া সমষ্টিভিত্তিক বিশদ তথ্য মতে বিয়লি ৫ বজালৈকে ভোটদানৰ মুঠ হাৰ হৈছে ৭২.১০ শতাংশ৷ প্রথম দুঘণ্টাত অর্থাৎ পুৱা ৯ বজালৈকে নির্বাচন অনুষ্ঠিত ৪৭টা সমষ্টিত ১০.২১ শতাংশ নাগৰিকে নিজৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিছিল যদিও সময় আগবঢ়াৰ লগে লগে এই হাৰ ক্রমশঃ বৃদ্ধি পাবলৈ ধৰে৷ দিনৰ ১১ বজাত ভোটদানৰ হাৰ হয়গৈ ২৬.২৭ শতাংশ৷

সেইদৰে দিনৰ ১ বজাত আৰু বিয়লি তিনি বজাত ভোটদানৰ হাৰ আছিল ক্রমে ৪৫.২০ শতাংশ আৰু ৬২.০৯ শতাংশ৷ বিয়লি ৫ বজালৈকে ৰূপহীহাট সমষ্টিত সর্বাধিক ৮৩ শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে৷ এইক্ষেত্রত ৮১ শতাংশৰে ধিং দ্বিতীয় স্থানত থকাৰ বিপৰীতে ৭৮.৬৫ শতাংশ ভোটদানৰ হাৰেৰে থাওৰা সমষ্টি আছে তৃতীয় স্থানত৷ তদুপৰি ঢ়েকীয়াজুলিত ৬৮ শতাংশ, বৰছলাত ৬২.৯০ শতাংশ, তেজপুৰত ৭৬.৫০ শতাংশ, ৰঙাপৰাত ৬৫.৭০ শতাংশ,

চতিয়াত ৬৪ শতাংশ, বিশ্বনাথত ৭৭.৪২ শতাংশ, বিহালীত ৭৬.৮১ শতাংশ, গহপুৰত ৭১.৩৪ শতাংশ, বটদ্রৱাত ৭৩ শতাংশ, চামগুৰিত ৭৩.৬০ শতাংশ, কলিয়াবৰত ৭৪.১৯ শতাংশ, বোকাখাতত ৭১.১০ শতাংশ, সৰুপথাৰত ৭০.৭৬ শতাংশ, গোলাঘাটত ৭৫.১৩ শতাংশ, খুমটাইত ৭৫.২১ শতাংশ, দেৰগাঁৱত ৭২.২১ শতাংশ, যোৰহাটত ৬৯.৮০ শতাংশ, মাজুলীত ৭৭.১৯ শতাংশ, তিতাবৰত ৭১.৩১ শতাংশ, মৰিয়নিত ৭০.৪৩ শতাংশ, টীয়কত ৭২.৮৮ শতাংশ,

আমগুৰিত ৭৬.৩৫ শতাংশ, নাজিৰাত ৬৪ শতাংশ, মাহমৰাত ৭৩.৮০ শতাংশ, সোণাৰিত ৭২.৯০ শতাংশ, শিৱসাগৰত ৭৮.১২ শতাংশ, বিহপুৰীয়াত ৬৮.৬৭ শতাংশ, নাওবৈচাত ৭২.১৫ শতাংশ, লখিমপুৰত ৬৯.৭৮ শতাংশ, ঢ়কুৱাখনাত ৭২.৮৫ শতাংশ, ধেমাজিত ৭১.১০ শতাংশ, জোনাইত ৭২.৪৯ শতাংশ, মৰাণত ৭১ শতাংশ, ডিব্রুগড়ত ৬৮ শতাংশ, লাহোৱালত ৭৬ শতাংশ, দুলীয়াজানত ৬৮ শতাংশ, টিংখাঙত ৬৫ শতাংশ, নাহৰকটীয়াত ৭৩ শতাংশ,

