peepl-small

৭ বছৰৰ পৰিৱর্তে টেট উত্তীর্ণৰ প্রমাণ–পত্রৰ বৈধতা হ’ব জীৱনজোৰা

PUBLISHED:

গুৱাহাটীঃ টেট উত্তীর্ণসকলৰ বাবে সুখবৰ কঢ়িয়াই বুধবাৰে ৰাজ্যিক কেবিনেটে টেট প্রমাণ–পত্রৰ ম্যাদ জীৱনজোৰা কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেবিনেট বৈঠকত টেট উত্তীর্ণসকলৰ প্রমাণ–পত্র ৭ বছৰৰ পৰিৱর্তে জীৱনজোৰা কৰাৰ লগতে প্রার্থীসকলে নিজৰ ফলাফল উন্নত কৰাৰ বাবে পুনৰ পৰীক্ষাত অৱতীর্ণ হ’ব পাৰিব বুলিও বুধবাকে কেবিনেটে সিদ্ধান্ত লয়৷ অৱশ্যে চাকৰিৰ বাবে আবেদন জনোৱাৰ ক্ষেত্রত বয়সৰ ঊর্ধ্বসীমা প্রযোজ্য হৈ থাকিব৷ বুধবাৰে কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ সদৰী কৰি মন্ত্রী পীয়ূষ হাজৰিকা, ডাঃ ৰণোজ পেগু আৰু বিমল বৰাই প্রকাশ কৰে যে প্রতিবছৰে দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যুদিৱস ২৮ জুলাইৰ দিনটো দেশভক্তি দিৱস হিচাপে উদ্যাপন কৰাৰ সিদ্ধান্ত লয়৷ এই দিনটোত ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত প্রতিখন জিলাতে আৰু ৰাজ্যিক পর্যায়ত বর্ণাঢ়্য কার্যসূচীৰে এই দিৱস পালন কৰা হ’ব৷

কেবিনেটে প্রতিবছৰে অসমৰ প্রথম মুখ্যমন্ত্রী গোপীনাথ বৰদলৈৰ মৃত্যুদিৱস ৫ আগষ্টৰ দিনটো কর্মচাৰী দিৱস ৰূপে পালন কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ সেই দিৱসৰ সৈতে সংগতি ৰাখি কর্মক্ষেত্রত দক্ষতা আৰু পাৰদর্শিতা প্রদর্শন কৰা ৫জনকৈ কর্মচাৰীক জিলা পর্যায়ত আৰু ১০জন কর্মচাৰীক ৰাজ্যিক পর্যায়ত পুৰস্কৃত কৰাৰ সিদ্ধান্ত লয়  কেবিনেটে৷ অৱশ্যে এই বাছনি প্রক্রিয়া ৰাজপত্রিত বিষয়াসকলক সামৰি লোৱা নহ’ব৷ পুৰস্কাৰপ্রাপ্ত কর্মচাৰীসকলৰ চাকৰিৰ কার্যকাল এবছৰলৈ বৃদ্ধি কৰাৰো সিদ্ধান্ত লয় কেবিনেটে৷

আনহাতে, এই কেবিনেটে এতিয়াৰে পৰা কার্যকৰী হোৱাকৈ ৰাজ্যখনৰ সকলো চৰকাৰী কার্যসূচী তথা বৈঠক জাতীয় সংগীতেৰে আৰম্ভ কৰিবলৈ সিদ্ধান্ত লয়৷ তদুপৰি জাতীয় সংগীতেৰে আৰম্ভ হোৱা কার্যসূচীসমূহৰ অন্তত ৰাষ্ট্রীয় সংগীতেৰে সামৰণি পৰিব৷ এই কেবিনেটে এতিয়াৰে পৰা প্রতিখন চৰকাৰী সভা, অনুষ্ঠান অসমৰ শিপিনীৰ হাতে বোৱা গামোচা ব্যৱহাৰ কৰাৰ বাবে সিদ্ধান্ত লয়৷ এনে চৰকাৰী সভা, অনুষ্ঠানসমূহত পৰম্পৰাগত খাদ্য ব্যৱহাৰ কৰা হ’ব৷ বিশেষকৈ ৰাজ্যখনৰ আত্মসহায়ক মহিলা গোটসমূহে যাতে থলুৱাভাৱে প্রস্তুত কৰা খাদ্য বিক্রীৰ সুবিধা লাভ কৰে, এই উদ্দেশ্যে কেবিনেটে বুধবাৰে সিদ্ধান্ত গ্রহণ কৰে৷

বুধবাৰে বৈঠকতে যিসমূহ জিলাত সম্পূর্ণ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে, সেই জিলাসমূহত সংশ্লিষ্ট অভিভাৱক মন্ত্রী আৰু সচিবসকলে আজি পৰা তিনি দিনৰ বাবে উক্ত জিলাসমূহ ভ্রমণ কৰি ক’ভিড পৰিস্থিতি পর্যবেক্ষণ কৰিব আৰু প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰিব৷ এই কেবিনেট বৈঠকতেই বিদ্যুতৰ বিল চৰকাৰী কর্মচাৰীসকলে সময়মতে প্রদান কৰাটো বাধ্যতামূলক কৰাৰ লগতে বিদ্যুৎ বিল প্রদান কৰাৰ এন অ’ চি নিদিলে কর্মচাৰীৰ দৰমহা কর্তনৰ সিদ্ধান্ত লয়৷ জুলাই মাহলৈকে ৰাজ্যৰ কর্মচাৰীয়ে বিদ্যুৎ বিল পৰিশোধ কৰি এন অ’ চি ল’ব লাগিব৷ অৱশ্যে আগষ্ট মাহৰ পৰা দৰমহা প্রাপ্তিৰ বাবে বিদ্যুৎ বিল পৰিশোধৰ এন অ’ চিৰ প্রয়োজন হ’ব৷

RELATED ARTICLES