peepl-small

অতিশীঘ্ৰে ১০ খন আই চি ইউ বিচনাসহসহ ১০০ খন বিচনা সংযুক্ত হ’ব মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত

PUBLISHED:

গুৱাহাটীঃ   অতিশীঘ্ৰে ১০ খন আই চি ইউ বিচনাসহসহ ১০০ খন বিচনা সংযুক্ত হ’ব মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত । এই আশ্বাস তিনিচুকীয়া জিলাৰ নৱনিযুক্ত উপায়ুক্ত পাৱাৰ নৰসিং শম্ভাজীৰ । আজি মাৰ্ঘেৰিটা মহকুমাধিপতি কাৰ্যালয় সভাকক্ষত মাৰ্ঘেৰিটা মহকুমাৰ সাংবাদিকসকলৰ উপস্থিতিত তিনিচুকীয়া জিলাৰ নৱনিযুক্ত উপায়ুক্তৰে অনুষ্ঠিত সৌজন্যমূলক সাক্ষাত তথা আলোচনাত মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ হৈ মুখপাত্ৰ মানস প্ৰতিম গগৈয়ে কৰা অনুৰোধৰ প্ৰত্যুতৰত তিনিচুকীয়া জিলাৰ নৱনিযুক্ত উপায়ুক্তই এই কথা জনায় । লগতে খুব সোনকালে ব্লাড বেংকৰ ব্যৱস্থা কৰাৰ কথাও সদৰী কৰে উপায়ুক্ত গৰাকীয়ে ।

মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ হৈ জিলা উপায়ুক্তগৰাকীক ধন্যবাদ জনোৱা হয় । লগতে তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজোতি নেওগ মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সভাপতি ৰামপ্ৰসাদ আম্বেদকাৰে দুয়োটা অনুষ্ঠানৰ মুখপত্ৰ জিলা উপায়ুক্ত পাৱাৰ নৰসিং শম্ভাজী আৰু নৱনিযুক্ত মহকুমাধিপতি পলাশ ৰাজকুমাৰ আহোম উপহাৰ হিচাপে আগবঢ়ায় । 

উল্লেখনীয় যে – মাৰ্ঘেৰিটা সাংবাদিক সংস্থাই দ্বিতীয়বাৰলৈ বিধায়ক হিচাপে নিৰ্বাচিত ভাস্কৰ শৰ্মা ডাঙৰীয়াক এখন স্মাৰক পত্ৰৰ জড়িয়তে মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়খন ৩০০ খন বিচনাযুক্ত কৰা , ব্লাড বেংকৰ ব্যৱস্থা অক্সিজেন বেংকস্থাপনকে কে ধৰি কেইবাটাও দাবী উত্থাপন কৰা হৈছিল ।

সৌহাৰ্দ আলোচনাত জিলা উপায়ুক্তৰ লগতে অতিৰিক্ত উপায়ুক্ত দিপু ডেকা মহকুমাধিপতি পলাশ ৰাজকুমাৰ আহোম মহকুমা জনসম্পৰ্কৰক্ষী বিষয়া গুৰমিত সিং কৌৰ নিৰ্বাচনী বিষয়া ত্ৰিদীপ কোঁৱৰ আদি উপস্থিত থাকে । জিলা উপায়ুক্ত গৰাকীয়ে মহকুমাটো প্ৰাকৃতিক সম্পদৰে চহকী হোৱাৰ পাছতো যিধৰণে আন্তঃগাঠনিৰ উন্নতি হ’ব লাগিছিল সেইধৰণে উন্নতি হোৱা নাই বুলি প্ৰকাশ কৰি পৰ্যায়ক্ৰমে সমস্যাসমূহ সমাধান কৰা হ’ব বুলি কয় । তেওঁ তিনিচুকীয়া জিলাৰ কভিড পৰিস্থিতিৰ বিৰুদ্ধে জিলা প্ৰশাসনে কিদৰে যুদ্ধ দিছে তেওঁ বাখ্যা দি ক্ৰমাৎ জিলাৰ পৰিস্থিতি উন্নতি হোৱাৰ কথা প্ৰকাশ কৰাৰ লগতে ৰাইজৰ সজাগতাৰ বাবে সংবাদমাধ্যমে বলিষ্ঠ ভূমিকা লোৱাৰ বাবে আহ্বান জনায় । লগতে ৰাইজৰ সচেতনতাই কভিডবিৰোধী যুঁজখন সফলত মুখ্য ভূমিকা ল’ব বুলি কয় । উপায়ুক্ত গৰাকীয়ে জিলাখনত কভিড আক্ৰান্তৰ মৃত্যুৰ হাৰ ক্ৰমাৎ হ্ৰাস পাইছে বুলি কয় । তেওঁ কভিড আক্ৰান্তই ঘৰত হোম আইশ্বলেচনত থকাতকৈ চৰকাৰী

আইশ্বলেচনত থকাটো বেছি সুৰক্ষিত বুলি কয় । তেওঁ প্ৰকাশ কৰা মতে – জিলাখনত অক্সিজেন চিলিণ্ডাৰ পৰ্যাপ্ত আছে । কভিড প্ৰটক’ল ৰক্ষা নকৰা সকলৰ বিৰুদ্ধে অধিক সক্ৰিয় হোৱাৰ বাবে আৰক্ষী প্ৰশাসনক নিৰ্দেশ দিয়া হ’ব বুলি কয় । তেওঁ মাৰ্ঘেৰিটাৰ মহকুমা আৰক্ষী বিষয়া বা তেওঁক কভিড সম্পৰ্কীয় যিকোনো বিষয় অৱগত কৰিব পাৰিব বুলি কয় ।

তেওঁ বানপানী আৰু গৰাখহনীয়া সমস্যাৰ কথাও আলোকপাত কৰে ।

RELATED ARTICLES