চাবুৱাত ৭০ শতাংশ, তিনিচুকীয়াত ৭০ শতাংশ, ডিগবৈত ৭১ শতাংশ, মার্ঘেৰিটাত ৭০.৬৭ শতাংশ, ডুমডুমাত ৭১ শতাংশ আৰু শদিয়া সমষ্টিত ভোটদানৰ হাৰ হৈছে ৭১.৬৩ শতাংশ৷ প্রথম পর্যায়ৰ নির্বাচন অনুষ্ঠিত এই ৪৭টা সমষ্টিত প্রতিটোতে যাতে ভোটগ্রহণ প্রক্রিয়া মুক্ত–নিকা–শান্তিপূর্ণ্ সম্পন্ন হয়, তাৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছিল৷ সেইদৰে ক’ভিডকালত অনুষ্ঠিত নির্বাচনত মহামাৰীৰ সম্ভাব্য সংক্রমণৰ প্রতি লক্ষ্য ৰাখি ভাৰতৰ নির্বাচন আয়োগে ইতিপূর্বে জাৰি কৰা কঠোৰ ক’ভিড প্রট’কল তথা গাইড লাইনৰ মাজেৰে ৰাজ্যৰ মুঠ ১১,৫৩৭টা কেন্দ্রত ভোটগ্রহণ পর্ব অন্ত পৰাৰ লগে লগে ই ভি এমত বন্দী হ’ল ৪৭টা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰা ২৬৪জন প্রার্থীৰ ভাগ্য৷

এই প্রার্থীসকলৰ ভিতৰত আছে কেইবাজনো হেভীৱেট ৰাজনীতিক৷ তাৰ ভিতৰত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, বিধানসভাৰ অধ্যক্ষ হিতেন্দ্রনাথ গোস্বামী, ৬ মন্ত্রী ক্রমে ৰঞ্জিত দত্ত, অতুল বৰা, কেশৱ মহন্ত, নৱ কুমাৰ দলে, যোগেন মহন, সঞ্জয় কিষাণৰ উপৰি প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা, অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু ৰাইজৰ দলৰ কাৰাৰুদ্ধ সভাপতি অখিল গগৈ অন্যতম৷ লক্ষণীয়ভাৱে প্রথম পর্যায়ৰ নির্বাচনত ভাগ্য নির্ণয় হ’বলগীয়া মন্ত্রী অতুল বৰা আৰু কেশৱ মহন্ত হৈছে মিত্রজোঁটৰ অন্যতম অংশীদাৰ অগপৰ সভাপতি আৰু কার্যকৰী সভাপতি৷

মিত্রজোঁটৰ আন কেইবাজনো প্রার্থী বিধায়ক অশোক সিংঘাল, গণেশ কুমাৰ লিম্বু, পদ্ম হাজৰিকা, প্রমোদ বৰঠাকুৰ, উৎপল বৰা, আঙুৰলতা ডেকা, মৃণাল শইকীয়া, ভবেন্দ্রনাথ ভৰালী, ৰেণুপমা ৰাজখোৱা, প্রদীপ হাজৰিকা, কুশল দুৱৰী, প্রশান্ত ফুকন, বিনোদ হাজৰিকা, তেৰছ গোৱালা, বিমল বৰা, নৰেন সোণোৱাল, ভাস্কৰ শর্মা, সুৰেন ফুকন, বলীন চেতিয়া, ৰণোজ পেগু, ভুবন পেগু আদিৰো ফলাফল আজি বন্দী হৈছে ই ভি এমত৷ সেইদৰে প্রথম পর্যায়ৰ নির্বাচনী ৰণত অৱতীর্ণ হোৱা মহাজোঁটৰ উল্লেখযোগ্য প্রার্থী হৈছে দেৱব্রত শইকীয়া, ৰকিবুল হুছেইন, ৰূপজ্যোতি কুর্মী, ৰ’জলীনা তির্কী, দুর্গা ভূমিজ, ভৰত নৰহ, ভূপেন কুমাৰ বৰা, ৰাণা গোস্বামী, প্রণতি ফুকন, ৰাজীৱলোচন পেগু, ৰামপ্রসাদ শর্মা, অভিজিৎ হাজৰিকা, প্রাণেশ্বৰ বসুমতাৰী, নুৰুল হুদা, বিস্মিতা গগৈ, আমিনুল ইছলাম আদি৷

