peepl-small

ৰাজ্যত ১৫ দিনতে ১,০২২ আক্রান্তৰ মৃত্যু; দ্বিতীয় জোৱাৰত পজিটিভ ১,৩৫,১৬২জন, আৰোগ্য হৈছে ৮২,৫০২

PUBLISHED:

গুৱাহাটী: ৰাজ্যত অব্যাহত আছে ক’ভিড–১৯ৰ বিভীষিকা৷ ক’ভিড–১৯ৰ সংক্রমণ আৰম্ভ হোৱাৰে পৰা কালিৰ দিনটোলৈকে অসমত মুঠ ৩,৫৩,৫৭৪জন লোক পজিটিভ ৰূপে চিনাক্ত হোৱাৰ বিপৰীতে ইয়াৰে ২,৭৯,৯০২জনে আৰোগ্য লাভ কৰিছে৷ আৰোগ্য লাভৰ হাৰ হ’ল ৮৪.২৫ শতাংশ৷ মাৰাত্মক ভাইৰাছৰ দ্বিতীয়টো জোৱাৰত ১ এপ্রিলৰ পৰা কালিলৈকে মুঠ ১,৩৫,১৬২জন লোক আক্রান্ত হৈছে আৰু ইয়াৰে আৰোগ্য লাভ কৰিছে ৮২,৫০২জনে৷ যোৱা ১৪ মে’ৰ পৰা ২০ মে’লৈ সপ্তাহটোত ৩৮,০২০জন লোক ক’ভিড আক্রান্ত ৰূপে চিনাক্ত হয়৷ অর্থাৎ এই সময়ছোৱাত গড়ে দৈনিক ৫,৪৩১জন লোকৰ দেহলৈ মাৰাত্মক ভাইৰাছ সংক্রমিত হৈছে৷ ইয়াৰ আগৰ সপ্তাহটোত আক্রান্তৰ হাৰ ৮.৭৩ শতাংশ আছিল যদিও যোৱা সপ্তাহত এই হাৰ হ্রাস পাইছে ৭.০৭ শতাংশলৈ৷

যোৱা বছৰৰ পৰা এতিয়ালৈকে অসমত ক’ভিড–১৯ত ২,৫০৭জন লোকৰ মৃত্যু হৈছে৷ ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰত অর্থাৎ যোৱা ১ এপ্রিলৰ পৰা বর্তমান পর্যন্ত মৃত্যু হৈছে ১,৪০২জনৰ৷ ইয়াৰে ১,০২২জন লোকৰ যোৱা ১৫ দিনৰ ভিতৰতে মৃত্যু হৈছে৷ দৈনিক গড়ে ক’ভিড–১৯এ প্রাণ কাঢ়ি নিছে ৬৮জনকৈ লোকৰ৷ এই উদ্বেগজনক তথ্য সদৰী কৰিছে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই৷

