peepl-small

১ লাখ যুৱক-যুৱতীক দিয়া হ’ব চাকৰি বিধানসভাত মুখ্যমন্ত্ৰী ড০ শৰ্মা

PUBLISHED:

গুৱাহাটীঃ   আজি বিধানসভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে ১ লাখ চাকৰি গণি গণি দিম আৰু নিযুক্তি দিয়া দিনাখন বিৰোধী দলৰ দলপতিকো উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনাম।এক লাখতকৈ এটাও কম নহয় বৰঙ এটা বেছিকেহে চাকৰি দিম।

আনহাতে মাইক্ৰফাইনেঞ্চ লোন সন্দৰ্ভত মাইক্ৰফাইনেঞ্চ লোন মাফ কৰিম লাগিলে আমি দৰমহা নলও। কাৰণ অসমৰ জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিম।

মন কৰিবলগীয়া যে ৰাজ্যত নিযুক্তিৰ ক্ষেত্রত ইতিহাস সৃষ্টি কৰি বিজেপি নেতৃত্বাধীন ৰাজ্য প্ৰথম চৰকাৰখনে যোৱা ৫ ফেব্ৰুৱাৰীৰ দিনটোতে ২৯,৭০১গৰাকী শিক্ষকক প্রদান কৰিলে নিযুক্তি–পত্র৷ সৰুসজাই ষ্টেডিয়ামত চৰকাৰৰ এই সর্ববৃহৎ নিযুক্তি সমাৰোহত ১৬,৮৪৮গৰাকী শিক্ষকক প্রাদেশিকীৰণৰ জৰিয়তে আৰু ১৩,২১৭গৰাকী টেট উত্তীর্ণক মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আনুষ্ঠানিকভাৱে নিযুক্তি–পত্র বিতৰণ কৰিছিল৷

উল্লেখ্য যে অসমত বিজেপিৰ নেতৃত্বত পুনৰ চৰকাৰ হ’লে প্রথম বছৰটোতে এক লাখক চাকৰি আৰু পাঁচ বছৰত ১০ লাখ যুৱক–যুৱতীক জীৱিকাৰ ব্যৱস্থা কৰি দিয়াৰ প্রতিশ্রুতি দিছিল ড০ হিমন্ত বিশ্ব শর্মাই৷

RELATED ARTICLES