প্রথম পর্যায়ৰ ভোটগ্রহণ প্রক্রিয়া সম্পন্ন হোৱাৰ পাছত এতিয়া ই ভি এমসমূহ কটকটীয়া নিৰাপত্তা বেষ্টনীৰে ষ্ট্রং ৰুমত ৰখা হ’ব৷ দ্বিতীয় আৰু তৃতীয় পর্যায়ৰ নির্বাচন অনুষ্ঠিত হোৱাৰ পাছত অহা ২ মে’ত কৰা হ’ব ভোটগণনা৷ ভোটগণনাৰ অন্ততহে স্পষ্ট হ’ব হাইভ’ল্টেজ এই নির্বাচনী ৰণত কাৰ মুখত জিলিকি উঠে বিজয়ৰ হাঁহি৷ লক্ষণীয়ভাৱে ভোটাৰ ৰাইজক আকর্ষিত কৰাৰ বাবে এইবাৰো ভাৰতৰ নির্বাচন আয়োগে সজাগতামূলক অভিযানৰ সমান্তৰালভাৱে কেইবাটাও পদক্ষেপ গ্রহণ কৰিছে৷ প্রথম পর্যায়ৰ নির্বাচন অনুষ্ঠিত ৪৭টা সমষ্টিৰ মুঠ ১১,৫৩৭টা ভোটগ্রহণ কেন্দ্রৰ ভিতৰত ১২৮টা আদর্শ ভোটগ্রহণ কেন্দ্র হিচাপে গঢ়ি তোলা হৈছিল৷

তদুপৰি দিব্যাংগসকলে যাতে নিজৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰাৰ ক্ষেত্রত কোনো অসুবিধাৰ সন্মুখীন নহয়, তাৰ বাবেও ভোটগ্রহণ কেন্দ্রসমূহত লোৱা হৈছিল বিশেষ ব্যৱস্থা৷ প্রথম পর্যায়ৰ নির্বাচনত মুঠ ৪৭৯টা কেন্দ্রৰ ভোটগ্রহণ প্রক্রিয়া পৰিচালনা কৰে কেৱল মহিলা বিষয়া–কর্মচাৰীয়ে৷ ইফালে, ভাৰতৰ নির্বাচন আয়োগে এক প্রেছ বিবৃতিত প্রকাশ কৰা অনুসৰি ৰাজ্যখনৰ মুঠ ভোটকেন্দ্রৰ ৫০ শতাংশতকৈয়ো অধিক বিশেষকৈ শংকাকুল, স্পর্শকাতৰ, জটিল আৰু অধিক ভোট থকা কেন্দ্রসমূহত ৱেবকাষ্টিঙৰ ব্যৱস্থা থাকিব৷

প্রথম পর্যায়ৰ নির্বাচনৰ ৫,৩৯২টা কেন্দ্রত ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হয়৷ এই ব্যৱস্থাৰ জৰিয়তে নির্দিষ্ট কেন্দ্রসমূহৰ ভোটগ্রহণ প্রক্রিয়া জিলা নির্বাচনী বিষয়াৰ কার্যালয়, মুখ্য নির্বাচনী বিষয়াৰ কার্যালয় আৰু নির্বাচন আয়োগৰ কার্যালয়ৰ পৰাই পোনপটীয়াকৈ পর্যবেক্ষণ কৰিছিল৷ তদুপৰি আজি প্রথম পর্যায়ৰ নির্বাচনত ১১,৫৩৭ বেলট ইউনিট ১১,৫৩৭ কন্ট্র’ল ইউনিট আৰু ১১,৫৩৭ ভি ভি পেট ব্যৱহাৰ কৰা হয়৷

RELATED ARTICLES