শুকুৰবাৰে জনতা ভৱনস্থিত মুখ্যমন্ত্রীৰ কার্যালয়ৰ সভাকক্ষত আয়োজিত এখন সংবাদ মেলত স্বাস্থ্যমন্ত্রী মহন্তই ৰাজ্যৰ ক’ভিড পৰিস্থিতি সন্দর্ভত বিশদ তথ্য ব্যাখ্যা কৰে৷ তেওঁ জানিবলৈ দিয়া মতে, ৫১ৰ পৰা ৬০ বছৰ বয়সৰ সর্বাধিক ৮৩জন ক’ভিড–১৯ আক্রান্তই মৃত্যুক সাবটি লৈছে৷ সেইদৰে ৬১ৰ পৰা ৭০ বছৰ বয়সৰ ৬০জন, ৭১ৰ পৰা ৮০ বছৰৰ ভিতৰৰ ৩১জন, ৮০ বছৰৰ ঊর্ধ্বৰ ১৮জন, ৩১ৰ পৰা ৪০ বছৰৰ ১৮জন, ২১ৰ পৰা ৩০ বছৰৰ ৩জন আৰু ১০ বছৰৰ অনূর্ধ্বৰ ২জনৰ মৃত্যু হোৱাৰ বিপৰীতে ১১ৰ পৰা ২০ বছৰৰ ভিতৰত এজনৰো মৃত্যু হোৱা নাই৷ ক’ভিড–১৯ত আক্রান্ত লোকৰ মৃত্যুৰ কাৰণ পর্যালোচনা কৰা বুলি জানিবলৈ দি স্বাস্থ্যমন্ত্রী মহন্তই কয় যে প্রাণহানি হোৱা সৰহসংখ্যকেই স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটাৰ পাছত চিকিৎসালয়লৈ আহিছে নতুবা তেওঁলোকৰ অন্য বিভিন্ন ধৰণৰ ৰোগ আছিল৷ এই প্রসংগতে তেওঁ আন এক গুৰুত্বপূর্ণ তথ্য সদৰী কৰে৷ সেই অনুসৰি চিকিৎসালয়ত ভর্তি হোৱাৰ ২৪ ঘণ্টা সম্পূর্ণ কৰাৰ পূর্বে ১০৮জন, ২৪ৰ পৰা ৪৮ ঘণ্টাৰ ভিতৰত ৪১জন, ২ৰ পৰা ৪ দিনৰ ভিতৰত ৩৬জন, ৪ৰ পৰা ৬ দিনৰ ভিতৰত ৪১জন আৰু ৭ দিন বা তাতকৈ অধিক সময় আই চি ইউত থকা ৫৬জন লোকৰ মৃত্যু হৈছে৷ ৫০ বছৰৰ ঊর্ধ্বৰ লোকৰ মৃত্যুৰ সংখ্যা অধিক হোৱাৰ প্রতি লক্ষ্য ৰাখি এনে বয়সৰ ক’ভিড আক্রান্তক কাকোৱেই ঘৰত থাকিবলৈ দিয়া হোৱা নাই বুলি তেওঁ দোহাৰে৷

দৈনিক ক’ভিড পৰীক্ষাৰ হাৰ বৃদ্ধিৰে ৰাজ্যত মাৰাত্মক ভাইৰাছত সংক্রমণ প্রতিৰোধত গুৰুত্ব আৰোপ কৰাৰ কথা উল্লেখ কৰি স্বাস্থ্যমন্ত্রী মহন্তই কয় যে অসমত এতিয়ালৈকে মুঠ ৯৮.৭৯ লাখ ক’ভিড পৰীক্ষা সম্পন্ন কৰা হৈছে৷ প্রতি ১০ লাখ জনসংখ্যাৰ বিপৰীতে ক’ভিড পৰীক্ষা কৰা হৈছে ২.৮৮ লাখৰ৷ কাইলৈৰ দিনটোত ক’ভিড পৰীক্ষাৰ সংখ্যা এক কোটি অতিক্রম কৰাৰ আশা কৰা হৈছে৷ চলিত সপ্তাহৰ পৰা ৰাজ্যত শনি আৰু দেওবাৰৰ বাদে আন দিনসমূহত দৈনিক এক লাখ ক’ভিড পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে৷ যোৱা ১৯ মে’ত ১,০২,৬৮৪ আৰু ২০ মে’ত ১,০২,০৪০জন লোকৰ ক’ভিড পৰীক্ষণ সম্পন্ন হৈছে৷ ৰাজ্যত ক’ভিড–১৯ৰ সংক্রমণ কিছু কমাৰ আমি ইংগিত পাইছো৷ পৰীক্ষণ বেছিকৈ কৰাব লাগিব৷ পজিটিভ লোকক যিকোনো প্রকাৰে চিনাক্ত কৰি উলিয়াব লাগিব৷ সেইবাবে প্রতিখন জিলাতে সুকীয়াকৈ এজন অতিৰিক্ত উপায়ুক্তক প্রতিষেধক প্রদান আৰু পৰীক্ষণ প্রক্রিয়াৰ দায়িত্ব দিয়া হৈছে৷ মহকুমাৰ ক্ষেত্রত এই দায়িত্ব দিয়া হৈছে এজন সহকাৰী আয়ুক্তক৷ উত্তৰ অসমত ক’ভিড পৰীক্ষাৰ বাবে পৰীক্ষাগাৰ নাছিল৷ ফলত ডিব্রুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰীক্ষাগাৰৰ ওপৰতে নির্ভৰ কৰিবলগীয়া হৈছিল৷ এতিয়া নতুনকৈ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত আৰ টি পি চি আৰ পৰীক্ষণৰ এটা নতুন পৰীক্ষাগাৰ অহা সপ্তাহত কার্যক্ষম হৈ উঠিব৷ ক’ভিড আক্রান্তৰ প্রয়োজনীয় চিকিৎসা সেৱা সুনিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰে জৰুৰী ব্যৱস্থা গ্রহণ কৰা বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে চিকিৎসা সেৱা উপলব্ধ কৰিব পৰাকৈ ক’ভিড চিকিৎসাৰ আন্তঃগাঁথনি বৃদ্ধিৰ বাবে ক্ষিপ্রতাৰে প্রচেষ্টা চলোৱা হৈছে৷ ক’ভিড চিকিৎসালয় আৰু ক’ভিড কেয়াৰ চেণ্টাৰত বর্ধিত হাৰত ৰোগীক ভর্তি কৰিব পৰাকৈ বৃদ্ধি কৰা হৈছে আইছ’লেচন বিছনা, আই চি ইউ বিছনা আৰু অক্সিজেন বিছনা৷

