peepl-small

১০% পজিটিভিটীৰ জিলাক কনটেইনমেণ্ট জ’ন ঘোষণা

PUBLISHED:

গুৱাহাটী: ক’ভিড–১৯ৰ দ্রুত সংক্রমণ প্রতিৰোধকল্পে কেন্দ্রীয় গৃহ মন্ত্রালয়ে কালি জাৰি কৰা নির্দেশনাৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰে শুকুৰবাৰে সংশোধিত এছ অ’ পি প্রকাশ কৰিছে৷ এই এছ অ’ পি তাৎক্ষণিকভাৱে কার্যকৰী হোৱাৰ লগতে অহা ৭ মে’ পর্যন্ত ৰাজ্যত বলৱৎ থাকিব৷ ৰাজ্য চৰকাৰৰ মুখ্য সচিব তথা অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণৰ কার্যকৰী কমিটীৰ অধ্যক্ষ জিষ্ণু বৰুৱা স্বাক্ষৰিত এছ অ’ পিত উল্লেখ্য কৰা অনুসৰি যিবোৰ বৃহৎ ভৌগোলিক এলেকা বা মহানগৰ বা সুনির্দিষ্ট এলেকাত ক’ভিড–১৯ৰ পৰীক্ষাৰ পজিটিভিটীৰ হাৰ শেহতীয়া এসপ্তাহত ১০ শতাংশ অথবা তাতকৈ অধিক হ’ব অথবা অক্সিজেন সংলগ্ণ তথা আই চি ইউ বিছনাত ৬০ শতাংশতকৈ অধিক ৰোগী ভর্তি হ’ব, তেনে অঞ্চলসমূহক কনটেইনমেণ্ট জ’ন কৰা হ’ব৷ এই কনটেইনমেণ্ট জ’ন ঘোষণাৰ কর্তৃত্ব দিয়া হৈছে জিলা উপায়ুক্ত তথা জিলা দণ্ডাধীশসকলক৷ জনসমাৱেশৰ ক্ষেত্রতো এছ অ’ পিত গুৰুত্বপূর্ণ নির্দেশনা সন্নিৱিষ্ট কৰা হৈছে৷ সেই অনুসৰি জিলা কর্তৃপক্ষৰ অনুমতি লৈহে মুকলি অনুষ্ঠান আয়োজন কৰিব পাৰিব৷ তেনে অনুষ্ঠানসমূহত ফেচ মাস্ক পৰিধান, সামাজিক ব্যৱধান ৰক্ষা কৰা, সঘনে হাত ধোৱা আদি ব্যৱস্থা থাকিব লাগিব৷

জিলা কর্তৃপক্ষই মুঠ সক্ষমতাৰ ৫০ শতাংশ বা ৪০০জন লোকহে সমৱেত হোৱাৰ অনুমতি দিব৷ বিবাহ ভৱন বা আন বাণিজ্যিক কেন্দ্রসমূহৰ ক্ষেত্রত মুঠ বহা আসনৰ ৫০ শতাংশইহে সমৱেত হ’ব পাৰিব৷ মুকলি বা প্রেক্ষাগৃহত থিয় হোৱা দর্শকৰ সমাগম নিষিদ্ধ কৰা হৈছে৷ সেইদৰে বিবাহকে ধৰি ব্যক্তিগত অনুষ্ঠানত ১০০জন লোকৰ উপস্থিতি সীমাবদ্ধ থাকিব৷ সৎকাৰৰ বাবে ২০জনতকৈ অধিক লোক সমাৱেত হ’ব নোৱাৰিব৷ সকলো বজাৰ, ছুপাৰ মার্কেট, মল, সাপ্তাহিক বজাৰ আদি প্রতিদিনে ৬ বজাত বন্ধ হ’ব লাগিব৷ ৰেষুটৰেণ্ট, ধাবা আৰু আন ভোজনালয়সমূহত সন্ধিয়া ৬ বজালৈকেহে গ্রাহকে বহি আহাৰ গ্রহণ কৰিব পাৰিব৷ অৱশ্যে সন্ধিয়া ৮ বজালৈকে গ্রাহকে খাদ্য লৈ যাব পাৰিব৷ সাধাৰণতে স্থানীয় সময় অনুসৰি বন্ধ কৰালৈকে খাদ্যৰ হোম ডেলিভাৰীৰ অনুমতি দিয়া হৈছে৷ হোটেল–ৰিজ’ট সংলগ্ণ ৰেস্তোৰাঁসমূহে সন্ধিয়া ৬ বজালৈকে বাহিৰৰ অতিথিক আপ্যায়ন কৰিব পাৰিব৷ কিন্তু ভিতৰত থকা অতিথিক স্বাভাৱিক সময়লৈ আপ্যায়নৰ অনুমতি দিয়া হৈছে৷ ই–কমার্চৰ জৰিয়তে সামগ্রীৰ ডেলিভাৰী সন্ধিয়া ৬ বজাৰ পাছতো অব্যাহত থাকিব৷ চৰকাৰী আৰু বেচৰকাৰী খণ্ডত বিষয়া–কর্মচাৰীক ঘৰৰ পৰা কাম কৰাৰ ক্ষেত্রত উদগনি দিয়া হৈছে৷ বিষয়াসকলক বাদ দি কেৱল ৫০ শতাংশ কর্মচাৰীয়ে কার্যালয়ত কাম কৰিব৷

