গুৱাহাটীঃ বাজেট অধিৱেশনৰ প্ৰথমটো দিনত অসম বিধানসভাৰ মজিয়াত উত্থাপন হয় অসম গো সুৰক্ষা বিধেয়ক ২০২১।
সদনৰ অনুমতিমৰ্মে বিধেয়কখন উত্থাপন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
বিধেয়কখনৰ জৰিয়তে গো সুৰক্ষাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ পদক্ষেপ লোৱা হৈছে।
উল্লেখ্য যে ভাৰতীয় জনতা পাৰ্টিয়ে নিৰ্বাচনী প্ৰচাৰৰ কালছোৱাৰে পৰা গো সুৰক্ষাৰ হকে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আশ্বাস দি আহিছিল।