বর্তমান ক’ভিড ৰোগীৰ বাবে ৰাজ্যৰ চৰকাৰী চিকিৎসালয় আৰু ক’ভিড কেয়াৰ চেণ্টাৰসমূহত মুঠ ১৩,৮৬৩খন বিছনা উপলব্ধ হৈ আছে৷ ইয়াৰে ৭৮৭খন আই চি ইউ বিছনা, ১১,১৫৪খন আইছ’লেচন বিছনা আৰু ১,৯২২খন অক্সিজেন সেৱা সংলগ্ণ বিছনা৷ সেইদৰে বর্তমান বৃহত্তৰ গুৱাহাটীত ক’ভিড আক্রান্তৰ বাবে মুঠ ২,৫২০খন বিছনা আছে বুলি স্বাস্থ্যমন্ত্রী মহন্তই জানিবলৈ দিয়ে৷ তদুপৰি অচিৰেই অতিৰিক্ত তিনি হাজাৰখন বিছনা উপলব্ধ হোৱাৰ কথা সদৰী কৰি তেওঁ কয় যে অহা ৭ দিনৰ ভিতৰত ভি আই পি ৰোডৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ হোটেল মেনেজমেণ্টত ৪৩৮খন অসম অভিযান্ত্রিক মহাবিদ্যালয়ত ১,০০০খন ডি পি এছত ৮৬৯খন আৰু গিৰিজানন্দ ইনষ্টিটিউটত ৭০৪খন বিছনাৰ সৈতে নতুনকৈ চাৰিটা ক’ভিড কেয়াৰ চেণ্টাৰ মুকলি কৰা হ’ব৷ লগতে ডাউন টাউন বিশ্ববিদ্যালয়ত ৪০০খন বিছনাৰ এখন ক’ভিড চিকিৎসালয় মুকলি কৰিবলৈ আজি বিশ্ববিদ্যালয় কর্তৃপক্ষ আৰু ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমৰ অভিযান সঞ্চালকৰ মাজত এখন আনুষ্ঠানিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে৷

ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত পূর্বৰ পাৱাৰ পার্কিং এলেকাত নতুনকৈ ২০০খন আই চি ইউ বিছনা, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ভিতৰত ৫৮খন আই চি ইউ বিছনা আৰু কালাপাহাৰত ২৪খন আই চি ইউ বিছনাসহ মুঠ ২৮০খন আই চি ইউ বিছনা নতুনকৈ স্থাপন কৰা হৈছে৷ মইনাখুৰুঙত ৭০খন, পুৰণা জাগীৰোড প্রাথমিক স্বাস্থ্যকেন্দ্রত ৬০খন, হাৰিয়ানা ভৱনত ২০০খন আৰু মহেশ্বৰী ভৱনত ২০০খন বিছনাত ইতিমধ্যে অক্সিজেনৰ সুবিধা সংলগ্ণ কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে৷ একেদৰে সৰুসজাই ষ্টেডিয়ামত কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রালয়ৰ অধীনস্থ ডি আৰ ডি অ’ৰ কাৰিকৰী প্রযুক্তিৰ সহায়ত ৩০০ বিছনাযুক্ত এখন ক’ভিড হাস্পতাল অহা ১৫ দিনৰ ভিতৰত স্থাপনৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰি স্বাস্থ্যমন্ত্রী মহন্তই কয় যে ইতিমধ্যে ডি আৰ ডি অ’ই ইয়াৰ নির্মাণকার্য আৰম্ভ কৰিছে৷ অহা জুন মাহৰ প্রথম সপ্তাহতে মুকলি হ’বলগীয়া এই নতুন চিকিৎসালয়খনত ১০০খন আই চি ইউ আৰু ২০০খন অক্সিজেন সেৱা সংলগ্ণ বিছনা থাকিব৷