অৱশ্যে অত্যাৱশ্যকীয়–জৰুৰী সেৱা, নির্বাচনী কাম আদিৰ ক্ষেত্রত এই নির্দেশনা কার্যকৰী নহ’ব৷ শিক্ষানুষ্ঠানৰ উপস্থিতিৰ ক্ষেত্রত পূর্বৰ নির্দেশনাই বাহাল ৰখা হৈছে৷ সেইদৰে চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ ৰাজহুৱা পৰিবহণৰ ক্ষেত্রত অটোৰিক্সা, টেক্সিত চালকসহ দুজন যাত্রীকহে কঢ়িওৱাৰ অনুমতি দিয়া হৈছে৷ চিটীবাছ–আন্তঃৰাজ্যিক্ বাছসমূহে মুঠ আসনৰ ৫০ শতাংশ যাত্রীহে কঢ়িয়াব পাৰিব৷ প্রতিদিনে সন্ধিয়া ৮ বজাৰ পৰা পুৱা ৫ বজালৈ বলৱৎ থাকিব সান্ধ্য আইন৷ অৱশ্যে পূর্বৰ নির্দেশনাত উল্লেখ কৰাৰ দৰে জৰুৰী আৰু অত্যাৱশ্যকীয় সেৱাত নিয়োজিতসকলক ইয়াৰ পৰা ৰেহাই দিয়া হৈছে৷ নৈশ সান্ধ্য আইন উলংঘা কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্রহণ কৰাৰ কথাও নির্দেশনাটোত উল্লেখ কৰা হৈছে৷ সেই অনুসৰি যিসকল লোকে এই নির্দেশনা ভংগ কৰিব, তেওঁলোকৰ বিৰুদ্ধে দুর্যোগ ব্যৱস্থাপনা আইন–২০০৫ৰ ৫১ৰ পৰা ৬০ ধাৰাৰ লগতে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ আৰু অন্য আইনী ব্যৱস্থা কার্যকৰী হ’ব৷

অৱশ্যে নৈশ সান্ধ্য আইনৰ পৰা স্বাস্থ্য বিভাগ, সকলো স্বাস্থ্য প্রতিষ্ঠান, আৰক্ষী, কাৰাগাৰ, গৃহৰক্ষী, অসামৰিক প্রতিৰক্ষা, অগ্ণিনির্বাপক–আপদক্ সেৱা, জিলা প্রশাসন, বিদ্যুৎ, পানী–নাময়, ৰাজহুৱা পৰিবহণ, দুর্যোগ ব্যৱস্থাপনা আৰু ইয়াৰ সৈতে জড়িত সেৱা, এন আই চি, এন চি চি, পৌৰ সেৱা আদি জৰুৰী সেৱাত নিয়োজিত কেন্দ্র–ৰাজ্য চৰকাৰ, ইয়াৰ স্বায়ত্তশাসিত কার্যালয়, ৰাজহুৱা নিগমৰ বিষয়া–কর্মচাৰীসক ৰেহাই দিয়া হৈছে৷ কিন্তু তেওঁলোকে বৈধ পৰিচয়–পত্র দেখুৱাব লাগিব৷ বৈধ পৰিচয়–পত্র থকা ৰাজ্যৰ ন্যায়িক বিষয়া আৰু আদালতৰ কর্মচাৰীসকলেও নৈশ সান্ধ্য আইনৰ পৰা ৰেহাই পাব৷ চিকিৎসক, নার্ছিং ষ্টাফ, পেৰামেডিকেল ষ্টাফ আদিৰ লগতে হাস্পতাল, ডায়গনষ্টিক চেণ্টাৰ, ক্লিনিক, ফার্মাচী, ফার্মাচিইউটিকেল কোম্পনীকে ধৰি সকলো ব্যক্তিগত খণ্ডৰ চিকিৎসা কর্মীয়েও নৈশ সান্ধ্য আইন বলৱৎ থকাৰ সয়মত চলাচল কৰি থাকিব পাৰিব৷ গর্ভৱতী মহিলা আৰু চিকিৎসা–স্বাস্থ্য সেৱাৰ বাবে ৰোগীসকলকো ৰেহাই দিয়া হৈছে৷

