peepl-small

বিধানসভাত ঐতিহাসিক গো–সুৰক্ষা বিধেয়ক উত্থাপন মুখ্যমন্ত্রীৰঃ গো–মাংস বিক্রী–সৰবৰাহত নিষেধাজ্ঞা

PUBLISHED:

  •  গো–মাংস নোখোৱা অঞ্চল–মন্দিৰৰ ৫ কিলোমিটাৰ ব্যাসার্ধত বিক্রী বন্ধ
  • অসমক গো–ধন সৰবৰাহ কৰা কৰিড’ৰ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব
  • একমাত্র কৃষিকার্যৰ বাবেহে হ’ব গৰুৰ ক্রয়–বিক্রয়
  • আইন অমান্যকাৰীৰ ৩ৰ পৰা ৮ বছৰলৈ হ’ব কাৰাদণ্ড

গৰুৰ চোৰাং বেহা আৰু গো–মাংস বিক্রীৰ নিষেধাজ্ঞাৰে অসম বিধানসভাত উত্থাপন হ’ল গো–সুৰক্ষা বিধেয়ক৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বাজেট অধিৱেশনৰ প্রথম দিনটোতে ‘দ্য আছাম কেটল প্রিজাৰভেচন বিল ২০২১’ উত্থাপনৰ জৰিয়তে চৰকাৰৰ বিনা অনুমতিত গো–মাংস বিক্রী আৰু গৰুৰ কিনা–বেচাত নিষেধাজ্ঞা জাৰি কৰিছে৷

বিজেপি নেতৃত্বাধীন চৰকাৰখনে দায়িত্ব গ্রহণৰ পাছতেই গো–সুৰক্ষাৰ বাবে এখন আইন বলৱৎ কৰা হ’ব বুলি ইতিপূর্বে ঘোষণা কৰিছিল মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ বিশেষকৈ নামনি অসমৰ সীমামূৰীয়া জিলাকেইখনত ব্যাপক হাৰত চলি থকা গৰুৰ চোৰাং বেহা প্রতিৰোধৰ ক্ষেত্রত এখন শক্তিশালী আইনৰ প্রয়োজনীয়তাৰ কথা দোহাৰিছিল মুখ্যমন্ত্রীগৰাকীয়ে৷

সেই অনুসৰিয়েই সোমবাৰে বিধানসভাত উত্থাপন কৰা হ’ল গো–সুৰক্ষা বিধেয়ক৷ এই আইনৰ জৰিয়তে গো–ধনৰ সুৰক্ষা দিয়াই নহয়, চোৰাং বেহা আৰু অবৈধ গৰুৰ মাংস বিক্রী কৰা লোকৰ ক্ষেত্রত কঠোৰ শাস্তি প্রদানৰ দিহা কৰা হৈছে৷ সেই অনুসৰি এই আইন ভংগ কৰোঁতাক ৩ বছৰৰ পৰা ৮ বছৰলৈ কাৰাদণ্ড আৰু ৩ লাখৰ পৰা ৫ লাখ টকাকৈ জৰিমনা বিহা হ’ব৷

সোমবাৰে উত্থাপন হোৱা বিধেয়কখনৰ চাৰি নং ধাৰাত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে কোনো লোকে অনুমতি অবিহনে গো–মাংস বিক্রী অথবা গৰুৰ ব্যৱসায় কৰিব নোৱাৰিব৷ আনহাতে, বিধেয়কখনৰ ৭নং ধাৰাত প্রতিবন্ধকতাসমূহ স্পষ্টকৈ উল্লেখ কৰি আঙুলিয়াই দিয়া হৈছে যে অসমক গৰু সৰবৰাহৰ কৰিড’ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ দিয়া নহ’ব৷ কেৱল কৃষিকার্যত ব্যৱহাৰ কৰাৰ বাবেহে অনুমতি সাপেক্ষে গৰু বিক্রী বা সৰবৰাহ কৰিব পাৰিব৷

ইফালে, বিধেয়কখনৰ ৮নং ধাৰাত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে কোনো ব্যক্তিয়ে প্রত্যক্ষ বা পৰোক্ষভাৱে গো–মাংস বিক্রী অথবা ক্রয় কৰিব নোৱাৰিব৷ অনুমতি লৈহে মাংস বিক্রী সম্ভৱ হ’ব৷ সমান্তৰালভাৱে গো–মাংস নোখোৱা অথবা হিন্দু, জৈন, শিখ আদি ধর্মৰ লোক বসবাস কৰা ঠাইসমূহৰ লগতে মন্দিৰ, সত্র অথবা কোনো ধর্মীয় অনুষ্ঠানৰ পাঁচ কিলোমিটাৰ ব্যাসার্ধত গো–মাংস বিক্রী কৰিব নোৱাৰিব৷ এইক্ষেত্রত ৰাজ্য চৰকাৰে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ জৰিয়তে এজন বিষয়াক নিয়োগ কৰিব, যিয়ে গো–মাংস বিক্রীৰ ক্ষেত্রত অনুমতি প্রদান কৰিব পাৰিব৷

উল্লেখ্য যে গো–সুৰক্ষা বিধেয়ক উত্থাপনৰ পাছতেই  বিৰোধী ৰাজনৈতিক দলসমূহে বিধেয়কখনক লৈ সৰৱ হৈ পৰিছে৷ এ আই ইউ ডি এফৰ বিধায়ক ৰফিকুল ইছলামে বিধেয়কখনৰ বিৰোধিতা কৰি মন্তব্য কৰিছে যে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে একপক্ষীয়ভাৱে গো–মাংস বিক্রী অথবা গৰুৰ বেহাৰ ওপৰত আইন আনিব নোৱাৰে৷ উত্তৰ–পূবৰ ৰাজ্যসমূহত গো–মাংসৰ ব্যাপক প্রচলন হয়৷ ইয়াৰ বাবে অসমৰ মাজেৰেই গৰু সৰবৰাহ কৰা হয়৷ উত্থাপিত বিধেয়কখনে এই দিশত কিদৰে প্রতিবন্ধকতা আনিব৷

আনহাতে, সোমবাৰে বিধানসভাত মুখ্যমন্ত্রী ড০ শর্মাৰ দ্য বেংগল, আগ্রা এণ্ড আছাম চিভিল ক’টছ (আছাম এমেণ্ডমেণ্ট) বিল ২০২১ উত্থাপন কৰে বিত্তমন্ত্রী অজন্তা নেওগে৷ দ্য আছাম গোটছ এণ্ড ছার্ভিচ টেক্স (এমেণ্ডমেণ্ট) বিল ২০২১, দ্য আছাম ফিছ স্কেল ৰেচপনচিবিলিটী এণ্ড বাজেট মেনেজমেণ্ট (এমেণ্ডমেণ্ট) বিল আৰু মন্ত্রী অশোক সিংঘলে দ্য আছাম মিনিচিপাল (এমেণ্ডমেণ্ট) বিল ২০২১ উত্থাপন কৰে৷

RELATED ARTICLES