ৰাজ্যত ক’ভিড–১৯ৰ চিকিৎসাৰ ঔষধ মজুত আৰু অক্সিজেনৰ উপলব্ধতা সম্পর্কীয় তথ্যও তেওঁ সদৰী কৰে৷ এই সন্দর্ভত স্বাস্থ্যমন্ত্রী মহন্তই কয় যে কেন্দ্রীয় চৰকাৰৰ নিয়মীয়া কোটাসহ বিভিন্ন উৎসৰ পৰা ৰাজ্য চৰকাৰে ৰেমডেছিভিৰ ইনজেকচন ক্রয় কৰি আছে৷ বর্তমান মজুত আছে ১৬,০০০ৰো অধিক ৰেমডেছিভিৰ ইনজেকচন৷ দৈনিক ৰাজ্যত প্রায় ১,৬০০ ৰেমডেছিভিৰ ইনজেকচনৰ প্রয়োজন হয়৷ ইয়ালৈ চাই অহা ১০ দিনলৈ ৰেমডেছিভিৰ ইনজেকচন পর্যাপ্ত মজুত আছে৷ তদুপৰি নতুনকৈ অধিকসংখ্যক ৰেমডেছিভিৰ ইনজেকচন ক্রয়ৰ বাবে ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমে ব্যৱস্থা লৈছে৷ ৰাজ্যত টচিলিঝুমাৰ টেবলেটো কিছু পৰিমাণে মজুত আছে৷ লগতে ডি আৰ ডি অ’ই প্রস্তুত কৰি উলিওৱা ক’ভিড–১৯ৰ নতুন ঔষধ ডি আৰ ডি অ’২ ডি’ক্সি আৰু গ্লুক’জ (২ ডিজি) ক্রয়ৰ বাবেও প্রক্রিয়া আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে৷়

