peepl-small

অচিৰেই ৰে’লেৰে অসমলৈ আহিব ১০০ মেট্রিকটন অক্সিজেন: মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা

PUBLISHED:

গুৱাহাটী: মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সোমবাৰে গুৱাহাটী মহানগৰীৰ সাউকুছিত থকা প্রিমিয়াৰ ক্রায়’জেনিক লিমিটেড অক্সিজেন প্লাণ্টটো পৰিদর্শন কৰি উৎপাদন ক্ষমতাৰ বুজ লয়৷ প্লাণ্ট চৌহদত উপস্থিত থকা সাংবাদিকৰ সৈতে হোৱা কথা–বতৰাত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই প্লাণ্টটো বহু দিনৰে পৰা বন্ধ হৈ আছিল৷ যোৱা ৩০ এপ্রিলত তেওঁ প্লাণ্টটো পৰিদর্শন কৰিবলৈ আহোঁতে দুয়োটা ইউনিটে বন্ধ হৈ আছিল৷ প্লাণ্টটোৰ দুয়োটা ইউনিটে দৈনিক ২৮ৰ পৰা ৩০ মেট্রিকটন অক্সিজেন উৎপাদন কৰিব পাৰে৷ সেই পৰিদর্শনৰ সময়ত তেওঁ প্লাণ্ট কর্তৃপক্ষক অচিৰে প্লাণ্টটো পুনৰ কার্যক্ষম কৰাৰ বাবে ৰাজ্য চৰকাৰৰ হৈ অনুৰোধ জনায়৷ সেই অনুৰোধৰ পিছত যোৱা ১৫টা দিনৰ ভিতৰত প্লাণ্টটোৰ এটা ইউনিট কার্যক্ষম হৈ উঠে৷ এতিয়া সেই ইউনিটটোৰ পৰা দৈনিক ১৪ মেট্রিকটন অক্সিজেন উৎপাদন হৈ আছে৷ ইয়াৰ দ্বাৰা ৰাজ্যখনত অক্সিজেনৰ উৎপাদন ক্ষমতা বৃদ্ধি পাইছে৷ প্লাণ্টটোৰ দ্বিতীয় ইউনিটটো কার্যক্ষম হৈ উঠিলে ৰাজ্যখনৰ অক্সিজেনৰ উৎপাদন ক্ষমতা আৰু অধিক বৃদ্ধি হ’ব৷ দ্বিতীয় ইউনিটটো অহা ১৫ দিনৰ ভিতৰত কার্যক্ষম হৈ উঠিব বুলি তেওঁ আশা প্রকাশ কৰে৷

মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সাউকুছিৰ প্লাণ্টটোৰ এটা ইউনিট কার্যক্ষম হোৱাৰ লগে লগে পূর্বতে ৰাজ্যখনত দৈনিক উৎপাদন হোৱা অক্সিজেন ৬৮–৬৯ মেট্রিকটন আছিল৷ এতিয়া সেই পৰিমাণ ৮০ মেট্রিকটনলৈ বৃদ্ধি পালে৷ মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে বর্তমান অসমত দৈনিক ৭০ মেট্রিকটন অক্সিজেনৰ প্রয়োজন৷ ইয়াৰ বিপৰীতে ৰাজ্যখনে দৈনিক ৮০ মেট্রিকটন অক্সিজেন উৎপাদন কৰি আহিছে৷ চুবুৰীয়া ৰাজ্য অৰুণাচল প্রদেশ, নাগালেণ্ড, মণিপুৰ, মেঘালয়, মিজোৰামক অসমে কম–বেছি পৰিমাণে অক্সিজেন যোগান ধৰি আহিছে৷ তদুপৰি ভাৰত চৰকাৰে দুর্গাপুৰৰ পৰা ১০০ মেট্রিকটন অক্সিজেন অসমক অনুমোদন দিছে৷ অচিৰে ৰে’লৱেৰ টেংকাৰযোগে সেই অক্সিজেন অসম পাব বুলি তেওঁ আশা প্রকাশ কৰে৷

ইপিনে, নিশাৰ ভাগত মুখ্যমন্ত্রী ড০ শর্মা এম এম চি এইচত উপস্থিত হৈ ক’ভিড পৰিস্থিতিৰ বুজ লয়৷ এই সম্পর্কত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কালি এম এম চি এইচত মৃত্যু হোৱা ৭গৰাকী লোকৰ আটাইকেইগৰাকী লোকে বেয়া অৱস্থাত হাস্পতাললৈ অহা৷ দেহত অক্সিজেনৰ লেভেল ৩৫লৈ নামি অহা লোকো আছিল সেইসকলৰ মাজত৷ সেয়ে তেওঁ যিসকল লোক হোম কোৱাৰেণ্টাইনত আছে তেওঁলোকৰ শৰীৰত অক্সিজেনৰ লেভেল ভালদৰে চাই থকাৰ পৰামর্শ আগবঢ়াই তেওঁ কয় যে অক্সিজেনৰ লেভেল ৯০ হোৱাৰ লগে লগে তেওঁলোক যেন ঘৰত নাথাকে৷ লগে লগে হাস্পতাললৈ আহক৷ বেয়া অৱস্থাত আহিলে হাস্পতালত কৰিবলগীয়া ব্যৱস্থা বহু কমি যায়৷ সেই কথাটো সকলোৱে মনত ৰাখিব লাগে৷

সাংবাদিকৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে এম এম চি এইচত ২৪খন আইচিইউ–ক্সিজেনযুক্ত বিছনা আছিল৷ কালিৰে পৰা নতুনকৈ ৪৬খন আইচিইউ–ক্সিজেনযুক্ত বিছনাৰ সংখ্যা বৃদ্ধি পাইছে৷ মুখ্যমন্ত্রী ড০ শর্মাৰ মতে হাস্পতালত ফেচিলিটী ঠিকে আছে৷ হোম কোৱাৰেণ্টাইন কমাব লাগিব৷ নহ’লে মৃত্যুৰ সংখ্যা কমোৱাত দিগদাৰ হ’ব৷

RELATED ARTICLES