peepl-small

উত্তৰ-পূবত ডাইনোছৰ! মেঘালয়ত উদ্ধাৰ দহ কোটি বছৰ পুৰণি হাড়

PUBLISHED:

গুৱাহাটীঃ মেঘালয়ত উদ্ধাৰ হৈছে প্ৰায় দহ কোটি বছৰ পূৰ্বৰ ডাইনোছৰৰ জীৱাশ্ম। জিঅ’লজিকেল ছাৰ্ভে অৱ ইণ্ডিয়াৰ গৱেষকে উত্তৰ-পূবৰ ৰাজ্যখনৰ পশ্চিম খাছী পাহাৰীয়া জিলাত উদ্ধাৰ কৰিছে ছৌৰপড ডাইনোছৰৰ হাড়ৰ ভগ্নাৱশেষ।

এই ঘটনাই দেশৰ বৈজ্ঞানিক মহলৰ লগতে সাধাৰণ লোকৰ মাজতো সষ্টি কৰিছে খলকনিৰ। প্ৰাপ্ত তথ্য অনুসৰি প্ৰায় পঁচিশডাল বিভিন্ন আকৃতিৰ হাড় আৱিষ্কাৰ কৰিছে গৱেষকসকলে।

অৱশ্যে এই সন্দৰ্ভত গৱেষকৰ দলটোৱে এতিয়াও সবিশেষ তথ্য প্ৰকাশ কৰাৰ পৰা বিৰত আছে।

বিভিন্ন মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি জিঅ’লজিকেল ছাৰ্ভে অৱ ইণ্ডিয়াৰ গৱেষকৰ দলটোৰ এক ক্ষেত্ৰ অধ্যয়নত এই বিৰল প্ৰজাতিৰ ডাইনোছৰৰ হাড়ৰ ভগ্নাৱশেষ আৱিষ্কাৰ কৰা হৈছে।

উল্লেখ্য যে ভাৰতত ডাইনোছৰৰ উপস্থিতি প্ৰমাণ কৰিব পৰাকৈ উপযুক্ত তথ্য এতিয়াও বৈজ্ঞানিক মহলে আৱিষ্কাৰ কৰা নাই। কিন্তু মেঘালয়ত উদ্ধাৰ হোৱা ডাইনোছৰৰ জীৱাশ্মই সকলোৰে অনুসন্ধিৎসা বৃদ্ধি কৰিছে।

Photo by bt3 from Pexels

RELATED ARTICLES