স্বাস্থ্যমন্ত্রী মহন্তই জানিবলৈ দিয়া মতে, ক’ভিড–১৯ৰ পূর্বে অসমত দৈনিক অক্সিজেন উৎপাদনৰ সামর্থ্য ৪০ মেট্রিকটন আছিল৷ কিন্তু বর্তমান ৰাজ্যখনত দৈনিক প্রায় ৭০ মেট্রিকটনকৈ অক্সিজেন উৎপাদন হৈ আছে৷ অৱশ্যে এতিয়া চিকিৎসাৰ বাবে ব্যৱহাৰযোগ্য অক্সিজেনৰ দৈনিক চাহিদা হৈছে ৮০ মেট্রিকটন৷ এনে অৱস্থাত কেন্দ্রীয় চৰকাৰৰ ব্যৱস্থাপনাৰ অধীনত ৰাজ্যৰ বাহিৰৰ পৰা প্রতিদিনে ৩০–৪৫ মেট্রিকটনকৈ অক্সিজেন লাভ কৰি থকা হৈছে৷ ৰাজ্যত পর্যাপ্ত পৰিমাণে চিকিৎসাৰ বাবে ব্যৱহাৰযোগ্য অক্সিজেন মজুতকৰণৰ ব্যৱস্থা কৰা হৈছে৷ অক্সিজেন মজুতকৰণৰ সামর্থ্য বর্তমান বৃদ্ধি কৰা হৈছে ২৩৯ মেট্রিকটনলৈ৷ তদুপৰি শীঘ্রে অতিৰিক্তভাৱে ৩৪.২ মেট্রিকটন অক্সিজেন মজুতকৰণৰ সামর্থ্য বৃদ্ধি পাব৷ বর্তমান অসমত ১৩টা অক্সিজেন উৎপাদন প্রকল্প কার্যক্ষম হৈ আছে৷ ইয়াৰে তিনিটা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল, দুটা শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল, দুটা অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল, দুটা যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল, এটা বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতাল, এটা তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল, এটা ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু এটা মহেন্দ্র মোহন চৌধুৰী হাস্পতালত আছে৷ শেহতীয়াকৈ ক’ভিড–১৯ৰ প্রতিষেধক অসমলৈ সৰবৰাহ অলপ হ্রাস পাইছে বুলি সদৰী কৰি তেওঁ কয় যে ইতিমধ্যে প্রয়োজনীয় টকা দিয়া হৈছে৷ শীঘ্রে প্রতিষেধকৰ সৰবৰাহ হ’ব৷ ইয়াৰ পাছতে জুন মাহৰ পৰা ৰাজ্যত ক্ষিপ্র গতিৰে প্রতিষেধক প্রদান প্রক্রিয়া চলাই নিয়া হ’ব৷ তদুপৰি কেন্দ্রীয় চৰকাৰে ব্যক্তিগত চিকিৎসালয়কো প্রতিষেধকৰ যোগান ধৰাৰ সিদ্ধান্ত লৈছে৷ ইতিমধ্যে অসমত ১৮ৰ পৰা ৪৪ বছৰ বয়সৰ ৭,৩৬,৯৪৪জন আৰু ৪৫ বছৰ ঊর্ধ্বৰ ৩,৫০,০০০জন লোকক প্রতিষেধক প্রদান কৰা হৈছে৷ ১৮ৰ পৰা ৪৪ বছৰৰ লোকক বিনামূলীয়া প্রতিষেধক প্রদানৰ লক্ষ্যৰে এতিয়ালৈকে ৰাজ্য চৰকাৰে অসম আৰোগ্য নিধিৰ পৰা ক’ভিশ্বিল্ড ক্রয়ৰ নামত ২৭.৪৬ কোটি টকা আৰু ক’ভাক্সিন ক্রয়ৰ বাবে ১০.৭৭ কোটি টকা মুকলি কৰি দিছে৷

প্রতিষেধক প্রদান অভিযানক উদগনি দি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মুখ্যমন্ত্রীৰ সাহায্য পুঁজিৰ পৰা অসম আৰোগ্য নিধিলৈ আগবঢ়াইছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই জনোৱা আহ্বানৰ উদ্ধৃতিৰে স্বাস্থ্যমন্ত্রী মহন্তই কয় যে ইজনে সিজনৰ হাতত ধৰাধৰিকৈ আমি আগবাঢ়িব লাগিব৷ ইফালে জনসাধাৰণে যাতে অসুবিধা নাপায়, তাৰ বাবে সম্পূর্ণ লকডাউন পৰিহাৰ কৰি সীমিতভাৱে বাধা–নিষেধ আৰোপৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰি তেওঁ পুনৰ কয় যে ক’ভিড–১৯ৰ সংক্রমণৰ শৃংখল ভাঙিবলৈ মাইক্র’ কনটেইনমেণ্ট জ’ন ঘোষণাৰ লগতে সান্ধ্য আইন বলৱৎ কৰা হৈছে৷ ইতিমধ্যে ৰাজ্যত প্রায় ১,৬০০টা কনটেইনমেণ্ট জ’ন স্থাপন কৰা হৈছে৷ চাহ বাগিচা এলেকাৰ বাবে সুকীয়াকৈ জাৰি কৰা হৈছে বিতং এছ অ’ পি৷ তদুপৰি জিলাসমূহলৈ অতিৰিক্ত এম্বুলেঞ্চৰ সেৱা আগবঢ়োৱা হৈছে৷ সংবাদ মেলত স্বাস্থ্যমন্ত্রী মহন্তই ভাৰত চৰকাৰৰ জৰিয়তে কেইবাখনো বিদেশী ৰাষ্ট্রই আগবঢ়োৱা সহায়ৰ তথ্যও সদৰী কৰে৷ সেইদৰে অসমে উত্তৰ–পূর্বাঞ্চলৰ কেইবাখনো ৰাজ্যক ক’ভিডসৃষ্ট পৰিস্থিতিত সহায় আগবঢ়োৱা বুলিও জানিবলৈ দিয়ে৷

RELATED ARTICLES