peepl-small

শিল্পী অৰুণ দাসৰ কাষত ৰাজ্য চৰকাৰ, ১ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান

PUBLISHED:

গুৱাহাটী: শিল্পী অৰুণ দাসৰ কাষত ৰাজ্য চৰকাৰ। ক’ভিডত আক্ৰান্ত হৈ থকা শিল্পীগৰাকী মঙলবাৰে সুস্থ হৈ ঘৰলৈ উভতি আহে।

বুধবাৰে শিল্পী অৰুণ দাসৰ সৰুমটৰিয়াস্থিত বাসগৃহত উপস্থিত হয় সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা। শিল্পীগৰাকীৰ বাসগৃহত উপস্থিত হৈ ১ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে মন্ত্ৰী বিমল বৰাই।

মন্ত্ৰীগৰাকীয়ে সংবাদমাধ্যমৰ আগত কয়, “শিল্পী অৰুণ দাস দাঙৰীয়া বহুদিনৰ পৰা বিভিন্ন ৰোগত আক্ৰন্ত হৈ আছে। কালি সেই বিষয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৱজ্ঞত হৈ মোক শিল্পী অৰুণ দাসৰ চিকিৎসা সাহাৰ্য নামত  ১ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰাৰ নিৰ্দেশ দিয়ে। আজি মই নিজেই শিল্পীগৰাকীৰ বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হৈ এই চেকখন প্ৰদান কৰো।”

 

RELATED ARTICLES

RECENT ARTICLES