বৈধ টিকট দেখুৱাই বিমানবন্দৰ, ৰে’ল ষ্টেচন আৰু আই এছ বি টিৰ পৰা যাত্রীসকলক অহা–যোৱাৰ অনুমতি দিয়া হৈছে৷ বিভিন্ন দেশৰ কূটনীতিবিদসকলৰ কার্যালয়ৰ বিষয়া–কর্মচাৰীসক লগতে সাংবিধানিক পদত অধিষ্ঠিত ব্যক্তিসকলেও নৈশ সান্ধ্য আইনৰ পৰা ৰেহাই পাব৷ অৱশ্যে তেওঁলোকে দেখুৱাব লাগিব বৈধ পৰিচয়–পত্র৷ বৈধ পৰিচয়–পত্র থকা বৈদ্যুতিন আৰু ছপা মাধ্যমৰ সাংবাদিকসকলকো নৈশ সান্ধ্য আইনৰ সময়ত আহ–যাহৰ অনুমতি দিয়া হৈছে৷ অত্যাৱশ্যকীয়, অনা–ত্যাৱশ্যকীয় সামগ্রীৰ আন্তঃৰাজ্যিক আৰু অন্তঃৰাজ্যিক সৰবৰাহত কোনোধৰণৰ বাধা নিষেধ নাথাকে৷ আনকি ইয়াৰ বাবে কোনোধৰণৰ পৃথক অনুমতি বা ই–পাছৰো প্রয়োজন নহ’ব৷ নির্দেশনাটোত অত্যাৱশ্যকীয় সেৱাৰে জড়িত বাণিজ্যিক আৰু ব্যক্তিগত খণ্ডৰ প্রতিষ্ঠানৰ লোকৰ আহ–যাহ সম্পর্কত বিশেষভাৱে স্পষ্ট কৰি দিয়া হৈছে৷ সেই অনুসৰি খাদ্যবস্তু, গেলামাল, ফলমূল, শাক–পাচলি, গাখীৰ, মাছ–মাংস, ঔষধ আদিৰে জড়িত লোকসকলক নৈশ সান্ধ্য আইনৰ সময়তো আহ–যাহৰ অনুমতি দিয়া হৈছে৷

বেংক, বীমা কার্যালয়, এ টি এমৰে জড়িতসকলেও নৈশ সান্ধ্য আইনৰ পৰা ৰেহাই পাব৷ ইণ্টাৰনেট, টেলিকমিউনিকেচন, ব্রডকাষ্টিং, কেবল সেৱা, তথ্য–প্রযুক্তি আৰু ইয়াৰ সৈতে জড়িতসকলেও ৰেহাই পাব নৈশ সান্ধ্য আইনৰ পৰা৷ ই–কমার্চৰ জৰিয়তে খাদ্য, ঔষধ, চিকিৎসা সামগ্রীকে ধৰি সকলো অত্যাৱশ্যকীয় বয়বস্তুৰ ডেলিভাৰী অব্যাহত থাকিব৷ পেট্র’ল পাম্প, ৰন্ধন গেছ, চি এন জি, পেট্র’লিয়াম–গেছৰ বিক্রী আৰু মজুতকৰণ আউটলেটসমূহৰ সেৱাও অব্যাহত থাকিব৷ বিদ্যুৎ উৎপাদন, সংবহন আৰু বিতৰণ ইউনিট তথা সেৱাসমূহকো নৈশ সান্ধ্য আইনৰ পৰা ৰেহাই দিয়া হৈছে৷ একেদৰে শীতল ভঁৰাল, গুদাম, ব্যক্তিগত নিৰাপত্তা সেৱা, অত্যাৱশ্যকীয় সামগ্রীৰ প্রস্তুতকৰণ, উৎপাদন সেৱা আদিও চলি থাকিব৷ নৈশ সান্ধ্য আইন বলৱৎ থাকিলেও ক’ভিড–১৯ প্রতিষেধক ল’বলগীয়াসকলক আহ–যাহৰ অনুমতি দিয়া হৈছে৷ উল্লেখ্য যে যোৱা ২৭ এপ্রিলত তাৎক্ষণিকভাৱে কার্যকৰী হোৱাকৈ জাৰি কৰা এছ’পিত অহা ১ মে’লৈ পাঁচদিন ৰাজ্যত নৈশ সান্ধ্য আইন বলৱৎ কৰা হৈছিল৷ কিন্তু আজিৰ সংশোধিত এছ’পিৰ লগে লগে এই নৈশ সান্ধ্য আইন ৭ মে’ পর্যন্ত বাহাল থাকিব৷

RELATED ARTICLES