peepl-small

১১ এচিএছ বিষয়া আইএএছলৈ মনোনীত

PUBLISHED:

গুৱাহাটীঃ অসম প্রশাসনীয় সেৱা (এচিএছ)ৰ ১১ বিষয়া মনোনীত হৈছে ভাৰতীয় প্রশাসনীয় সেৱা, চমুকৈ আইএএছলৈ৷ কেন্দ্রীয় কর্মচাৰী ৰাজহুৱা অভিযোগ আৰু পেন্সন মন্ত্রালয়ৰ অধীনস্থ কর্মচাৰী আৰু প্রশিক্ষণ বিভাগে শুকুৰবাৰে এই সন্দর্ভত এক আনুষ্ঠানিক অধিসূচনা জাৰি কৰিছে৷

এফ নং ১৪০১৫/০৩/২০২০–এআইএছ (আই)–বি নম্বৰৰ অধিসূচনাখনত উল্লেখ কৰা অনুসৰি আইএএছলৈ মনোনীত হোৱা এই ১১ এচিএছ বিষয়া হ’ল– অশোক কুমাৰ বর্মন, বন্দনা চৌধুৰী, দেৱজ্যোতি দত্ত, পার্থপ্রতিম মজুমদাৰ, অভিজিত বৰুৱা, মৃদুল কুমাৰ মহন্ত, নন্দিতা দত্ত, ৰিতুৰাজ বৰা, ভাৰত ভূষণ দেৱচৌধুৰী, শেৱালী দেৱ শর্মা আৰু পৱিত্র ৰাম খাউণ্ড৷ আটাইকেইজন আইএএছ বিষয়াকে অসম–মেঘালয় কেডাৰৰ অন্তর্ভুক্ত কৰা হৈছে৷

RELATED ARTICLES